দূৰ হ'ব সকলো সমস্যা, শান্তিৰে ভৰি পৰিব জীৱন

হিন্দু ধৰ্মালম্বী লোকসকলে মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰে। বিশ্বাস মতে, শুদ্ধ মন আৰু নীতি-নিয়মৰ মাজৰে বজৰংগবলীক আৰাধনা কৰিলে তেওঁ ভক্তৰ সকলো দুখ নাইকিয়া কৰি জীৱনটো সুখময় কৰি তোলে।

author-image
Asomiya Pratidin
New Update
দূৰ হ'ব সকলো সমস্যা, শান্তিৰে ভৰি পৰিব জীৱন

ডিজিটেল ডেস্ক: হিন্দু ধৰ্মালম্বী লোকসকলে মঙলবাৰৰ দিনটো ভগৱান হনুমানৰ নামত উৎসৰ্গা কৰে। বিশ্বাস মতে, শুদ্ধ মন আৰু নীতি-নিয়মৰ মাজৰে বজৰংগবলীক আৰাধনা কৰিলে তেওঁ ভক্তৰ সকলো দুখ নাইকিয়া কৰি জীৱনটো সুখময় কৰি তোলে।মঙলবাৰৰ দিনটোত আপুনি ঘৰলৈ কিছুমান সামগ্ৰী আনিও বজৰংগবলীৰ আৰ্শাবাদপুষ্ট হ’ব পাৰে। হয়, সেই সামগ্ৰীসমূহ হৈছে-

Advertisment

হনুমান মূৰ্তি

মঙলবাৰে ঘৰলৈ হনুমানৰ মূৰ্তি আনিলে ঘৰত শান্তি আৰু সমৃদ্ধি বৰ্তি থাকে। মূৰ্তি পূজাৰ ফলত  মানসিক শক্তি আৰু সাহস বৃদ্ধি হয়।

হনুমান চালিচা

হনুমান চালিচা ঘৰলৈ অনাৰ কথা যদি মনতে ভাবিছে, তেন্তে মঙলবাৰে আনিব। আনহাতে, ঘৰত মঙলবাৰে হনুমান চালিচা পঢ়াটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াক ঘৰৰ উপাসনা স্থানত ৰাখিব আৰু নিয়মীয়াকৈ পঢ়িব। 

সেন্দুৰ

হনুমান উপাসনাত সেন্দুৰ আগবঢ়োৱাটো অতি গুৰুত্বপূৰ্ণ। সেয়েহে, মঙলবাৰে হনুমান পূজাৰ সময়ত নিয়মীয়াকৈ আপুনি সেন্দুৰ আগবঢ়াব।

হনুমান কৱচ

ঘৰত হনুমান কৱচ ৰখা আৰু পঢ়াটো শুভ বুলি গণ্য কৰা হয়। ই ঘৰখনক সুৰক্ষা আৰু দুখৰ পৰা মুক্তি প্ৰদান কৰে।

হনুমানৰ ফটো

হনুমানৰ ফটো সদায় মঙলবাৰে ঘৰলৈ আনিব লাগে।হনুমানৰ ফটো উপাসনাস্থলীত থোৱাৰ লগতে ঘৰৰ বেৰত সজোৱাটোও অতি শুভ বুলি গণ্য কৰা হয়। 

তদুপৰি, মঙলবাৰে উপাসনাৰ সময়ত বজৰংগবলীক ৰঙা ফুল আৰু বেল পাত আগবঢ়াব। হনুমান ভজন বা কীৰ্তনো নিয়মীয়াকৈ শুনিব। ইয়াৰ ফলত ঘৰত ধনাত্মক শক্তিৰ প্ৰবাহ হয়।

Also Read: আঁতৰিব গ্ৰহ-গতিৰ দোষ, সন্তুষ্ট হ’ব মা লক্ষ্মী