/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ce1ba3b6-5e2d-4c02-b7de-6c65ca44bc02/curd__1_.jpg)
খুব সোনকালে ছালৰ সমস্যা দূৰ কৰে দৈয়ে
ডিজিটেল ডেস্ক: ছালত দৈ প্ৰয়োগ কৰি আপুনি ছালৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। কিয়নো ই ভিটামিন ডি গুণাগুণত সমৃদ্ধ। যি ছালৰ পৰা মৃত কোষবোৰ আঁতৰ কৰাত সহায় কৰে আৰু ছাল কোঁচ খোৱাৰ প্ৰাৰম্ভিক লক্ষণবোৰৰ সৈতে যুঁজ দিয়ে। ছালৰ ৰং উন্নত কৰা আৰু ছালখনক পুষ্টি দিবলৈ আপুনি দৈৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। আনকি ছালৰ সৈতে সম্পৰ্কিত প্ৰতিটো সমস্যাৰ বাবে দৈ অত্যন্ত উপকাৰী বুলি ইতিমধ্যে প্ৰমাণিত হৈছে। ছালত দৈ প্ৰয়োগ কৰাৰ লাভালাভ সম্পৰ্কে আজি জানো আহক-
শালমনৰ বাবে দৈ
যেতিয়া মুখত শালমইনা ওলাই, আমি চিকিৎসকৰ পৰামৰ্শ লওঁ। যাৰ বাবে বহুত টকা খৰচ কৰিবলগীয়া হয়।কিন্তু সকলোৰে বাবে ইমান টকা ব্যয় কৰাটো সম্ভৱ নহয়। এনে পৰিস্থিতিত আপুনি এই সমস্যাৰ সমাধান ঘৰতে কৰিব পাৰে।শালমনৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি ১ চাহ চামুচ দৈত আধা নেমুৰ ৰস মিহলি কৰি মুখত কমেও ২০ মিনিটৰ বাবে প্ৰয়োগ কৰিব।এনেদৰে আপুনি মাত্ৰ ১০ দিনৰ বাবে মুখত প্ৰয়োগ কৰক।পাৰ্থক্য চকুৰ আগত দেখা পাব।
ছানবাৰ্ণৰ বাবে দৈ
ছানবাৰ্ণৰ সমস্যা দূৰ কৰিবলৈ প্ৰথমতে এটা বাটিত দৈৰ সৈতে অলপ বেচন মিহলি কৰি এই মিশ্ৰণটো মুখত প্ৰায় ১৫ মিনিটৰ বাবে প্ৰয়োগ কৰক।পাছত পৰিস্কাৰ পানীৰে মুখখন ধুই পেলাব। ইয়াক প্ৰয়োগ কৰি টেনিং আঁতৰ কৰাৰ লগতে আপুনি ছালৰ ৰঙা পৰা সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পাৰে।
দৈয়ে ছালৰ ৰং উন্নত কৰে
ছালৰ ৰং উন্নত কৰিবলৈ এটা বাটিত ২ চাহ চামুচ দৈৰ সৈতে ১ চামুচ বেচন মিহলি কৰক। এই পেষ্টটো মাত্ৰ ১৫ মিনিটৰ বাবে আপোনাৰ মুখত প্ৰয়োগ কৰক। ইয়াৰ পিছত মুখখন ভালদৰে ধুই পেলাব। এই মিশ্ৰণটো সপ্তাহত দুইৰ পৰা তিনিবাৰ মুখত প্ৰয়োগ কৰিলে ছালৰ ৰং উন্নত হ'ব।
দৈ কিয় উপকাৰী ?
দৈত লেক্টিক এচিডৰ উপৰিও জিংক আৰু বহু খনিজ থাকে, যিবোৰ আপোনাৰ ছালৰ বাবে অতি উপকাৰী।সেয়েহে দৈ আপোনাৰ ছালৰ সকলো সমস্যা সমাধানত যথেষ্ট সহায়ক হ’ব পাৰে।
Also Read: চুলিত পিঁয়াজৰ বাকলি কিদৰে ব্যৱহাৰ কৰিব পাৰি জানি লওঁক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us