সম্পৰ্ক গঢ়ি তোলাৰ আগতে প্ৰেমিকক সুধিব এইকেইটা প্ৰশ্ন

সম্পৰ্ক গঢ়ি তোলাৰ আগতে প্ৰেমিকক সুধিব এইকেইটা প্ৰশ্ন

ডি়জিটেল ডেস্ক: খুব কম দিনতে অভিনেতা বিজয় বৰ্মাৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেত্ৰী তামান্না ভাটিয়া।আজিকালি মুম্বাইত তামান্না আৰু বিজয় বৰ্মাক প্ৰায়ে একেলগে দেখিবলৈ পোৱা যায়।তামান্নাই ইতিমধ্যে এই সম্পৰ্কৰ বিষয়ে মুকলিকৈ  স্বীকাৰো কৰিছে। তেওঁৰ মতে, বিজয় বৰ্মাৰ এজন নিখুঁত অভিনেতাৰ সমান্তৰালকৈ এজন নিখুঁত প্ৰেমিক।তেওঁৰ একোয়েই বেয়া অভ্যাস নাই।তেওঁক অনুসৰণ কৰি বহু কথায়েই শিকিব পাৰি। বিজয়ৰ দৰে প্ৰেমিক লাভ কৰাৰ বাবে নিজকে খুবেই ভাগ্যৱান বুলিও ৰাজহুৱাকৈ প্ৰকাশ কৰিছে তামান্নাই।

আনহাতে, অভিনেত্ৰীগৰাকীৰ এনে কথা শুনি অনুৰাগীসকলে তেওঁ প্ৰেমত অন্ধ হৈ পৰিছে বুলি ছ’চিয়েল মেডিয়াত সমালোচনা কৰিছে। এইটো স্বাভাৱিক যে সম্পৰ্কৰ আৰম্ভণিতে অধিকাংশই প্ৰেমত অন্ধ হৈ সংগীৰ ত্ৰুটিবোৰ উপেক্ষা কৰে। কিন্তু এনে কৰাটো একেবাৰেই ভুল।কিয়নো আপুনি যিগৰাকী ব্যক্তিৰ সৈতে আপোনাৰ জীৱনটো ভাগ কৰিবলৈ গৈ আছে, তেওঁৰ বিষয়ে ভালদৰে জানি অথবা তেওঁক ভালকৈ বুজাটো খুবেই দৰকাৰী।আপুনি এজন ব্যক্তিৰ প্ৰেমত পৰোতে তেওঁক কেতবোৰ কথা সুধি নিজে জীৱনটো আগুৱাই নিবলৈ সাজু হ’ব পাৰে।আজি এই বিষয়ে জানো আহক- 

সম্পৰ্কটো কিমান গুৰুত্বপূৰ্ণ?

এইটো জনা অতি গুৰুত্বপূৰ্ণ যে আপুনি যিজনক বহুত ভাল পায়, যাৰ সৈতে আপুনি আপোনাৰ গোটেই জীৱন অতিবাহিত কৰিব বিচাৰে, আপোনাৰ বিষয়ে তেওঁ কিদৰে ভাবে। তেওঁ আপোনাক লৈ ছিৰিয়াছ নে ? বিয়াৰ পাছত যাতে সম্পৰ্কত ফাঁট নেমেলে, সেয়েহে আগতেই এই বিষয়ে আপোনাৰ সংগীক সুধি ল’ব।

জীৱনৰ বিষয়ে কি ভাবে ?

যাৰ সৈতে আপুনি আপোনাৰ জীৱন কটোৱাৰ কথা ভাবি আছে। সেই ব্যক্তিজনৰ জীৱন সম্পৰ্কে কি ধাৰণা আছে জানি ল’ব। তেওঁ আশাবাদী নে নিৰাশাবাদী আগতে জানি লোৱাটো খুবেই জৰুৰী।

নেতিবাচক বা নহ’ব বা নাই আদি কথা শুনিলে কেনে অনুভৱ হয় ?

যাক আপুনি মনে প্ৰাণে ভাল পায়, তেওঁ যাতে আপোনাৰ এনে কথা শুনিব পাৰে, সেইটো আগতে জানি ল'ব। এনেকুৱা নহয় যাতে তেওঁ কেৱল নিজৰটোহে শুনে।যদি আপোনাৰ মনৰ ব্যক্তিজনে কেৱল তেওঁৰ কথাকেই শুনাটো বিচাৰে অথবা আপোনাৰ কথা নুশুনে, তেন্তে তেওঁলোকৰ পৰা আঁতৰি থকাটোয়েই আপোনাৰ বাবে উত্তম হ’ব।

আজৰি সময়ত কি কৰে ?

আপুনি যদি জানিবলৈ বিচাৰে যে আপোনাৰ প্ৰিয় ব্যক্তিজন কেনে ধৰণৰ ব্যক্তি, তেন্তে তেওঁ আজৰি সময়ত কি কামত ব্যস্ত থাকে তাক জানি আপুনি সেয়া অনুমান কৰিব পাৰিব।এজন ব্যক্তিয়ে তেওঁৰ আজৰি সময়ত কি কৰে, সেয়াই ব্যক্তি এজনৰ ব্যক্তিত্ব প্ৰতিফলিত কৰে।

পৰিয়ালটো কেনেকুৱা ?

এজন ব্যক্তি প্ৰথমে তেওঁৰ পৰিয়ালৰ দ্বাৰাই সমাজত চিনাকি হয়।এজন ব্যক্তিৰ সৈতে সুখৰ সংসাৰ গঢ়িবলৈ আপুনি তেওঁৰ পৰিয়ালটো কেনেকুৱা সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।কিয়নো বিবাহৰ পিছত আপুনিও সেই পৰিয়ালৰ অংশ হ'ব লাগিব।

সম্পৰ্ক গঢ়ি তোলাৰ আগতে প্ৰেমিকক সুধিব এইকেইটা প্ৰশ্ন
গৰ্ভধাৰণৰ সময়ত মহিলাসকলক কৰক ভাল ব্যৱহাৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in