অন্যথা ম্লান পৰিব আপোনাৰ সৌন্দৰ্য

অন্যথা ম্লান পৰিব আপোনাৰ সৌন্দৰ্য
Published on
Updated on

ডিজিটেল ডেস্ক: দৈনিক গা ধোৱাটোৱে শৰীৰটো পৰিস্কাৰ কৰাৰ লগতে বহু ৰোগৰ পৰা আমাক বচাই ৰাখে। কিন্তু বহুসময়ত গা ধোৱাৰ পিছত আমি কিছুমান ভুল কৰো, যিয়ে আমাৰ ছাল আৰু চুলিৰ যথেষ্ট ক্ষতি কৰে। গা ধুই উঠি কৰা কিছুমান ভুলে আমাৰ সৌন্দৰ্য হানি কৰিব পাৰে।ধুনীয়া তথা আকৰ্ষণীয় হৈ থাকিবলৈ যিহেতু আমি সকলোয়েই বিচাৰো, সেয়েহে সৌন্দৰ্য অটুট ৰাখিবলৈ গা ধুই কি কাম কৰাটো অনুচিত, আজি জানো আহক-

টাৱেলৰে মুখ ঘঁহা

গা ধুই উঠি গামোচা বা টাৱেলৰে মুখত অত্যাধিক জোৰেৰে ঘঁহিলে ছালৰ ক্ষতি হয়।সেয়েহে, মুখখনক সুৰক্ষিত কৰিবলৈ টাৱেলৰে ঘঁহি দিয়াৰ সলনি লাহে লাহে চাপৰি মাৰি আপুনি মুখখন শুকুৱাব। 

তিতা চুলি ঘঁহি থকা 

বহু মহিলাই গামোচা বা টাৱেলৰে টানি টানি চুলি শুৱাবলৈ চেষ্টা কৰে।কিন্তু এনে কৰাৰ ফলত চুলি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে মানদণ্ডও হ্ৰাস হয়।সেয়েহে, এনে নকৰি চুলিখিনিক প্ৰাকৃতিকভাৱে শুকাবলৈ দিব। চুলি সদায় ভালদৰে শুকুৱাই লৈহে ফণী ব্যৱহাৰ কৰিব।  

চুলিত টাৱেল মেৰিয়াই থোৱা

গা ধুই উঠি চুলিত গামোচা বা টাৱেল মেৰিয়াই থোৱাটো বহুতৰে অভ্যাস।এনে কৰাৰ ফলত টাৱেলত চুলি পাক খাই ছিঙিবলৈ আৰম্ভ কৰে আৰু চুলিৰ গুৰিও দুৰ্বল হয়।সেয়েহে, এনে কৰাৰ পৰিৱৰ্তে চুলিখিনিক প্ৰাকৃতিকভাৱেই শুকাবলৈ দিব। 

কেৱল মুখমণ্ডলৰ পৰিচৰ্যা

গা ধোৱাৰ পিছত গোটেই শৰীৰটো শুকান হৈ পৰে যদিও আমি কেৱল মুখখনতহে ক্ৰীম বা লোচন ব্যৱহাৰ কৰো। কিন্তু মুখৰ লগতে গোটেই শৰীৰৰ ছালৰে যত্ন লোৱাটো খুবেই জৰুৰী।

ময়েশ্চাৰাইজাৰৰ ব্যৱহাৰ 

বেছিভাগ লোকেই গা ধোৱাৰ পিছত ছালত ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থসমৃদ্ধ ময়েশ্চাৰাইজাৰ আৰু ক্ৰীম প্ৰয়োগ কৰে, কিন্তু ই ছালৰ ক্ষতি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে, আপুনি ছালখন ময়েশ্চাৰাইজ কৰিবলৈ তিল তেল ব্যৱহাৰ কৰিব পাৰে। এই তেল সকলো ধৰণৰ ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কেৱল ৪-৫ টোপাল তিল তেল লৈ আপুনি ছালখন মালিচ কৰিব পাৰে।

অন্যথা ম্লান পৰিব আপোনাৰ সৌন্দৰ্য
ছাল-চুলি নষ্ট হৈ ম্লান হৈ পৰিব আপোনাৰ সৌন্দৰ্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in