আমাৰ চেহেৰাটো আকৰ্ষণীয় কৰাত কফিয়ে পালন কৰে গুৰুতৰ ভূমিকা

সৌন্দৰ্যচৰ্চাত কফিৰ এক বিশেষ ভুমিকা আছে।বহুতেই ছালখন নিমিষতে উজ্জ্বল কৰিবলৈ কফি ব্যৱহাৰ কৰে। কফি ছালৰ লগতে চুলিৰ বাবেও যথেষ্ট উপকাৰী। ইয়াত থকা প্ৰাকৃতিক গুণাগুণবোৰে আমাৰ ছাল-চুলিক আকৰ্ষণীয় কৰি ৰাখে।

author-image
Asomiya Pratidin
New Update
আমাৰ চেহেৰাটো আকৰ্ষণীয় কৰাত কফিয়ে পালন কৰে গুৰুতৰ ভূমিকা

ডিজিটেল ডেস্ক: সৌন্দৰ্যচৰ্চাত কফিৰ এক বিশেষ ভুমিকা আছে।বহুতেই ছালখন নিমিষতে উজ্জ্বল কৰিবলৈ কফি ব্যৱহাৰ কৰে। কফি ছালৰ লগতে চুলিৰ বাবেও যথেষ্ট উপকাৰী।  ইয়াত থকা প্ৰাকৃতিক গুণাগুণবোৰে আমাৰ ছাল-চুলিক আকৰ্ষণীয় কৰি ৰাখে।ছাল-চুলিত কিদৰে কফি ব্যৱহাৰ কৰিব পাৰি, আজি জানো আহক-

Advertisment

এক্সফলিয়েটিং স্ক্ৰাব

প্ৰাকৃতিক এক্সফলিয়েটিং স্ক্ৰাব হিচাপে কফি অতি কাৰ্যকৰী।আপুনি নাৰিকল তেল বা জলফাই তেলৰ সৈতে কফি মিহলি কৰি এই স্কাব তৈয়াৰ কৰিব পাৰে। 

চকুৰ বাবে 

কপাহ বা পাতল কপাহী কাপোৰৰ সহায়ত আপোনাৰ চকুৰ তলত ঠাণ্ডা কফি প্ৰয়োগ কৰিব।ইয়াৰ বাবে আপুনি মৌ কিছুসময় ফ্ৰীজত থৈ কফিৰ সৈতে মিহলাই চকুত লগাব।ইয়াত থকা কেফেইনে চকুৰ গুৰি ফুলা আৰু ক’লা পৰা সমস্যা দূৰ কৰিব।

চেলুলাইটৰ চিকিৎসা

গৰম পানীত কফি মিহলি কৰি আপুনি কফি চেলুলাইট স্ক্ৰাব তৈয়াৰ কৰিব পাৰে।তাৰ পিছত ইয়াক চেলুলাইটৰ দ্বাৰা প্ৰভাৱিত ঠাইত মালিচ কৰিব।

হেয়াৰ এক্সফলিয়েণ্ট

নিয়মীয়া ছেম্পুৰ সৈতে কফি মিহলি কৰি লাহে লাহে আপোনাৰ মূৰৰ ছালত ব্যৱহাৰ কৰিব। ই ছালৰ মৃত কোষবোৰ আঁতৰ কৰি চুলি দীঘল হোৱাত সহায় কৰে।

ফেচ মাস্ক

মৌ বা দৈৰ সৈতে কফি মিহলাই মাস্ক তৈয়াৰ কৰি আপোনাৰ মুখত প্ৰয়োগ কৰিব।১৫ মিনিটৰ পিছত পৰিস্কাৰ পানীৰে ধুই পেলাব। এই মাস্কে মুখৰ ছাল টান আৰু উন্নত কৰাত যথেষ্ট সহায় কৰিব।

Also Read: এটা নহয়, বহু ৰোগৰ ঔষধ ‘ব্লেক’ কফি