ব্যতিক্ৰমী ধৰণৰে কন্যাক শ্ৰদ্ধাঞ্জলি জনালে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে

নখ দীঘলকৈ ৰখাটোয়ে আমাৰ স্বাস্থ্যৰ বাবে ভাবুকি কঢ়িয়াই আনে।কিয়নো দীঘল নখত থকা বীজাণু পেটলৈ গ’লে আমাৰ বহু গুৰুতৰ ৰোগ হ’ব পাৰে।কিন্তু ২৫ বছৰ ধৰি নখ ৰখাৰ পাছতো সম্পূৰ্ণ সুস্থ হৈ বিশ্ব অভিলেখ গঢ়িলে এগৰাকী বিশেষ মহিলাই।

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমী ধৰণৰে কন্যাক শ্ৰদ্ধাঞ্জলি জনালে এগৰাকী দুৰ্ভগীয়া মাতৃয়ে

ডিজিটেল ডেস্ক: নখ দীঘলকৈ ৰখাটোয়ে আমাৰ স্বাস্থ্যৰ বাবে ভাবুকি কঢ়িয়াই আনে।কিয়নো দীঘল নখত থকা বীজাণু পেটলৈ গ’লে আমাৰ বহু গুৰুতৰ ৰোগ হ’ব পাৰে।কিন্তু ২৫ বছৰ ধৰি নখ ৰখাৰ পাছতো সম্পূৰ্ণ সুস্থ হৈ বিশ্ব অভিলেখ গঢ়িলে এগৰাকী বিশেষ মহিলাই।

Advertisment

হয়, এই মহিলাগৰাকীৰ নাম ডায়েনা আৰ্মষ্ট্ৰং।তেওঁ আমেৰিকাৰ বাসিন্দা।বৰ্তমান তেওঁৰ নখৰ দৈঘ্য ৪২ ফুট ১০.৪ ইঞ্চি।সবাতোকৈ দীঘল হাতৰ নখৰ গৰাকী হিচাপে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰা ডায়েনাৰ বয়স ৬৬ বছৰ। ডায়েনাই প্ৰকাশ কৰা মতে, কন্যা লাথিছাৰ বাবেই তেওঁ ২৫ বছৰ ধৰি নখ কাটি থকা নাই। প্ৰকৃততে, ১৯৯৭ চনত হাপানীত আক্ৰান্ত হৈ লাথিছাৰ মৃত্যু হৈছিল।নখৰ প্ৰতি বিশেষ মোহ থকা লাথিছাই প্ৰতি মাহে মেনিকিউৰ কৰিছিল। আশ্চৰ্যজনকভাৱে লাথিছাৰ মৃত্যুৰ এদিন আগতে ডায়েনাই নখ কাটিছিল। পিছদিনা হঠাতে তেওঁৰ কন্যাৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু তেওঁৰ অকাল  মৃত্যু হৈছিল।সেয়েহে, কন্যাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ডায়েনাই সেইদিনাৰ পৰাই নখ নাকাটে বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল। 

ডায়েনাই এই বিষয়েও প্ৰকাশ কৰিছিল যে, ২৫ বছৰে দীঘল নখৰ বাবে তেওঁ সীমাহীন সমস্যাৰো সন্মুখীন হৈছিল। দুৰ্ঘটনাৰ আশংকাৰ বাবে তেওঁ গাড়ী চলোৱা বাদ দিবলগীয়া হৈছিল।ঘৰত তৈয়াৰ কৰিছিল বিশেষ শৌচালয়।তেওঁ কেতিয়াও ৰাজহুৱা শৌচালয় ব্যৱহাৰ কৰিব পৰা নাছিল। ২০২২ত তেওঁৰ নখে মাটি স্পৰ্শ কৰিবলৈ আৰম্ভ কৰিছিল।সেইসময়তে তেওঁ দুই হাতৰ নখখিনিক বিশেষভাৱে বিভিন্ন ৰঙেৰে ৰং দিছিল।।

Also Read: বাৰে বাৰে নিজৰেই অভিলেখ ভংগ কৰি চৰ্চাত এগৰাকী ভাৰতীয়