ৰাতিৰ আহাৰৰ সোৱাদ দুগুণে বৃদ্ধি কৰিব এই ৰুটীয়ে

সুস্থ জীৱনশৈলীৰ বাবে ৰাতি লঘু আহাৰ খোৱাটো খুবেই গুৰুত্বপূৰ্ণ।কিন্তু ৰাতি খাদ্য প্ৰস্তুত কৰিবৰ সময়ত মহিলাসকলে স্বাস্থ্যকৰ বিকল্প বিচাৰি নাপায়। এনে পৰিস্থিতিত বেচনৰে তৈয়াৰ কৰিব পাৰে এটা স্বাস্থ্যকৰ সুস্বাদু ৰেচিপি।

author-image
Asomiya Pratidin
New Update
ৰাতিৰ আহাৰৰ সোৱাদ দুগুণে বৃদ্ধি কৰিব এই ৰুটীয়ে

ডিজিটেল ডেস্ক: সুস্থ জীৱনশৈলীৰ বাবে ৰাতি লঘু আহাৰ খোৱাটো খুবেই গুৰুত্বপূৰ্ণ।কিন্তু ৰাতি খাদ্য প্ৰস্তুত কৰিবৰ সময়ত মহিলাসকলে স্বাস্থ্যকৰ বিকল্প বিচাৰি নাপায়। এনে পৰিস্থিতিত বেচনৰে তৈয়াৰ কৰিব পাৰে এটা স্বাস্থ্যকৰ সুস্বাদু ৰেচিপি।হয়, বেচনৰে আপুনি বনাব পাৰে ৰুটী, যাক আপুনি চাটনি বাদাইলৰ সৈতে খাব পাৰে।বেচনৰ ৰুটী কিদৰে তৈয়াৰ কৰিব পাৰি, আজি জানো আহক-

Advertisment

বেচনৰ ৰুটীৰ বাবে দৰকাৰী সামগ্ৰীসমূহ-

বেচন - ১ কাপ 

আটা - ১/২ কাপ 

পিঁয়াজ - ১/২ কাপ (মিহিকৈ কটা)

সেউজীয়া জলকীয়া - ২ (মিহিকৈ কটা)

পানী - সোৱাদ অনুসৰি

নিমখ - সোৱাদ অনুসৰি 

সেউজীয়া ধনিয়া - ১ কাপ (কটা)

জিৰা গুটি - ১ চাহ চামুচ 

বেচনৰ ৰুটী তৈয়াৰ কৰিব পদ্ধতি 

১) প্ৰথমে এটা পাত্ৰত বেচনখিনি ল’ব।

২) তাৰ পিছত তাত আটাখিনি মিহলি কৰিব।

৩) এই মিশ্ৰণটোত নিমখ, জিৰা গুটি, সেউজীয়া ধনিয়া, পিয়াজ মিহলি কৰিব।

৪) এই সকলোখিনি জোখমতে পানী দি আটাৰ দৰে মাৰি ল’ব।

৫) এইখিনি কমেও আধা ঘণ্টাৰ বাবে ফ্ৰীজত ৰাখিব।

৬) নিৰ্ধাৰিত সময়ৰ পিছত বেচনৰ মিশ্ৰনটো ফ্ৰীজৰ পৰা উলিয়াই আটাৰ দৰে সৰু সৰু লাডু কৰি বেলনাত বেলি ল’ব।

৭) এতিয়া টাৱাত ঘিউ বা তেল দি ভালদৰে ৰুটীটো প্ৰস্তুত কৰক। 

৮) আপোনাৰ বেচনৰ ৰুটী সাজু।

৯) ৰাতি দাইল, চাটনি বা পাচলিৰ সৈতে গৰমে গৰমে পৰিৱেশন কৰিব।

১০) এই ৰুটী আপুনি ৰাতিপুৱাৰ আহাৰতো খাব পাৰে।

Also Read: Tea Side Effects: চাহ খাই শৰীৰটো ঘূণীয়া নকৰিব