/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8998b03a-fb2e-4915-824b-d9d798633eb6/AP_FOR_WEB___________________.jpg)
ডিজিটেল ডেস্ক: সৰুৰেই হওঁক বা ডাঙৰৰেই হওঁক, সুস্বাস্থ্যৰ বাবে পৰ্যাপ্ত পৰিমাণৰ টোপনি অতি দৰকাৰী। ভাল টোপনি যোৱাৰ ফলত আমি গোটেই দিনটো সক্ৰিয় হৈ থাকিব পাৰো।টোপনি সম্পূৰ্ণ হ’লে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়, ফলত আমাৰ শৰীৰটো নিৰোগী হৈ থাকে। কিন্তু বহুসময়ত শিশুসকলৰ ভালদৰে টোপনি নাহে আৰু বহু ৰাতিলৈকে তেওঁলোক অতি সক্ৰিয় হৈ থাকে।ৰাতি সঠিকভাৱে টোপনি নোযোৱাৰ বাবে শিশুটোৰ শৰীৰত অলসতা বৃদ্ধি হয়।তদুপৰি, কম টোপনিৰ বাবে তেওঁলোকৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যও প্ৰভাৱিত হয়।পিছে শিশুটোৰ ৰাতি টোপনি নহাৰ কাৰণসমূহ আপুনি জানেনে ? আজি সেই বিষয়ে সৱিশেষ জানো আহক-
অত্যাধিক ঔষধ খোৱা
অধিক ঔষধ খোৱাৰ ফলত শিশুৰ টোপনিত প্ৰভাৱ পৰে। সেয়েহে শিশুটোক যিকোনো ধৰণৰ ঔষধ দিয়াৰ আগতে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাটো দৰকাৰী।যদি শিশুটোৱে কোনো ৰোগ বা এলাৰ্জীৰ বাবে ঔষধ খাই আছে, তেনেহ'লে সকলো ঔষধ একেলগে নিদিব। অলপ সময়ৰ ব্যৱধান ৰাখি আপুনি শিশুটোক ঔষধ দিব পাৰে।
পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱ
বিশেষজ্ঞসকলৰ মতে, শিশু এটাৰ চাৰিওফালটো পৰিস্কাৰ-পৰিচ্ছন্ন হৈ নাথাকিলেও সিহঁতৰ টোপনিত প্ৰভাৱ পৰে। সেয়েহে, শিশুৰ কোঠাটো সদায় পৰিস্কাৰ কৰি ৰাখিব লাগে।শিশুৰ কাপোৰ দিনত এবাৰতকৈ অধিক সলনি কৰিব লাগে।শিশুটোক ৰাতি শুই থাকোঁতে আৰামদায়ক কাপোৰ পিন্ধাব লাগে। চাফা-চিকুনকৈ থকা শিশুৰ ভাল টোপনি আহে।
সঠিক ৰুটিনৰ অভাৱ
শিশুটোৰ ৰাতি শোৱাৰ এটা সঠিক সময় থাকিব লাগে।কিন্তু অধিকাংশ শিশুৰে বিচনালৈ যোৱাৰ সঠিক সময় নাথাকে।যাৰ বাবে তেওঁলোকৰ অনিদ্ৰাৰ সমস্যা আৰম্ভ হয়। সেয়েহে শিশুসকলক ৰাতি পৰিস্কাৰ কাপোৰ পিন্ধাই, ব্ৰাছ কৰি সঠিক সময়ত শোৱাৰ অভ্যাস কৰিব লাগে।আপোনাৰ শিশুটোক শোৱাৰ ৪-৫ ঘণ্টাৰ আগতে খুৱাই অলপ খোজ কঢ়াই বিচনালৈ নিব।
অত্যাধিক চাপ
যদি শিশুটোৰ যিকোনো ধৰণৰ চাপ থাকে, তেতিয়া ই সিহঁতৰ টোপনিক প্ৰভাৱিত কৰিব পাৰে। শিশুটোৰ টোপনি নাহিলে ইয়াৰ কাৰণ বিচাৰি উলিয়াবলৈ চেষ্টা কৰক আৰু তেওঁলোকক সহায় কৰক। ইয়াৰ বাহিৰেও অনিদ্ৰাৰ সমস্যাটো দূৰ কৰিবলৈ আপুনি শিশুসকলক নিয়মীয়াকৈ ব্যায়াম কৰাৰ অভ্যাস কৰাওঁক।
স্ক্ৰীণত অধিক মনোনিৱেশ
যদি শিশুৱে নিশা দীঘলীয়া সময়ৰ বাবে টিভি চায়, ই তেওঁলোকৰ চকুত চাপ দিয়ে। যাৰ ফলত অনিদ্ৰাৰ সমস্যাই দেখা দিয়ে। এনে পৰিস্থিতিত শিশুসকলক দিনত এক ঘণ্টাতকৈ অধিক সময় স্ক্ৰীণ ব্যৱহাৰ কৰিবলৈ দিব নালাগে।তদুপৰি ৰাতি ম’বাইল, লেপটপৰ পৰা তেওঁলোকক আঁতৰাই ৰাখিব লাগে।