পাৰ্লাৰলৈ যোৱা মহিলাসকল সাৱধান হওঁক, অন্যথা বিপদ নিশ্চিত

চকু দুটা অধিক আকৰ্ষণীয় তথা ধুনীয়া কৰি তুলিবলৈ অধিকাংশ মহিলাই থ্ৰেডিং কৰে। কিন্তু, যদি সাৱধান নহয়, তেন্তে থ্ৰেডিং কৰি আপুনি ৰোগীয়া হ'ব পাৰে। হয়, শেহতীয়াকৈ এক আচৰিত খবৰ পোহৰলৈ আহিছে।

author-image
সংগীতা দাস
New Update
থ্ৰেডিং seo

ডিজিটেল ডেস্ক: চকু দুটা অধিক আকৰ্ষণীয় তথা ধুনীয়া কৰি তুলিবলৈ অধিকাংশ মহিলাই থ্ৰেডিং কৰে। কিন্তু, যদি সাৱধান নহয়, তেন্তে থ্ৰেডিং কৰি আপুনি ৰোগীয়া হ'ব পাৰে। হয়, শেহতীয়াকৈ এক আচৰিত খবৰ পোহৰলৈ আহিছে। থ্ৰেডিং কৰাৰ ফলত এগৰাকী মহিলা গুৰুতৰ লিভাৰৰ ৰোগত আক্ৰান্ত হৈছে।

Advertisment

প্ৰকৃততে, এগৰাকী চিকিৎসকে ছ’চিয়েল মেডিয়াত এই বিষেয় উল্লেখ কৰিছে। ডাঃ অদিতিজ ধমিজা নামৰ চিকিৎসকগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি সকলো মহিলাক সৌন্দৰ্যচৰ্চাত সাৱধান হ’বলৈ আহ্বান জনাইছে। মহিলাগৰাকীয়ে ভিডিঅ’টোত কৈছে, 'শেহতীয়াকৈ মোৰ এটা অতি আচৰিত অভিজ্ঞতা হ’ল। এগৰাকী খুব ভাগৰুৱা ২৮ বছৰীয়া যুৱতী বমি আৰু হালধীয়া চকুৰ লক্ষণ লৈ মোৰ ওচৰলৈ আহিছিল। তেজ পৰীক্ষাৰ পাছত তেওঁৰ লিভাৰৰ বিসংগতি ধৰা পৰে। গোটেই ঘটনাটো ভালকৈ পৰীক্ষা-নিৰীক্ষা কৰি দেখা গ’ল যে, যুৱতীগৰাকীৰ লিভাৰৰ এই ৰোগ থ্ৰেডিং কৰাৰ ফলত হৈছে। সাধাৰণতে কোৱা হয় যে, মদ্যপান আৰু অত্যধিক ঔষধ সেৱনে লিভাৰৰ ক্ষতি কৰে, কিন্তু যুৱতীগৰাকীৰ এনে কোনো অভ্যাস নাছিল। তেওঁৰ লিভাৰ বেয়া হোৱাৰ কাৰণ আছিল থ্ৰেডিঙত ব্যৱহাৰ কৰা সূতা। যুৱতীগৰাকীয়ে থ্ৰেডিং কৰিবলৈ যোৱা পাৰ্লাৰখনত যি সূতা ব্যৱহাৰ কৰা হৈছে, সেই সূতাই হৈছে এই ৰোগৰ কাৰণ। পাৰ্লাৰত একেদাল সূতাই বহু গ্ৰাহকৰ থ্ৰেডিং কৰাত ব্যৱহাৰ কৰা হৈছে। থ্ৰেডিঙ কৰোতে ছাল সৰু সৰুকৈ কাটি যাৰ, ফলত সূতাডালত তেজ লাগে। সেই সূতাই আন গ্ৰাহকক থ্ৰেডিং কৰোতে ব্যৱহাৰ কৰাৰ ফলত সংক্ৰমিত তেজৰ জৰিয়তে এই ৰোগ বিয়পিছে। এইগৰাকী ৰোগীৰ থ্ৰেডিং কৰোতে সূতাৰে কাটি যোৱাৰ চিন স্পষ্ট হৈ আছে।' 

আন বহু ৰোগৰ আশংকা বৃদ্ধি

চিকিৎসকৰ মতে, মাইক্ৰ’ কাটৰ ফলত তেজজনিত ৰোগ হ’ব পাৰে। ইয়াৰ পৰা হেপাটাইটিছ বি, হেপাটাইটিছ চি আনকি এইচ আই ভিও সংক্ৰমিত হ’ব পাৰে। এইবোৰ বিপদজনক আৰু জীৱন সংকটজনক ৰোগ, যিয়ে মানুহৰ প্ৰাণো ল’ব পাৰে। সেয়েহে, ইয়াৰ লক্ষণবোৰক সহজভাৱে লোৱাটো উচিত নহয়। 

পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি সচেতন হওঁক

ঘৰতে থাকক বা পাৰ্লাৰলৈয়ে যাওঁক, মৌলিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ যত্ন ল’ব। নুন্যতম পৰিষ্কাৰ-পৰিচ্ছন্নতা পালন নকৰা এনে পাৰ্লাৰলৈ যোৱাৰ পৰা বিৰত থাকিব। থ্ৰেডিং কৰোতে সদায় নতুন সূতা ব্যৱহাৰ কৰিব।