'কেবিচি' উপভোগ কৰিবলৈ সাজু হওঁক

টেলিভিছনৰ খুবেই জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা কৰৌৰপতি’ চমুকৈ ‘কেবিচি’ত এতিয়াৰে পৰা দৰ্শকে লাভ নকৰিব আগৰ সোৱাদ। সলনি হ’ব 'কেবিচি'।হয়, ‘কেবিচি’, ছিজন ১৬ত কেতবোৰ আকৰ্ষণীয় পৰিৱৰ্তন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
'কেবিচি' উপভোগ কৰিবলৈ সাজু হওঁক

ডিজিটেল ডেস্ক: টেলিভিছনৰ খুবেই জনপ্ৰিয় কুইজ শ্ব’ ‘কৌন বনেগা কৰৌৰপতি’ চমুকৈ ‘কেবিচি’ত এতিয়াৰে পৰা দৰ্শকে লাভ নকৰিব আগৰ সোৱাদ। সলনি হ’ব 'কেবিচি'। হয়, ‘কেবিচি’, ছিজন ১৬ত কেতবোৰ আকৰ্ষণীয় পৰিৱৰ্তন কৰা হৈছে। 

Advertisment

প্ৰকৃততে, এই বিষয়ে ছ’চিয়েল মেডিয়াযোগে অনুৰাগীক জনাইছে ‘কেবিচি’ৰ আঁতধৰোতা মেগাষ্টাৰ অমিতাভ বচ্চনে।এই প’ষ্টটোত তেওঁ লেখিছে, ‘কৌন বনেগা কৰৌৰপতি, ছিজন ১৬’ ৰ বাবে আমি সাজু । আমাৰ এই অনুষ্ঠানটোয়ে প্ৰতিযোগীসকলক কেৱল নগদ পুৰস্কাৰ দিয়াই নহয়, তেওঁলোকৰ ব্যক্তিগত কাহিনীও ভাগ বতৰা কৰিবলৈ এক মঞ্চ প্ৰদান কৰে। এই নতুন ছিজনটোত নিৰ্মাতাসকলে কেতবোৰ আকৰ্ষণীয় পৰিৱৰ্তন কৰিছে।যিয়ে দৰ্শকক অধিক আকৰ্ষিত কৰিব বুলি আমি আশাবাদী।'

উল্লেখ্য যে, ‘কৌন বনেগা কৰৌৰপতি, ছিজন ১৬’  ১২ আগষ্টৰ পৰা ছ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছন চেনেলত সম্প্ৰচাৰিত হ'ব।