ছালত মধুৰিআমৰ পাত কিদৰে ব্যৱহাৰ কৰিব লাগে জানেনে ?

নিখুঁত ছালৰ গৰাকী হোৱাটো প্ৰতিগৰাকী মহিলাৰে কাম্য।ইয়াৰ বাবে তেওঁলোকে ছালত বিভিন্ন প্ৰকাৰৰ নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে।কিন্তু ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছতো ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ নকৰে। এনে পৰিস্থিতিত কেতবোৰ ঘৰুৱা সামগ্ৰীয়ে ঔষধৰ কাম কৰে।ইয়াৰ ভিতৰত অন্যতম হৈছে মধুৰিআমৰ পাত।

author-image
Asomiya Pratidin
New Update
ছালত মধুৰিআমৰ পাত কিদৰে ব্যৱহাৰ কৰিব লাগে জানেনে ?

ডিজিটেল ডেস্ক: নিখুঁত ছালৰ গৰাকী হোৱাটো প্ৰতিগৰাকী মহিলাৰে কাম্য।ইয়াৰ বাবে তেওঁলোকে ছালত বিভিন্ন প্ৰকাৰৰ নামী-দামী সামগ্ৰী ব্যৱহাৰ কৰে।কিন্তু ব্যয়বহুল সামগ্ৰী ব্যৱহাৰ কৰাৰ পিছতো ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ লাভ নকৰে। এনে পৰিস্থিতিত কেতবোৰ ঘৰুৱা সামগ্ৰীয়ে ঔষধৰ কাম কৰে।ইয়াৰ ভিতৰত অন্যতম হৈছে মধুৰিআমৰ পাত।মধুৰিআমৰ পাতে আপোনাৰ ছালক এক নতুন পৰিচয় দিব পাৰে। সৌন্দৰ্য চৰ্চাত মধুৰিআমৰ পাতৰ ব্যৱহাৰৰ বিষয়ে আজি জানো আহক-

Advertisment

ছাল কোঁচখোৱা সমস্যা নাইকিয়া হয়

মধুৰিআম পাতৰ পৰা প্ৰস্তুত কৰা পেষ্ট লগালে মুখৰ ছাল কোঁচখোৱা সমস্যা দূৰ হয়। মধুৰিআমৰ পাতত আইচফ্লেভোনইড, গেলিক এচিড, এস্কৰ্বিক এচিড আৰু কেৰোটিনইডৰ দৰে পুষ্টি থাকে, যিয়ে ছালৰ সংক্ৰমণ আঁতৰ কৰাত সহায় কৰে। তদুপৰি, ইয়াত এণ্টিঅক্সিডেণ্টো থাকে, যিয়ে ক্ষতিগ্ৰস্ত ছাল আৰোগ্য কৰে।ছালত ব্যহাৰৰ বাবে মধুৰিআমৰ পাতবোৰ গুৰি কৰক আৰু এটা পেষ্ট প্ৰস্তুত কৰি মুখত প্ৰয়োগ কৰক। ইয়াক নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে আপুনি আপোনাৰ মুখৰ পাৰ্থক্য অতি সোনকালে দেখিবলৈ পাব।

ছাল টান হয়

বৰ্ধিত বয়সৰ সৈতে ছাল ঢিলা হ'বলৈ আৰম্ভ কৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি মধুৰিআমৰ পাতৰ পেষ্ট তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে। 

এই পেষ্ট তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ-

মধুৰিআম পাত - ৩-৪টা

গোলাপ জল - ১ চামুচ 

হালধি - ১ চামুচ 

মুলতানি মাটি - ১ চামুচ

কেনেদৰে ব্যৱহাৰ কৰিব? 

. প্ৰথমে মধুৰিআম পাতখিনি গুৰি কৰি ল’ব।

. তাৰ পিছত পেষ্টটো এটা পাত্ৰত ৰাখক। 

. ইয়াত গোলাপ জল, হালধি, মুলতানি মাটি দি ভালদৰে মিহলি কৰি পেষ্টটো প্ৰস্তুত কৰিব।

. এই পেষ্টটো ১৫-২০ মিনিটৰ কাৰণে মুখত লগাই পাছত পৰিস্কাৰ পানীৰে ধুই পেলাব।

. দৈনিক ব্যৱহাৰে ছালখন টান কৰি তুলিব।

মৃত ছালৰ কোষবোৰ নাইকিয়া হয় 

মৃত ছালৰ কোষৰ পৰা সকাহ পাবলৈ আপুনি মধুৰিয়ামৰ পাত ব্যৱহাৰ কৰিব পাৰে। এই পাতবোৰ ব্যৱহাৰ কৰিলে ছাল উজ্জ্বল হোৱাৰ লগতে ছালৰ ৰক্ত সঞ্চালন সঠিক হয় আৰু ছাললৈ প্ৰাকৃতিক উজ্জ্বলতা কঢ়িয়াই আনে।

এই পেষ্ট তৈয়াৰ কৰিবৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ-

মধুৰিআম পাত - ৩-৪টা

মৌ - ২ চাহ চামুচ

কেনেদৰে ব্যৱহাৰ কৰিব? 

. মধুৰিয়ামৰ পাতবোৰ গুৰি কৰিব আৰু ইয়াৰ লগত মৌ মিহলি কৰিব।

. পেষ্টটো তৈয়াৰ হোৱাৰ পাছত মুখত ভালদৰে লগাই ৰাখিব।

. ৫-১০মিনিট মালিচ কৰাৰ পিছত মুখখন ধুই পেলাব। 

Also Read: ছালৰ সমস্যা সমাধানত তুলসী কিদৰে ব্যৱহাৰ কৰিব লাগে জানি লওঁক