Advertisment

আঁতৰিব সকলো সমস্যা, সুখৰ হ’ব জীৱন

হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো ঈশ্বৰৰ বাবে উৎসৰ্গা কৰা হয়।সেই অনুসৰি, বুধবাৰৰ দিনটো ভগৱান গণেশৰ দিন বুলি গণ্য কৰা হয়।বিশ্বাস মতে, যিকোনো কাম আৰম্ভ কৰাৰ আগতে শ্ৰীগণেশৰ উপসনা কৰাতো শুভ তথা শ্ৰীগণেশ সন্তুষ্ট হ’লেই সকলো ভগৱান সন্তুষ্ট হয়।

author-image
Asomiya Pratidin
New Update
আঁতৰিব সকলো সমস্যা, সুখৰ হ’ব জীৱন

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনেই কোনো ঈশ্বৰৰ বাবে উৎসৰ্গা কৰা হয়।সেই অনুসৰি, বুধবাৰৰ দিনটো ভগৱান গণেশৰ দিন বুলি গণ্য কৰা হয়।বিশ্বাস মতে, যিকোনো কাম আৰম্ভ কৰাৰ আগতে শ্ৰীগণেশৰ উপসনা কৰাতো শুভ তথা শ্ৰীগণেশ সন্তুষ্ট হ’লেই সকলো ভগৱান সন্তুষ্ট হয়। গণেশৰ আশীৰ্বাদ প্ৰাপ্তিৰ বাবে ভক্তসকলে বুধবাৰে কেতবোৰ বিশেষ কাম কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment
  • বুধবাৰৰ দিনটোত গৰুক সেউজীয়া ঘাঁহ খুৱাব। এই কাম কৰি আপুনি গণেশৰ লগতে আন দেৱ-দেৱীৰো আশীৰ্বাদ লাভ কৰিব পাৰিব।

  • মোদক ভগৱান গণেশৰ অতি প্ৰিয়। এনে পৰিস্থিতিত, যদি আপুনি আপোনাৰ সকলো ইচ্ছা পূৰণ হোৱাটো বিচাৰে, তেন্তে বুধবাৰে ভগৱান গণেশক মোদক আগবঢ়াব। 

  • এই দিনটোত গণেশক সেন্দুৰ আগবঢ়োৱাটোও শুভ বুলি বিবেচনা কৰা হয়। এনে কৰাৰ ফলত ঘৰৰ নেতিবাচক শক্তি আঁতৰ হয় আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক প্ৰেম বৃদ্ধি হয়। 

  • বুধবাৰে কমেও ১১ বাৰ গণেশ চালিচা পঢ়িব লাগে । ই আপোনাৰ জীৱনৰ সকলো সমস্যা দূৰ কৰাৰ লগতে পৰিয়ালত সুখ-শান্তিৰ অটুট ৰাখে।

  • বুধবাৰে সেউজীয়া বস্তুৰ দান তথা সেউজীয়া কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়। যদি আপুনি এই দিনটোত সেউজীয়া কাপোৰ পিন্ধিব নোৱাৰে, তেন্তে আপুনি আপোনাৰ ওচৰত এখন সেউজীয়া ৰুমাল ৰাখিব পাৰে। তদুপৰি, এই দিনটোত দৰিদ্ৰ লোকসকলক সেউজীয়া মগু দাইল, পাচলি আৰু কাপোৰ দান কৰিব।

বি দ্ৰ: লেখাটো কেৱল তথ্যৰ ওপৰত আধাৰিত।

Also Read: শনিবাৰে এই ১০টা ভুল কেতিয়াও নকৰিব