/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/3bc89796-7923-4600-b9bb-3555ab7f89fe/AP_FOR_WEB_dog.jpg)
ডিজিটেল ডেস্ক: শেহতীয়াকৈ ছ’চিয়েল মেডিয়াত এটা অতি আকৰ্ষণীয় ভিডিঅ’ ভাইৰেল হৈছে। ভিডিঅ’টোত এটা পোহনীয়া কুকুৰে গানৰ সুৰৰ লগত সুৰ মিলাইছে।হয়, আচৰিত যেন লাগিলেও ই একেবাৰেই সত্য।ভিডিঅ’টো চকুৰে দেখিলে আপুনিও নিশ্চিতভাৱেই আকৰ্ষিত হ’ব।
ভিডিঅ’টোত দেখা পোৱা মতে, এঘৰৰ ছ’ফাত এটা পোহনীয়া কুকুৰ শুই আছে। কাষতে থকা টিভিটোত এটাৰ পাছত আন এটা গান বাজি আছে।কুকুৰটোয়ে সেই গান সমূহ শুই শুই শুনি আছিল যদিও হঠাতে অৰিজিত সিঙৰ জনপ্ৰিয় ‘তুঝে কিটনা চাহনে লগে হম’ গানটো বজাৰ লগতে লগতে কুকুৰটো শোৱাৰ পৰা উঠি গানটোৰ লগে লগে সুৰ মিলাবলৈ ধৰে।
এই ভিডিঅ'টো @sachkadwahai নামৰ ইনষ্টাগ্ৰাম পেজটোত প’ষ্ট কৰা হৈছে।ইয়াৰ পাছতেই ভিডিঅ’টো সকলো ছ’চিয়েল নেটৱৰ্কিং ছাইটত ভাইৰেল হৈ পৰে।কুকুৰটোৰ এই কাণ্ড দেখি স্বাভাৱিকভাৱেই ছ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।একাংশই কুকুৰটোক ‘স্মাৰ্ট’ আখ্যা দিয়াৰ লগতে আন একাংশই কৌতুকধৰ্মী মন্তব্য প্ৰকাশ কৰিছে।
Also Read: আচৰিত ! জ্যোতিষীয়ে মৃত্যুৰ ভৱিষ্যতবাণী কৰাৰ পাছতেই মৃত্যুক আকোৱালি ল’লে মহিলাই