/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/0faa7267-7fd4-4082-bcd0-39b81339d10e/AP_FOR_WEB_Bobby.jpg)
ডিজিটেল ডেস্ক: মৃত্যুক আকোৱালি ল'লে বিশ্বৰ আটাইতকৈ বয়সীয়াল কুকুৰ ববীয়ে। এই খবৰ গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছৰ তৰফৰ পৰা ৰাজহুৱা কৰা হৈছে।মৃত্যুৰ সময়ত ববীৰ বয়স হৈছিল ৩১ বছৰ ১৬৫ দিন। মধ্য পৰ্তুগালৰ এখন গাঁৱত গোটেই জীৱন অতিবাহিত কৰি তাতেই ববীৰ মৃত্যু হয়।
ববী ৰাফেইৰো আলেণ্টেজানো প্ৰজাতিৰ কুকুৰ আছিল। ৩১ বছৰ বয়সত মৃত্যু হৈ ববীয়ে ১৯৩৯ চনত ২৯বছৰ ৫ মাহত মৃত্যু হোৱা এটা অষ্ট্ৰেলিয়ান ‘কেটেল ডগ’ৰ অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। চলিত বছৰৰ ফেব্ৰুৱাৰীত ববীক পৃথিৱীৰ আটাইতকৈ পুৰণি কুকুৰ হিচাপে ঘোষণা কৰা হৈছিল।আচৰিত কথা এয়ে যে, ববীৰ প্ৰজাতিৰ কুকুৰৰ গড় বয়স ১২-১৪ বছৰ। ববীক সৰুৰে পৰা ডাঙৰ-দীঘল কৰা লিওনেল কোষ্টাই ববীৰ দীৰ্ঘজীৱনৰ বাবে কেইবাটাও কাৰক উল্লেখ কৰিছে। গ্ৰাম্য অঞ্চলত শান্তিৰে বাস কৰা, সদায়েই শৃংখলাবদ্ধকৈ থকা আৰু ভাল খাদ্য খোৱাটো এই কাৰকসমূহৰ ভিতৰত অন্যতম। মৃত্যুৰ পূৰ্বে ববীয়ে খোজ কাঢ়িবলৈ এৰিছিল আৰু তাৰ দৃষ্টিশক্তি নাইকিয়া হৈ গৈছিল।
উল্লেখ্য যে, মে' মাহত ববীৰ ৩১ সংখ্যক জন্মদিন উদযাপনৰ কাৰ্যসূচীত শতাধিক লোক উপস্থিত আছিল।ববীৰ মৃত্যুৰ খবৰ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰাত অগগন লোকে শোক প্ৰকাশ কৰি ববীৰ আত্মাৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰিছে।
Also Read: পৃথিৱীৰ আটাইতকৈ বয়সীয়াল মুৰ্গীজনীৰ বিষয়ে জানেনে ?
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us