/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/eaa4c6a0-895f-40f5-9448-c2f9cfc9c7a1/AP_FOR_WEB_TRAVEL__1_.jpg)
ডিজিটেল ডেস্ক : গ্ৰীষ্মকালে আমাক বাৰুকৈয়ে যাতনা দিয়ে। এই দিনকেইটাত শান্তিৰে বাহিৰত সময় কটোৱাটো এক প্ৰকাৰ প্ৰত্যাহ্বান।যেতিয়া এই ঋতুত ভ্ৰমণ কৰাৰ কথা আহে, সকলোৱে এনে এখন ঠাইলৈ যাব বিচাৰে য'ত গৰমৰ পৰা সকাহ দিব পৰাকৈ বতৰটো ঠাণ্ডা হৈ থাকে। কিন্তু প্ৰায়ে এনে ভ্ৰমণৰ বাবে নিখুঁত গন্তব্য স্থান বিচাৰি পোৱাটো অলপ কঠিন হৈ পৰে।আজি আমি আপোনাক কিছুমান এনে বিশেষ ঠাইৰ বিষয়ে জনাম, য'ত আপুনি আপোনাৰ গ্ৰীষ্মৰ বন্ধ উপভোগ কৰিব পাৰে।
চেৰাপুঞ্জী
যদি আপুনি সেউজীয়া পৰিৱেশ ভাল পায়, তেন্তে আপুনি চেৰাপুঞ্জীলৈ যাব পাৰে।চেৰাপুঞ্জীত গ্ৰীষ্মকালত বতৰ বৰ ঠাণ্ডা হৈ থাকে। এই সময়ত চেৰাপুঞ্জীত তাপমাত্ৰা ১৫ ডিগ্ৰী চেলচিয়াছৰ পৰা প্ৰায় ২৩ ডিগ্ৰীলৈকে হয়।আপোনাৰ মন-প্ৰাণ আকৰ্ষিত কৰিব পৰাকৈ চেৰাপুঞ্জীত অতি সুন্দৰ জলপ্ৰপাত আছে। চেৰাপুঞ্জীত কিছুমান এনে গাওঁ আছে যাৰ পৰিস্কাৰ-পৰিচ্ছন্নতা দেখি আপুনি ষথেষ্ট সুখী হ'ব পাৰিব।
কাচল
কাচল হৈছে হিমাচল প্ৰদেশৰ কুল্লুত অৱস্থিত এখন সৰু গাওঁ। যদি আপুনি ট্ৰেকিং ভাল পায়, তেন্তে এই ঠাইখন আপোনাৰ বাবে উপযুক্ত।ইয়াৰ উপৰিও, আপুনি মণিকৰণ গুৰুদ্বাৰা, পাৰ্বতী নদী আৰু তোষ গাওঁ দৰ্শন কৰিব পাৰে। এই সময়ছোৱাত ইয়াত সৰ্বোচ্চ তাপমাত্ৰা ২৫ ডিগ্ৰী আৰু নিম্নতম তাপমাত্ৰা প্ৰায় ১৮ ডিগ্ৰী।এই গাওঁখনত আকৰ্ষণীয় দৃশ্য উপভোগ কৰিবলৈ ভাৰতীয় লোকসকলৰ উপৰিও পৰ্যটকসকলেও যথেষ্ট ভিৰ কৰে।কাচলৰ ক্ষীৰগঙ্গা ট্ৰেকও অতি বিখ্যাত।সেয়েহে সময় উলিয়াই আপুনি এই বিশেষ ঠাইলৈও যাব পাৰে।
মিৰিক
মিৰিক পশ্চিম বংগত অৱস্থিত এটা অতি ভাল পাহাৰীয়া আস্থান আৰু পৰ্যটন স্থলী। আপুনি আপোনাৰ বন্ধুবৰ্গ, পৰিয়াল আৰু সংগীৰ সৈতে এই ঠাই উপভোগ কৰিব পাৰে। গ্ৰীষ্মকালত ইয়াত তাপমাত্ৰা প্ৰায় ১০° চেণ্টিগ্ৰেডৰ পৰা ২০° চেণ্টিগ্ৰেডলৈকে হয়।আপুনি মিৰিক হ্ৰদ, অৰেঞ্জ অৰ্কিড, বুংকুলুন, চাহ বাগিচা আদিও পৰিদৰ্শন কৰিব পাৰি।
কুনুৰ
তামিলনাডুত অৱস্থিত কুনুৰো গ্ৰীষ্ম কালত ভ্ৰমণ কৰিবলগীয়া এখন অতি উত্তম ঠাই।ইয়াত থকা চাহ বাগিচাবোৰে আপোনাৰ হৃদয় জয় কৰাটো এশ শতাংশই নিশ্চিত।আপুনি ইয়াত দুঃসাহসিক অভিযান তথা বহুতো সুন্দৰ প্ৰাকৃতিক দৃশ্য মন ভৰাকৈ উপভোগ কৰিব পাৰে। বিশেষকৈ গ্ৰীষ্মৰ দিনবোৰত কুনুৰৰ নীলগিৰি পৰ্বত ৰেলপথ আৰু চাহ বাগিচাবোৰ চালে চকু ৰোৱা হৈ থাকে। যদি আপুনি কুনুৰলৈ গৈ কোনো ঠাই ভ্ৰমণ কৰিব নিবিচাৰে, তেন্তে আপুনি হোটেলত বহিয়েই চাৰিওফালৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে।
আউলি
ভাৰতৰ আটাইতকৈ শীতল ঠাইবোৰৰ ভিতৰত আউলিও অন্যতম।প্ৰচণ্ড গৰমৰ পৰা সকাহ পাবলৈ আপুনি আউলিত খোজ কাঢ়িবলৈ যাব পাৰে। গ্ৰীষ্মকালত ইয়াত তাপমাত্ৰা যথেষ্ট ঠাণ্ডা হয়। এই দিনকেইটাত ইয়াত বৰফৰে আবৃত হৈ থকা পৰ্বতবোৰেও সকলোৰে দৃষ্টি কাঢ়ে।
Also Read: বেছি চিন্তা নকৰি ভ্ৰমণ কৰক এইকেইখন ঠাই