বিশ্বৰ কনিষ্ঠতম চিত্ৰশিল্পীৰ খিতাপ লাভ কৰা শিশুটোৰ বিষয়ে জানেনে ?

নিজে কি কৰিব পাৰে এটি ১৬ মহীয়া শিশুয়ে ? হয়তো কেৱল ভালকৈ কোলাত উঠিব আৰু মাতৃ দুগ্ধ পান কৰিব পাৰে ! কিন্তু শেহতীয়াকৈ এই বষয়ৰ এটি শিশুৱে নিজ কৰ্মৰে বিশ্বজয় কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
বিশ্বৰ কনিষ্ঠতম চিত্ৰশিল্পীৰ খিতাপ লাভ কৰা শিশুটোৰ বিষয়ে জানেনে ?

ডিজিটেল ডেস্ক: নিজে কি কৰিব পাৰে এটি ১৬ মহীয়া শিশুয়ে ? হয়তো কেৱল ভালকৈ কোলাত উঠিব আৰু মাতৃ দুগ্ধ পান কৰিব পাৰে ! কিন্তু শেহতীয়াকৈ এই বষয়ৰ এটি শিশুৱে নিজ কৰ্মৰে বিশ্বজয় কৰিবলৈ সক্ষম হৈছে। হয়, এছ লিয়াম নানা চেম আনক্ৰা নামৰ ১বছৰ ১৫২ দিনীয়া শিশুটিয়ে ছবি আঁকি গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে।

Advertisment

ঘানাত বাস কৰা এছ-লিয়ামে অঁকা বহু ছবি ইতিমধ্যে বিক্ৰীও হৈছে।এই খিতাপ লাভ কৰি বিশ্বৰ আটাইতকৈ কনিষ্ঠ শিল্পী হিচাপে বিবেচিত হৈছে এছ লিয়াম।এই শিশুটিয়ে ছমাহ বয়সৰ পৰাই ছবি অঁকাৰ প্ৰতি আগ্ৰহী হৈছিল আৰু লাহে লাহে ইয়াৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়িছিল। এই সন্দৰ্ভত শিশুটিৰ মাতৃয়ে জানিবলৈ দিয়া মতে, তেওঁ কাম কৰি থকাৰ সময়ত সন্তানটোক ব্যস্ত ৰাখিবলৈ প্ৰথমতে কিছু ৰঙৰ সৈতে খেলিবলৈ দিছিল।এনেদৰে খেলি থাকোতেই তেওঁ এদিন এখন চিত্ৰ অংকন কৰিছিল, যি ইমানেই সুন্দৰ আছিল যে দেখি পৰিয়ালৰ লোকসকল হতবাক হৈ পৰিছিল।এনেদৰে আৰম্ভ হৈছিল এছ লিয়ামৰ এই সফলতাৰ যাত্ৰা।

গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছৰ মতে, বিশ্বৰ আটাইতকৈ কনিষ্ঠ শিল্পীৰ অভিলেখ গঢ়াৰ পিছৰে পৰা এছ লিয়াম বহুতৰ বাবে অনুপ্ৰেৰণা হৈ পৰিছে। ঘানা এখন অতি পিছপৰা আৰু দৰিদ্ৰ দেশ।এই দেশত বাস কৰা লোকসকলৰ বাবে এতিয়া সফলতাৰ বাৰ্তা হৈছে লিয়াম।উল্লেখ্য যে, এছ লিয়ামৰ চিত্ৰৰ এখন প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। যত ১০খন চিত্ৰ প্ৰদৰ্শন কৰা হৈছিল আৰু ইয়াৰে ৯ খনেই মানুহে ক্ৰয় কৰিছিল।

Also Read: সৰ্বাধিক দাঁত থকা মহিলা হিচাপে বিশ্ব অভিলেখ গঢ়িলে ভাৰতৰ কল্পনাই