আজিয়েই পাকঘৰৰ পৰা বাহিৰ কৰক ভঙা-ফটা বাচন

হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ নিয়মবোৰ যথেষ্ট গুৰুত্ব আছে বুলি বিশ্বাস কৰা হয়।বাস্তুৰ মতে ঘৰটোত থকা সকলো বস্তুৰে নিজা শক্তি থাকে, যিয়ে ঘৰৰ সদস্যসকলৰ জীৱনত বহু প্ৰভাৱ পেলাব পাৰে। বাস্তু শাস্ত্ৰত পৰিয়ালৰ সুখৰ বাবে বহুতো নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
আজিয়েই পাকঘৰৰ পৰা বাহিৰ কৰক ভঙা-ফটা বাচন

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত বাস্তু শাস্ত্ৰৰ নিয়মবোৰ যথেষ্ট গুৰুত্ব আছে বুলি বিশ্বাস কৰা হয়।বাস্তুৰ মতে ঘৰটোত থকা সকলো বস্তুৰে নিজা শক্তি থাকে, যিয়ে ঘৰৰ সদস্যসকলৰ জীৱনত বহু প্ৰভাৱ পেলাব পাৰে। বাস্তু শাস্ত্ৰত পৰিয়ালৰ সুখৰ বাবে বহুতো নিয়মৰ বিষয়ে উল্লেখ কৰা হৈছে।ইয়াত পাকঘৰৰ বিষয়েও কিছুমান নিয়ম আছে। যদি ঘৰৰ সদস্যসকলে এই নিয়মবোৰ উপেক্ষা কৰে, তেন্তে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু পৰিয়ালটোয়ে অভাৱনীয় আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব লগীয়াত পৰে।আজি এই নিয়মবোৰৰ বিষয়ে জানো আহক-

ভঙা বাচন 

বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি পাকঘৰত ভঙা বা ফাটি যোৱা বাচন-বৰ্তন ৰখাটো অনুচিত। এনে বাচন পাকঘৰত থাকিলে আৰ্থিক সমস্যাই গা কৰি উঠে।

প্ৰাথমিক চিকিৎসাৰ কিট 

প্ৰাথমিক চিকিৎসাৰ বাবে এটা কিট ঘৰত থকাটো খুবেই দৰকাৰী। কিন্তু ইয়াক পাকঘৰত ভুলতো ৰাখিব নালাগে।পাকঘৰত আইনাও ৰাখিব নালাগে। এনে কৰাৰ ফলত পৰিয়ালত কাজিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি হয়।

আৱৰ্জনা

সদায়ে আপোনাৰ পাকঘৰত প্ৰয়োজনীয় সামগ্ৰীবোৰহে ৰাখিব। পাকঘৰত যাতে অপ্ৰয়োজনীয় সামগ্ৰী বা আৱৰ্জনা নাথাকে, তালৈ মন কৰিব। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, জুঠা বাচন-বৰ্তনো পাকঘৰত ৰখাটো অনুচিত।

ইলেক্ট্ৰনিক সামগ্ৰী

বেয়া হৈ থকা ইলেক্ট্ৰনিক সামগ্ৰীবোৰ তৎক্ষণাৎ পাকঘৰৰ পৰা উলিয়াই পেলাব অথবা সোনকালে মেৰামতি কৰিব। বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি, এনে ধৰণৰ বস্তুৱে শিশুৰ কেৰিয়াৰত প্ৰভাৱ পেলায়। যদি আপোনাৰ পাকঘৰত এনে কোনো বস্তু আছে, তেন্তে সেইবোৰ আজিয়েই পাকঘৰৰ পৰা বাহিৰ কৰক।

Also Read: পাকঘৰৰ বাস্তু নিয়ম : এই নিয়মসমূহ অনুসৰণ কৰি পৰিয়ালটোক সুৰক্ষিত কৰক