বহু সমস্যাৰ সমাধান দিয়ে অমিতাই

ছালৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অমিতা ব্যৱহাৰ কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
বহু সমস্যাৰ সমাধান দিয়ে অমিতাই

ডিজিটেল ডেস্ক: সম্প্ৰতি অধিকাংশ লোকেই ছালৰ সমস্যাৰ বাবে অসুবিধাত পৰে।একাংশ লোকে সৌন্দৰ্য সামগ্ৰী ব্যৱহাৰ কৰাটোয়েই ছালৰ সমস্যাসমূহৰ এটা অতি সৰল সমাধান বুলি ভাৱে।কিন্তু এই সামগ্ৰীত থকা ৰাসায়নিক পদাৰ্থবোৰে ছালখন বেয়া কৰি পেলায়। এনে পৰিস্থিতিত আপুনি কেতবোৰ ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি আপোনাৰ ছালখন ধুনীয়া কৰি ৰাখিব পাৰে।প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ কৰিলে ছালৰ ওপৰত ইয়াৰ একো পাৰ্শ্বক্ৰিয়া নহয়।ছালৰ সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি অমিতা ব্যৱহাৰ কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

Advertisment

ক’লা পৰা, শুকান, ফাটি যোৱা ছালৰ বাবে উপকাৰী

অমিতাত পেপিন আৰু ভিটামিন এ এনজাইম থাকে, যিয়ে ছাল কোমল কৰে।অমিতাই ছালৰ ক’লা পৰা সমস্যা সমাধান কৰাৰ লগতে মৃত ছাল আঁতৰ কৰা, শুকান ছাল তথা ফটা ছালৰ বাবেও ই উপকাৰী। ইয়াৰ বাবে, আপুনি অমিতাৰ পেষ্ট এটা বনাই মুখত লাহে লাহে মালিচ কৰক। প্ৰায় ১৫ মিনিটৰ পিছত মুখখন পানীৰে ধুই পেলাব। ই আপোনাৰ ছালক ময়েশ্চাৰাইজ কৰাতো সহায় কৰিব।

ছাল কোঁচ খোৱা সমস্যাৰ সমাধান দিয়ে

অমিতাৰ ব্যৱহাৰৰ দ্বাৰা ছাল কোঁচ খোৱা সমস্যা দূৰ কৰিব পাৰি।ইয়াৰ বাবে আপুনি এটা ফেচ পেক বনাব লাগিব।এই ফেচপেক এটা তৈয়াৰ কৰিবলৈ বাদাম, গাখীৰ, অমিতা, মৌ আৰু এল’ভেৰা একেলগে মিহলি কৰি ল’ব। এতিয়া ইয়াক প্ৰায় ২৫ মিনিটৰ বাবে আপোনাৰ মুখত প্ৰয়োগ কৰি নিৰ্ধাৰিত সময়ৰ পাছত মুখখন পৰিস্কাৰ পানীৰে ধুই পেলাব।

শালমন আঁতৰাবলৈ সহায়ক

যদি আপুনি শালমনৰ সমস্যাত অসুবিধাত পৰিছে, তেন্তে কেঁচা অমিতা আপোনাৰ বাবে অমৃতৰ দৰে হ'ব পাৰে। ইয়াৰ বাবে কেঁচা অমিতা পিছি লৈ পেষ্ট এটা বনাওক আৰু ইয়াক মুখত প্ৰয়োগ কৰি আধা ঘণ্টাৰ বাবে এৰি দিয়ক। যেতিয়া ই শুকাই যায়, ইয়াক পৰিস্কাৰ পানীৰে ধুব পেলাব। এনে কৰাৰ দ্বাৰা শালমন দূৰ হোৱাৰ লগতে আপোনাৰ দাগো দূৰ হ'ব।

ফাটি যোৱা গোৰোহাৰ সমাধান

যিসকল গোৰোহা ফটাৰ সমস্যাত অতিষ্ঠ হৈছে, তেওঁলোকে অমিতাৰ পেষ্ট ব্যৱহাৰ কৰি এই সমস্যাৰ পৰা সমাধান লাভ কৰিব পাৰে। যদি আপুনি সপ্তাহত দুবাৰকৈ এই পন্থা অৱলম্বন কৰে, আপুনি নিজেই ইয়াৰ লাভালাভবোৰ দেখিবলৈ পাব।

Also Read: আজিয়েই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰক ছাত্তু গুৰি