বেকাৰৰ আশ্বৰ্যজনক সৃষ্টিত হতভম্ব বিশ্ব

কেক এনেকুৱা এটা বস্তু যাৰ অবিহনে প্ৰায় প্ৰতিটো উদযাপন অসম্পূৰ্ণ। প্ৰতিজনেই কেকৰ প্ৰতি ইমান দুৰ্বল যে যিকোনো অনুষ্ঠানত মানুহে প্ৰথমে কেকটো কাটিবলৈ আৰু তাৰ পিছত খোৱাৰ সুযোগৰ বাবে অপেক্ষা কৰি থাকে।

author-image
Asomiya Pratidin
New Update
বেকাৰৰ আশ্বৰ্যজনক সৃষ্টিত হতভম্ব বিশ্ব

ডিজিটেল ডেস্ক: কেক এনেকুৱা এটা বস্তু যাৰ অবিহনে প্ৰায় প্ৰতিটো উদযাপন অসম্পূৰ্ণ। প্ৰতিজনেই কেকৰ প্ৰতি ইমান দুৰ্বল যে যিকোনো অনুষ্ঠানত মানুহে প্ৰথমে কেকটো কাটিবলৈ আৰু তাৰ পিছত খোৱাৰ সুযোগৰ বাবে অপেক্ষা কৰি থাকে।কিন্তু আজিকালি বজাৰত এনে কেক উপলব্ধ হৈছে যে ইয়াক আপুনি সজাবই নে খাব, তাৰ লৈ চিন্তিত হ’ব লাগে।আজি আমি আপোনাক এনে এটা কেকৰ বিষয়ে ক'বলৈ গৈ আছো যাক এতিয়ালৈকে বিশ্বৰ আটাইতকৈ ধুনীয়া কেক বুলি গণ্য কৰা হয়।

হয়, দুবছৰ আগতে পুতলাৰ দৰে দেখা কেকৰ এটা ভিডিঅ' ভাইৰেল হৈছিল। এই ভিডিঅ'টোত এটা পুতলাক সেউজীয়া ৰঙৰ ধুনীয়া ভাৰতীয় পৰম্পৰাগত পোছাক পিন্ধা দেখা গৈছিল।দেখাত এনে লাগিছিল যে এইটো এটা মূৰ্তি। কিন্তু পিছত দেখা গৈছিল যে সেয়া এটা কেকহে, যাক পৰম্পৰাগত সাজেৰে ভাৰতীয় কইনাৰ ৰূপেৰে সজোৱা হৈছিল।

এই ধুনীয়া কেকটোৱে আন্তৰ্জাতিক কেক নিৰ্মাণ প্ৰতিযোগিতাতো প্ৰথম স্থান লাভ কৰিছিল।বৰ্তমানলৈ এই কেকটোক বিশ্বৰ ভিতৰতে আটাইতকৈ ধুনীয়া কেক বুলি গণ্য কৰা হয় বুলি বহুতেই দাবী কৰে। সেই সময়ত দাবী কৰা হৈছিল যে এইটো ইণ্ডিয়ান বেকাৰে বনাইছিল।কিন্তু পিছত এইটো প্ৰকাশ পাইছিল যে ইয়াক ছিংগাপুৰৰ এগৰাকী শিল্পী কেথেৰিন কুপেলাই নিৰ্মাণ কৰিছিল।

Also Read: ভাইৰেল ফটোয়ে উদঙাইছে সকলো