সহজ হয়, কিন্তু সুৰক্ষিত নহয় Google Pay, PhonePe, Paytmৰ ব্যৱহাৰ

বিত্তীয় প্ৰযুক্তিৰ এক অন্যতম সৃষ্টি হৈছে ইউনিফাইড পেমেন্ট ইণ্টাৰফেছ অৰ্থাৎ ইউ পি আই (UPI) সেৱা। ইউ পি আই ভাৰত চৰকাৰৰ NPCI (National Payments Corporation of India)ৰ দ্বাৰা উন্নীত কৰা এক ‘ৰিয়েল টাইম পেমেন্ট ছিষ্টেম’।

author-image
সংগীতা দাস
New Update
web ap new format 2024

ডিজিটেল ডেস্ক: বিত্তীয় প্ৰযুক্তিৰ এক অন্যতম সৃষ্টি হৈছে 'ইউনিফাইড পেমেন্ট ইণ্টাৰফেছ' অৰ্থাৎ ইউ পি আই(UPI) সেৱা। ইউ পি আই ভাৰত চৰকাৰৰ NPCI (National Payments Corporation of India)ৰ দ্বাৰা উন্নীত কৰা এক ‘ৰিয়েল টাইম পেমেন্ট ছিষ্টেম’। এই ব্যৱস্থাই স্মাৰ্টফোনৰ জৰিয়তে যিকোনো ঠাইৰ পৰা যিকোনো সময়ত খুব সহজে তথা দ্ৰুততাৰে বেংকৰ লেনদেন কৰাত সহায় কৰে।

নগদবিহীন লেনদেনৰ বাবে ভাৰতে গ্ৰহণ কৰা প্ৰথম পদক্ষেপ হৈছে ইউ পি আই। এই সেৱা আৰম্ভ হৈছিল ২০১৬ চনত। তেতিয়াৰ পৰাই বৰ্তমানলৈ Google Pay, PhonePe, Paytm, BHIM, AmazonPay আদিৰ দৰে বহু এপে ইউ পি আইৰ জৰিয়তে লেনদেনৰ সেৱা আগবঢ়াই আহিছে।

কিদৰে মধ্যবিত্ত শ্ৰেণীক প্ৰভাৱিত কৰিছে UPI য়ে ?

ইউ পি আই এক অতি আধুনিক সেৱা আৰু ইয়াৰ ব্যৱহাৰ অতি সহজ। সেয়ে হয়তো অধিকাংশ লোকে তামোল-পান বা চাহ এক কাপ খাওঁতে খৰচ হোৱা ৫,১০ টকা দোকানত দিবলৈ ইউ পি আই ব্যৱহাৰ কৰে। কিন্তু, ইউ পি আইৰ  অসুবিধাও অজস্ৰ আছে । একাংশ লোকৰ বাবে এই সেৱা অযথা ধন ব্যয় কৰাৰ এক মাধ্যম হৈ পৰিছে। এক কথাত ক’বলৈ গ’লে ইউ পি আইয়ে মধ্যবৃত্ত শ্ৰেণীটোৰ মূৰত মাধমাৰ শোধাইছে। কিন্তু কেনেকৈ ? 

গম নোপোৱাকৈয়ে অধিক খৰচ

ইউ পি আই ব্যৱহাৰৰ মূল অসুবিধা হৈছে গম নোপোৱাকৈয়ে অধিক খৰচ হোৱা। হয়, এই সেৱা উপভোগ কৰাটো ইমানেই সহজ যে ইয়াক ঘনে ঘনে ব্যৱহাৰ কৰা হয়। যাৰ ফলত ব্যয়ৰ হিচাপ নাথাকে আৰু কেতিয়া বেংকৰ টকা শেষ হয়, সেয়া গৰাকীয়ে গম নাপায়। ইয়াৰ বিপৰীতে, এই ক্ষেত্ৰত যদি নগদ টকা ব্যৱহাৰ কৰা হয়, তেতিয়া গৰাকীৰ টকা খৰচ কৰোতে হাতত কিমান টকা থাকে তাৰ হিচাপ থাকে আৰু সেই অনুপাতে তেওঁ মিতব্যয়ী হৈ পৰে। 

সুৰক্ষাৰ অভাৱ, ঠগবাজিৰ ভয়

ইউ পি আই সেৱা সম্পূৰ্ণভাবে নিৰাপদ বুলি দাবী কৰা হয় যদিও ফিছিং (phishing), স্কেম (scam), QR কোড হ্যাকিং, ভুয়া কাষ্টমাৰ কেয়াৰ নম্বৰৰ জালত পৰি বহু মধ্যবিত্ত গৃহস্থই নিজৰ সৰ্বস্ব হেৰুৱাইছে। সচেতনতা আৰু প্ৰযুক্তিগত জ্ঞানৰ অভাৱে এই সমস্যাটো আৰু অধিক বৃদ্ধি কৰিছে।

গোপনীয়তাৰ অভাৱ

ইউ পি আইৰ ব্যৱহাৰৰ সময়ত, ব‍্যক্তিগত তথ্য, অৱস্থান, খৰচৰ পৰিমাণ, কেতিয়াবা জীৱন ধাৰণ শৈলীও বিভিন্ন এপৰ জৰিয়তে সংৰক্ষণ হৈ থাকে। এই ব্যক্তিগত তথ্য ব্যৱহাৰ বা বিক্ৰী হোৱাৰ এশ শতাংশই সম্ভাৱনা থাকে।

অভ্যাসগত ৰূপান্তৰ তথা মানসিক চাপ

নগদ ধনৰ লগত জীৱন অতিবাহিত কৰা বহু মধ্যবিত্ত পৰিয়ালৰ বাবে এই ডিজিটেল ৰূপান্তৰে মানসিক চাপৰ সৃষ্টি কৰে। বিশেষকৈ, বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ইউ পি আই সেৱা বুজি পোৱা, PIN সঠিক ভাৱে মনত ৰাখি লেনদেন কৰা আদি কামবোৰে হঠাতে আতংকৰ সৃষ্টি কৰে।

পিন নম্বৰ

ইউ পি আইৰ লেনদেনৰ বাবে PIN (Personal Identification Number) ব্যৱহাৰ কৰা হয়। সেয়েহে এই নম্বৰৰ ক্ষেত্ৰত গোপনীয়তা ৰক্ষা কৰাৰ এক গুৰু দায়িত্ব গৰাকীৰ থাকে। যদি আন ব্যক্তিয়ে এই PIN জানে, তেন্তে সহজে একাউণ্টৰ অপব্যৱহাৰ হ’ব পাৰে।

আন প্ৰযুক্তিত নিৰ্ভৰ

ইউ পি আই সম্পূৰ্ণৰূপে ইণ্টাৰনেট আৰু বিদ্যুতৰ ওপৰত নিৰ্ভৰশীল। যেতিয়া ইন্টাৰনেট নাথাকে বা ম’বাইলৰ বেটাৰী শেষ হয় বা ছাৰ্ভাৰ ডাউন হৈ থাকে, তেতিয়া ব‍্যৱসায় বা দৈনন্দিন লেনদেন থমকি যায়। এনে পৰিস্থিতিত মধ্যবিত্ত শ্ৰেণীটো আটাইতকৈ বেছি প্ৰভাৱিত হয়।

লেনদেনত ব্যৰ্থ

নেটৱৰ্ক বা বেংক চাৰ্ভাৰৰ সমস্যাৰ সময়ত ইউ পি আই ব্যৱহাৰ কৰিলে টকা একাউণ্টৰ পৰা নাইকিয়া হয়। সেই টকা কিন্তু পঠিয়াবলৈ বিচৰা একাউণ্টলৈও নাযায়। এনে অৱস্থাত সেই টকা বেংকে ঘূৰাই দিয়ে যদিও ইয়াৰ বাবে ৪৮ ঘণ্টা সময় লাগে। যিয়ে নিশ্চিতভাৱে অসুবিধাৰ সৃষ্টি কৰে।

এই অসুবিধাসমূহৰ বাবেই ভাৰতৰকিছুমান স্মাৰ্ট চহৰত ইতিমধ্যে সৰু-সৰু বজাৰ-সমাৰ কৰোতে ইউ পি আইৰ ব্যৱহাৰ নিসিদ্ধ কৰা হৈছে। এই ক্ষেত্ৰত আমাৰ চৰকাৰ- প্ৰশাসনেও পদক্ষেপ লোৱাটো খুব দৰকাৰী হৈ পৰিছে। প্ৰশাসনে চৰকাৰী বা বেচৰকাৰী সংস্থাৰ অধীনত সচেতনতা শিবিৰ আয়োজন কৰি ইউ পি আইৰ সুৰক্ষা সংক্রান্তীয় বুলেটিন, ইউ পি আই ব্যৱহাৰ কৰি বিপদত পৰা সকলৰ তালিকা নিয়মীয়াকৈ প্ৰকাশ, বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে ইউ পি আই সহায় কেন্দ্ৰ স্থাপন কৰি সজাগতা সৃষ্টি কৰিব পাৰে।