ৱায়ানাডৰ ঘটনাত পীড়িতৰ প্ৰতি সহায়ৰ হাত দক্ষিণৰ বহু তাৰকাৰ

কেৰেলাৰ ৱায়ানাডত সংঘটিত ভূমিস্খলনৰ ঘটনাই প্ৰতিজন ব্যক্তিৰে চকু সেমেকাই তুলিছে।প্ৰকৃতিৰ ক্ৰোধৰ ফলত হোৱা এই ধ্বংসলীলাত শ-শ লোকে তেওঁলোকৰ জীৱন হেৰুৱালে।

author-image
Asomiya Pratidin
New Update
ৱায়ানাডৰ ঘটনাত পীড়িতৰ প্ৰতি সহায়ৰ হাত দক্ষিণৰ বহু তাৰকাৰ

ডিজিটেল ডেস্ক: কেৰেলাৰ ৱায়ানাডত সংঘটিত ভূমিস্খলনৰ ঘটনাই প্ৰতিজন ব্যক্তিৰে চকু সেমেকাই তুলিছে।প্ৰকৃতিৰ ক্ৰোধৰ ফলত হোৱা এই ধ্বংসলীলাত শ-শ লোকে তেওঁলোকৰ জীৱন হেৰুৱালে। অৱশ্যে, এই সময়ছোৱাত পীড়িতসকলৰ প্ৰতি বিভিন্নজনে সহায়ৰ হাত আগবঢ়াইছে।

Advertisment

হয়, দক্ষিণৰ ছবি জগতৰ দুই মেগাষ্টাৰ চিৰঞ্জীৱী আৰু ৰাম চৰণে এই দুৰ্ভগীয়া লোকসকললৈ শেহতীয়াকৈ ১ কোটি টকা আগবঢ়াইছে। এই পিতা-পুত্ৰৰ যুটিটোয়ে কেৰালাৰ মূখ্যমন্ত্ৰীৰ সাহায্য পূজিলৈ এই ধন আগবঢ়াই ভূমিস্খলনত প্ৰভাৱিত লোকসকলৰ প্ৰতি প্ৰাৰ্থনাও জনাইছে।

ইয়াৰ পূৰ্বেও চিৰঞ্জীৱীৰ ভতিজা তথা অভিনেতা আল্লু অৰ্জুনেও কেৰালাত ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিবলৈ ২৫ লাখ মূখ্যমন্ত্ৰীৰ সাহায্য পূজিত দান কৰাৰ কথা ঘোষণা কৰিছে।এই ধনৰাশি দান কৰি তেওঁ ছ’চিয়েল মেডিয়াত এটা প’ষ্ট কৰিছিল। এই প’ষ্টত তেওঁ উল্লেখ কৰে, ‘ৱায়ানাডত শেহতীয়াকৈ হোৱা ভূমিস্খলনৰ বাবে মই গভীৰভাৱে দুখিত। কেৰালাই মোক সদায় ইমান মৰম দি আহিছে।যাৰ বাবে মইও এই বিপদৰ সময়ত সহায় হোৱাকৈ কেৰালাৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ২৫ লাখ দান কৰিবলৈ বিচাৰো। প্ৰত্যেকজন পীড়িতৰ সুৰক্ষা আৰু শক্তিৰ বাবে প্ৰাৰ্থনা কৰিছো।’

উল্লেখ্য যে, অভিনেতা সুৰিয়া আৰু বিক্ৰম, মামুট্টি, ডুলকুৱেৰ চলমান, ফাহাদ ফাচিল, নাজৰিয়া, নয়নতৰা আৰু্ ছবি নিৰ্মাতা ভিগনেশ শিৱান আৰু ৰশ্মিকা মান্দান্নাইও এইলোকসকলৰ সহায়ৰ বাবে ধনৰাশি দান কৰিছে। শেহতীয়াকৈ অভিনেতা মোহনলালেও সেনাৰ পোছাকত ভূমিস্খলন-পীড়িত ৱায়ানাডত উপস্থিত হৈ দুৰ্যোগপীড়িত অঞ্চলটোৰ পুনৰ্সংস্থাপনৰ কামৰ বাবে ৩ কোটি টকা দান কৰাৰ প্ৰতিশ্ৰুতি দিছে।