মালিকৰ অসাৱধানতাৰ ফল ভূগিলে নিৰ্দোষী জন্তুয়ে

জীৱশ্ৰেষ্ঠ মানুহৰ অসাৱধানতা ফল ভূগিবলগীয়া হ’ল এটা নিৰ্দোষী ম'হে।হয়, মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত সংঘটিত হৈছে এই ঘটনা।প্ৰকৃততে, এটা পোহনীয়া ম'হে অজানিতে খাই দিছিল ঘৰৰ মূল মহিলাগৰাকীৰ মংগলসূত্ৰ।এই মংগলসূত্ৰৰ মূল্য প্ৰায় ডেৰ লাখ টকা।

author-image
Asomiya Pratidin
New Update
মালিকৰ অসাৱধানতাৰ ফল ভূগিলে নিৰ্দোষী জন্তুয়ে

ডিজিটেল ডেস্ক: জীৱশ্ৰেষ্ঠ মানুহৰ অসাৱধানতা ফল ভূগিবলগীয়া হ’ল এটা নিৰ্দোষী ম'হে।হয়, মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত সংঘটিত হৈছে এই ঘটনা।প্ৰকৃততে, এটা পোহনীয়া ম'হে অজানিতে খাই দিছিল ঘৰৰ মূল মহিলাগৰাকীৰ মংগলসূত্ৰ।এই মংগলসূত্ৰৰ মূল্য প্ৰায় ডেৰ লাখ টকা।তাৰ পাছতে মটহৰ পেটত মংগলসূত্ৰ বিচাৰি পৰিয়ালটোয়ে ম’হটোৰ অস্ত্ৰোপচাৰ কৰা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে।

ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰা এই ভিডিঅ’টো এনএনআইয়ে প’ষ্ট কৰিছিল। প’ষ্টটোৰ শিৰোনামটোত এএনআইয়ে লেখিছে, ‘ৱাছিম জিলাৰ এখন গাঁৱত এটা ম'হে সোণৰ মংগলসূত্ৰ খোৱাৰ ঘটনা পোহৰলৈ আহিছে।কিন্তু পাছত ২৫ গ্ৰাম ওজনৰ মংগলসূত্ৰডাল মহটোৰ পেটৰ পৰা উলিয়াই অনা হয়।’

ম'হটোৰ অস্ত্ৰোপচাৰ কৰা পশু চিকিৎসা বিষয়া বালাচাহেব কৌন্দেনে প্ৰকাশ কৰে যে, ‘মেটেল ডিটেক্টৰে ম'হটোৰ পেটত ধাতু থকাটো নিশ্চিত কৰাৰ পাছত ম’হটোৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। এই অস্ত্ৰোপ্ৰচাৰ ২ ঘণ্টা ধৰি চলিছিল। এই অস্ত্ৰোপ্ৰচাৰ কৰোতে ম’হটোৰ শৰীৰত ৬০-৬৫ টা চিলাই পৰিছিল। তেওঁ সকলো লোককে জন্তুক খাদ্য দিয়াৰ সময়ত সাৱধান হ'বলৈ আহ্বান জনায়।

উল্লেখ্য, ইয়াৰ আগতেও হাৰিয়ানাত এটা ষাঁড়ে প্ৰায় ৪০ গ্ৰাম সোণ খাই দিছিল। আচলতে সেই পৰিয়ালটোৰ কেইজনমান সদস্যই তেওঁলোকৰ সোণৰ অলংকাৰ উলিয়াই এটা বাটিত ৰাখিছিল। অজ্ঞাতে কোনোয়ে বাটিটো পাচলিৰ আৱৰ্জনাৰে ভৰাই বাহিৰত থৈ দিছিল আৰু ইয়াক পাকঘৰৰ আৱৰ্জনা বুলি ভাবি বাহিৰত পেলাই দিছিল। এই মূল্যৱান 'আৱৰ্জনা' পথভ্ৰষ্ট ষাঁড়টোৱে খাইছিল।ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাৰ সময়ত এই ঘটনাটো পোহৰলৈ আহিছিল।

Also Read: ছ’চিয়েল মেডিয়াত ভাইৰেল কৃষকৰ ভিডিঅ’, 'আদৰ্শ কৃষক' বুলিলে নেটিজেনে