ডিজিটেল ডেস্ক: প্ৰেমত পৰিলে মানুহে কি কৰিব নোৱাৰে ! শেহতীয়াকৈ ব্যতিক্ৰম ভাৱে পত্নী প্ৰেমৰ পৰিচয় দি চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তি। তেওঁৰ নাম জামাল আল নাদকৰ। জামাল ডুবাইৰ এজন আগশাৰীৰ ব্যৱসায়ী।
কোটিপতি জামালে তেওঁৰ পত্নীৰ বাবে এটা দ্বীপ ক্ৰয় কৰিছে। প্ৰকৃততে, তেওঁৰ পত্নী সৌদি আল নাদকে বিকিনি পিন্ধি কিছু আচুতীয়া সময় অতিবাহিত কৰাৰ মন মেলিছিল।পত্নীৰ এই ইচ্ছা পূৰণ কৰিবলৈ জামালে কিনি পেলালে এটা দ্বীপ।আন ঠাইত হেনো বিকিনিৰ সৈতে তেওঁৰ পত্নীক অসুৰক্ষিত। সাগৰৰ পাৰত পত্নীয়ে বিকিনি পিন্ধি সুৰক্ষিত হৈ প্ৰতিটো পল যাতে উপভোগ কৰিব পাৰে, সেয়েহে পত্নীৰ বাবে জামালে ক্ৰয় কৰিলে এই দ্বীপটো। ৫০ নিযুত ডলাৰত তেওঁ এই দ্বীপটো ক্ৰয় কৰিছে ।
হয়, এই বিষয়ে সদৰি কৰি সৌদি আল নাদকে ইনষ্টাগ্ৰামত এটা প’ষ্ট কৰিছে।ইয়াৰ পাছতে স্বাভাৱিকভাৱেই এই বিষয়টোয়ে সীমাহীন চৰ্চা লাভ কৰিছে। অৱশ্যে, গোপনীয়তা আৰু সুৰক্ষাৰ কাৰণত দ্বীপটোৰ সঠিক অৱস্থান প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰে জামালৰ পত্নী সৌদিয়ে।
এই খবৰ বিয়পি পৰাৰ পাছতে ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন মন্তব্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।অধিকাংশই জামালৰ এই পত্নী প্ৰেমক শলাগ লৈছে।বহুতেই আকৌ ইয়াক ‘ধনী মানুহৰ খেল’ বুলিহে অভিহিত কৰিছে।