খাদ্য খোৱাৰ পিছত কৰক মাত্ৰ এটা আসন

পৰিৱৰ্তনশীল জীৱনশৈলী, ভুল খাদ্যাভ্যাসৰে দ্ৰুত গতিত চলি থকা আমাৰ জীৱনটোৰ এটা অতি গুৰুতৰ স্বাস্থ্য সমস্যা হৈছে পেট ফুলা সমস্যা। সাধাৰণতে যেতিয়া খাদ্য খোৱাৰ পিছত পেটটো বেয়া লগা আৰম্ভ কৰে, তেতিয়া আমি ইয়াক পেট ফুলা সমস্যা বুলি কওঁ।

author-image
Asomiya Pratidin
New Update
খাদ্য খোৱাৰ পিছত কৰক মাত্ৰ এটা আসন

ডিজিটেল ডেস্ক: পৰিৱৰ্তনশীল জীৱনশৈলী, ভুল খাদ্যাভ্যাসৰে দ্ৰুত গতিত চলি থকা আমাৰ জীৱনটোৰ এটা অতি গুৰুতৰ স্বাস্থ্য সমস্যা হৈছে পেট ফুলা সমস্যা। সাধাৰণতে যেতিয়া খাদ্য খোৱাৰ পিছত পেটটো বেয়া লগা আৰম্ভ কৰে, তেতিয়া আমি ইয়াক পেট ফুলা সমস্যা বুলি কওঁ। পেট ফুলাৰ বাবে আমি দেহাটো অস্বস্তি লগা, ওকালি অহা যেন অনুভৱ কৰো।যাৰ ফলত আমি আমাৰ নিয়মীয়া কাম-কাজবোৰ সঠিকভাৱে কৰিব নোৱাৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি যোগৰ সহায় ল'ব পাৰে। যোগ বিশেষজ্ঞসকলৰ মতে, পৱনমুক্তাসনে হজম শক্তিশালী কৰাত সহায় কৰে।এই আসন গেছ, পেট ফুলা আৰু গেষ্ট্ৰিকৰ সমস্যা হ্ৰাস কৰাত যথেষ্ট সহায়ক।

Advertisment

পৱনমুক্তাসনৰ লাভালাভ

পৱনমুক্তাসনে গেছকে ধৰি পেটৰ সকলো ৰোগ দূৰ কৰে। ই হজম উন্নত কৰি আপোনাৰ পেটৰ পৰা গেছ উলিয়াই দিব পাৰে। ইয়াক পেটৰ পেশী শক্তিশালী কৰাত সহায়ক বুলিও গণ্য কৰা হয়। আনহাতে, পৱনমুক্তাসন ভঙ্গীয়ে অন্ত্ৰৰ কাৰ্যপ্ৰণালী বৃদ্ধি কৰাৰ লগতে অধিক সক্ৰিয় কৰে।এই আসনে যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰে।এই আসন কৰিলে মেৰুদণ্ডও শক্তিশালী হয়।

পৱনমুক্তাসন কেনেদৰে কৰিব লাগে

প্ৰথমে মাটিত বা মেটত পিঠি দি শুই ল’ব।ভালদৰে চিধা হৈ শুই লৈ আপোনাৰ ভৰি আৰু বাহু প্ৰসাৰিত কৰক।ইয়াৰ পাছত আঁঠু দুটা একেলগে পেটৰ ওপৰলৈ আনি আপোনাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব।উশাহ বাহিৰলৈ এৰি আপুনি মুৰটো আগলৈ আনিব। মন কৰিব যে, নাকটো যাতে আঠু দুটাৰ মাজত থাকে। আপুনি ৩০ ছেকেণ্ডৰ পৰা এক মিনিট সময়লৈ এই আসন কৰিব পাৰে। ইয়াৰ পিছত ভৰি দুটা লাহে লাহে মজিয়াত এৰি দি আৰম্ভনিতে শুই পৰাৰ দৰে ৩০ ছেকেণ্ড শৰীৰটোক আৰাম দিব।এনেদৰে চাৰি-পাঁচবাৰ পুনৰাবৃত্তি কৰিব।

পৱনমুক্তাসন কৰোঁতে এইকথা মনত ৰাখিব

মনত ৰাখিব যে যেতিয়াই আপোনাৰ আঁঠু বুকুৰ ওচৰলৈ আনে, তেতিয়া আপোনাৰ ডিঙি আগলৈ আনিবলৈ চেষ্টা কৰিব। ডিঙি বা মেৰুদণ্ডত যিকোনো ধৰণৰ বিষ থকা লোকসকলে এই অসনাৰ পৰা আঁতৰি থাকিব ।এই আসন খাদ্য খোৱাৰ অলপ সময়ৰ পাছত কৰিলে অধিক ফলপ্ৰসু বুলি গণ্য কৰা হয়।

Also Read: এইদৰে কৰক মেদবহুলতা নিয়ন্ত্ৰণ