পৰিয়াল সম্পূৰ্ণ হ’ল যুৱৰাজৰ, উপভোগ কৰিছে নিদ্ৰাহীন নিশা

ঘৰলৈ কন্যা শিশুৰ আগমণৰ সুখ উপভোগ কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙে।হয়, এইবাৰ কন্যাৰ পিতৃ হ’ল যুৱৰাজ সিং।

author-image
Asomiya Pratidin
New Update
পৰিয়াল সম্পূৰ্ণ হ’ল যুৱৰাজৰ, উপভোগ কৰিছে নিদ্ৰাহীন নিশা

ডিজিটেল ডেস্ক: ঘৰলৈ কন্যা শিশুৰ আগমণৰ সুখ উপভোগ কৰিছে টীম ইণ্ডিয়াৰ প্ৰাক্তন অলৰাউণ্ডাৰ যুৱৰাজ সিঙে।হয়, এইবাৰ কন্যাৰ পিতৃ হ’ল যুৱৰাজ সিং। দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱাৰ এই খবৰ ছ’চিয়েল মেডিয়াযোগে অনুৰাগীক জানিবলৈ দি সুখ ব্যক্ত কৰে প্ৰাক্তন ক্ৰিকেটাৰজনে।

Advertisment

যুৱৰাজে ইনষ্টাগ্ৰাম আৰু টুইটাৰত কন্যা সন্তানটিৰ লগত এখন ফ’টো প’ষ্ট কৰি উল্লেখ কৰে যে, ‘আমি আমাৰ ৰাজকুমাৰী ‘আউৰা’ক স্বাগতম জনাই নিদ্ৰাহীন ৰাতিবোৰ উপভোগ কৰিছো আৰু আমাৰ পৰিয়ালটো সম্পূৰ্ণ কৰিছো।’ দ্বিতীয়বাৰৰ বাবে পিতৃ হোৱা যুৱৰাজক স্বাভাৱিকভাৱেই ফটোখনত যথেষ্ট সুখী দেখা পোৱা গৈছে।বিগত বৰ্ষৰ জানুৱাৰীত যুৱৰাজ আৰু তেওঁৰ পত্নী হেজেল কিচ প্ৰথমবাৰৰ বাবে এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল।তেওঁলোকৰ পুত্ৰৰ নাম অৰিয়ন।

ইফালে, হেজেল কিচেও ছ'চিয়েল মিডিয়াত এখন মৰমলগা ফ'টো শ্বেয়াৰ কৰি অনুৰাগীসকলক এই ভাল খবৰ দিছে। আশ্চৰ্যজনকভাৱে, এইবাৰ কোনেও হেজেলৰ গৰ্ভধাৰণৰ বিষয়ে অৱগত নাছিল। এনে পৰিস্থিতিত, অনুৰাগীসকল এই খবৰত সুখী হোৱাৰ লগতে অতি হতবাকো হৈছে। অৱশ্যে, দম্পতীহালে এতিয়ালৈকে তেওঁলোকৰ কন্যা সন্তানটি কেতিয়া আৰু ক'ত জন্ম হৈছে সেই বিষয়ে স্পষ্ট কৰা নাই।  

উল্লেখ্য যে, ২০১৬ চনৰ ৩০ নৱেম্বৰত যুৱৰাজ সিঙে শিখ ৰীতি-নীতি অনুসৰি অভিনেত্ৰী হেজেল কিচৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল। বলীউডৰ অভিনেত্ৰী হেজেল কিচে যুৱৰাজ সিঙৰ সৈতে বিবাহ পাশত আৱদ্ধ হ'বলৈ নিজৰ ধৰ্ম সলনি কৰিছিল। ধৰ্ম সলনিৰ পিছত হেজেলৰ নাম হয়গৈ গুৰবসন্ত কৌৰ।

Also Read: ৰণবীৰৰ লগত বিয়া হ’বলৈ মন নাছিল দীপিকা পাডুকনৰ