কম খৰচতে ঘৰখন কেনেকৈ আকৰ্ষণীয় কৰি তুলিব পাৰি জানি লওঁক

প্ৰায় সকলোৰে ঘৰতে সহজে উপলব্ধ শিলৰ জৰিয়তে আমি কিদৰে ঘৰখন ধুনীয়াকৈ সজাব পাৰো, আজি সেই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
কম খৰচতে ঘৰখন কেনেকৈ আকৰ্ষণীয় কৰি তুলিব পাৰি জানি লওঁক

ডিজিটেল ডেস্ক: ঘৰটো ধুনীয়াকৈ সজাই-পৰাই ৰাখিবলৈ আমি সকলোৱে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰো।কিন্তু ঘৰসজ্জাৰ বাবে বহুসময়ত ব্যয় বহু বেছি হয়।কিছুমান লোকে আকৌ সৃষ্টিশীলতাৰ প্ৰতি অতি দুৰ্বল।যাৰ বাবে তেওঁলোকে চিত্ৰ আৰু ঘৰতে বিভিন্ন সামগ্ৰী ব্যৱহাৰ কৰি তেওঁলোকৰ ঘৰখন সজাই ৰাখে।যদি আপুনিও সৃষ্টিশীলতাৰ অনুৰাগী, তেন্তে সৰু সৰু শিলগুটিৰে বিভিন্ন ঘৰ সজোৱা বস্তু তৈয়াৰ কৰি আপোনাৰ ঘৰখনৰ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰে।প্ৰায় সকলোৰে ঘৰতে সহজে উপলব্ধ শিলৰ জৰিয়তে আমি কিদৰে ঘৰখন ধুনীয়াকৈ সজাব পাৰো, আজি সেই বিষয়ে জানো আহক-

আপুনি শিলগুটিবোৰ এনেদৰে ৰং কৰিব পাৰে আৰু সেইবোৰ ফ্ৰেমত ৰাখি বেৰত সজাব পাৰে।

আপুনি শিলেৰে আপোনাৰ ঘৰত এনে অনন্য চিত্ৰও তৈয়াৰ কৰিব পাৰে।

‘কেণ্ডেল হ'ল্ডাৰ’(মমবাতি ধাৰক)ত আপুনি এনেদৰে শিলগুটি থৈ তাৰ ওপৰত মমবাতি ৰাখিব পাৰে। 

এনেদৰে আপুনি আপোনাৰ ঘৰৰ এখন দেৱালত শিলগুটি ৰাখি দেৱালখনক এক নতুন ৰূপ দিব পাৰে।

শিলগুটিৰ সৈতে আপুনি এনে এখন ‘ফুটমেট’ও বনাব পাৰে আৰু ইয়াক আপোনাৰ ঘৰৰ বাহিৰত ৰাখিব পাৰে। 

ইয়াৰ বাহিৰেও আপুনি শিলগুটিৰে ফুল ৰখা সৰু সৰু পাত্ৰ বনাই ঘৰখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিব পাৰে।

বাৰান্দাত এনেদৰে এক ৰঙৰ শিলগুটি ৰাখি বাৰান্দাখনক এক নতুন ৰূপ দিব পাৰে।

শিলগুটি ব্যৱহাৰ কৰি টেবুলত ৰাখিব পৰাকৈ আপুনি এনেদৰে ‘টেবুল মেট’ও বনাব পাৰে।

Also Read: ৰুটী পেলায় নিদি এইদৰে ব্যৱহাৰ কৰক আৰু ধুনীয়া হৈ থাকক

শিলগুটি home decor