আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত চীনতকৈ ওপৰত ভাৰত...

আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত চীনক চেৰ পেলালে ভাৰতে। এই কথা শেহতীয়াকৈ সদৰি কৰিছে গৱেষণা সংস্থা কেনালিছে।  প্ৰতিবেদন অনুসৰি মেক ইন ইণ্ডিয়া আৰু প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই)ৰ

author-image
Asomiya Pratidin
New Update
ijjjj

ডিজিটেল ডেস্কঃ আমেৰিকালৈ স্মাৰ্টফোন ৰপ্তানিৰ ক্ষেত্ৰত চীনক চেৰ পেলালে ভাৰতে। এই কথা শেহতীয়াকৈ সদৰি কৰিছে গৱেষণা সংস্থা কেনালিছে।  প্ৰতিবেদন অনুসৰি মেক ইন ইণ্ডিয়া আৰু প্ৰডাকচন লিংকড ইনচেন্টিভ (পিএলআই)ৰ দৰে আঁচনিসমূহে ইলেক্ট্ৰনিকছ খণ্ডক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত মূল ভূমিকা গ্ৰহণ কৰিছে।

প্ৰতিবেদনত কোৱা হৈছে, ‘মেক ইন ইণ্ডিয়া আৰু পিএলআইৰ দৰে আঁচনিৰ ফলস্বৰূপে ভাৰত এতিয়া সেই উদ্যোগ খণ্ডসমূহত নতুন গতিৰে আগবাঢ়িছে, য’ত ইয়াক আগতে কেতিয়াও মূল নিৰ্মাতা হিচাপেও গণ্য কৰা হোৱা নাছিল। গৱেষণা সংস্থা কেনালিছৰ এক প্ৰতিবেদন অনুসৰি এই কেলেণ্ডাৰ বৰ্ষৰ দ্বিতীয় ত্ৰৈমাসিক অৰ্থাৎ এপ্ৰিল-জুন মাহত আমেৰিকালৈ ৰপ্তানি কৰা স্মাৰ্টফোনৰ ক্ষেত্ৰতো ভাৰতে চীনক আগুৰি ধৰিছে।’

২০২৪ চনৰ একেটা ত্ৰৈমাসিকত ১৩%ৰ পৰা তীব্ৰ বৃদ্ধিৰে ২০২৫ চনৰ এপ্ৰিল-জুন মাহৰ ভিতৰত আমেৰিকাৰ আমদানিত মেড ইন ইণ্ডিয়া স্মাৰ্টফোনৰ অংশ ৪৪% লৈ বৃদ্ধি পাইছে।একে সময়তে চীনৰ অংশীদাৰিত্ব একে সময়তে ৬১%ৰ পৰা ২৫%লৈ হ্ৰাস পাইছে।

এই বৃদ্ধি ভাৰতৰ ইলেক্ট্ৰনিকছ উদ্যোগৰ দশকজোৰা ৰূপান্তৰৰ দ্বাৰা সমৰ্থিত। ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়ে শেহতীয়াকৈ আলোকপাত কৰিছে যে ২০১৪-১৫ চনৰ পৰা ২০২৪-২৫ চনৰ ভিতৰত ইলেক্ট্ৰনিক্স আৰু মোবাইল উৎপাদন খণ্ডত নাটকীয় সম্প্ৰসাৰণ ঘটিছে।

ৰপ্তানি ৩৮ হাজাৰ কোটি টকাৰ পৰা ৩.২৭ লাখ কোটি টকালৈ বৃদ্ধি পোৱাৰ বিপৰীতে মোবাইল ফোন উৎপাদন ১৮ হাজাৰ কোটিৰ পৰা ৫.৪৫ লাখ কোটি টকালৈ জপিয়াই পৰে। মোবাইল ৰপ্তানি নিজেই ১৫০০ কোটি টকাৰ পৰা ২ লাখ কোটি টকালৈ বৃদ্ধি পাই ১২৭গুণ বৃদ্ধিৰ ৰেকৰ্ড গঢ়ি তুলিছে।

সামগ্ৰিকভাৱে ইলেক্ট্ৰনিক সামগ্ৰীৰ উৎপাদন ২০১৪-১৫ চনত ১.৯ লাখ কোটি টকাৰ পৰা ২০২৪-২৫ চনত ১১.৩ লাখ কোটি টকালৈ বৃদ্ধি পাই ছয়গুণ বৃদ্ধি পাইছে। মোবাইল উৎপাদন পৰিৱেশ তন্ত্ৰও দ্ৰুতগতিত সম্প্ৰসাৰণ ঘটিল, ২০১৪-১৫ চনত মাত্ৰ দুটাৰ পৰা ২০২৪-২৫ চনত ৩০০লৈ বৃদ্ধি পাইছে উৎপাদন ইউনিটৰ সংখ্যা, যিটো ১৫০গুণ বৃদ্ধি।

এই পৰিৱৰ্তনৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে ভাৰতৰ আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱা। ২০১৪-১৫ চনত মুঠ চাহিদাৰ ৭৫% আমদানিকৃত ফোন আছিল। ২০২৪-২৫ চনলৈকে এই সংখ্যা প্ৰায় নোহোৱা হৈ গৈছিল, মাত্ৰ ০.০২% আছিল।

চীন আমেৰিকা ভাৰত