দৈনিক খাবলৈ আৰম্ভ কৰক এই ৩ বিধ ফল

মুখৰ ছালখন উজ্জ্বল তথা নিখুঁট হোৱাটো প্ৰতিগৰাকী মহিলাৰে কাম্য।কিন্তু বৰ্ধিত বয়সৰ সৈতে আমাৰ ছালখনত সূক্ষ্ম ৰেখা, ছাল কোঁচ খোৱাকে ধৰি অসংখ্যা সমস্যাই দেখা দিয়ে।ছালৰ যত্নৰ বাবে মহিলাসকলে বহু নামী-দামী প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেও বয়স বৃদ্ধিৰ লক্ষণবোৰ দৃশ্যমান হৈ পৰে।

author-image
Asomiya Pratidin
New Update
দৈনিক খাবলৈ আৰম্ভ কৰক এই ৩ বিধ ফল

ডিজিটেল ডেস্ক: মুখৰ ছালখন উজ্জ্বল তথা নিখুঁট হোৱাটো প্ৰতিগৰাকী মহিলাৰে কাম্য।কিন্তু বৰ্ধিত বয়সৰ সৈতে আমাৰ ছালখনত সূক্ষ্ম ৰেখা, ছাল কোঁচ খোৱাকে ধৰি অসংখ্যা সমস্যাই দেখা দিয়ে।ছালৰ যত্নৰ বাবে মহিলাসকলে বহু নামী-দামী প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰিলেও বয়স বৃদ্ধিৰ লক্ষণবোৰ দৃশ্যমান হৈ পৰে। কিন্তু যদি আপুনি ৩০ বছৰৰ পিছত কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰে, তেনেহ'লে বয়সে আপোনাৰ ছালত ধৰা দিব নোৱাৰে।হয়, মাত্ৰ তিনিবিধ ফল খায়েই আপুনি আপোনাৰ ছালখনক চিৰ যৌৱনপ্ৰাপ্ত কৰি ৰাখিব পাৰে। এই তিনিবিধ ফল হৈছে-

কল

কলক ছালৰ বাবে এক আশীৰ্বাদ বুলি গণ্য কৰা হয়।কল পটাছিয়াম সমৃদ্ধ হোৱাৰ লগতে ইয়াত মেগনেছিয়ামো যথেষ্ট ভাল পৰিমাণত পোৱা যায়। কলক এক অতি ভাল এণ্টি-এজিং ফল বুলিও গণ্য কৰা হয়। ই ছালৰ কোষবোৰ হাইড্ৰেটেড ৰাখে, যিয়ে ছাল স্বাস্থ্যৱান কৰি ৰাখে। 

কিৱি 

কিৱিত পোৱা ভিটামিন-চিয়ে ছালখনক টান কৰি ৰাখে।কিৱি খালে বয়স বৃদ্ধিৰ প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে। যদি আপুনি দৈনিক কিৱি খায় থাকে, ই ছালৰ যৌৱন অক্ষুন্ন ৰখাত সহায় কৰে।

অমিতা 

অমিতাত ভিটামিন-চিৰ লগতে লাইকোপেন নামৰ এণ্টিঅক্সিডেণ্ট থাকে। যিয়ে ছালৰ ওপৰত মুক্ত ৰেডিকেলৰ প্ৰভাৱ হ্ৰাস কৰে।ইয়াৰ ফলতেই আমাৰ ছালখন উজ্জ্বল আৰু সৰু দেখায়।তদুপৰি, অমিতাত পোৱা এণ্টিঅক্সিডেণ্টবোৰে ছালৰ স্থিতিস্থাপকতা উন্নত কৰে, যিয়ে ছাল কোঁচ খোৱা সমস্যা  হ্ৰাস কৰাত আমাক সহায় কৰে।

Also Read: ছালৰ অধিকাংশ সমস্যাই সমাধান কৰে কেঁচা গাখীৰে