/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/ff31d02a-3dc5-492a-afb9-895be56d7532/AP_FOR_WEB_bathroom.jpg)
ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰত ঘৰৰ প্ৰতিটো কোণকে অতি বিশেষভাৱে গুৰুত্ব দিয়া হয়।কিয়নো এই কোণবোৰৰ যিকোনো এটাত বাস্তুৰ ত্ৰুটি থাকিলে ঘৰটোত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। বাস্তু শাস্ত্ৰত বাথৰুম তথা শৌচালয় বনোৱাৰ কিছুমান বিশেষ নিয়ম আছে।বিশেষকৈ যদি ঘৰত এটা সংলগ্ন বাথৰুম থাকে, তেনেহ'লে এই নিয়মবোৰৰ বিশেষ যত্ন লোৱা উচিত। এই নিয়মবোৰ উপেক্ষা কৰিলে আপোনাৰ ঘৰত নেতিবাচক প্ৰভাৱ পৰাৰ লগতে ঘৰখনলৈ চৰম দৰিদ্ৰতা আহিব পাৰে। আজি এই বিষয়ে সবিশেষ জানো আহক-
সম্পৰ্কত প্ৰভাৱ
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f2b12704-6ee1-452e-bd2b-743872cd39c6/14_25_581391861fight_in_husband_wife_relation.jpg)
সুবিধাৰ বাবেই হওঁক অথবা ঘৰখন বিশেষভাৱে সজাবলৈকে হওঁক, আজিকালি বহুলোকে ঘৰটোত সংলগ্নকৈ ‘বাথৰুম’ নিৰ্মাণ কৰে।কিন্তু ঘৰখনত এনেদৰে ‘বাথৰুম’ থকাটোয়ে স্বামী আৰু পত্নীৰ মাজৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পেলায়। আনহাতে, স্বামী আৰু পত্নীয়ে শুই থাকোঁতে যদি ভৰিকেইটা ‘বাথৰুম’ৰ ফালে থাকে, তেতিয়া তেওঁলোকৰ মাজত কাজিয়া লগাটো প্ৰায় নিশ্চিত। দুয়োৰে মাজৰ পাৰস্পৰিক সম্পৰ্ক বেয়া হোৱাৰো ই অন্যতম কাৰণ।
বাথৰুমৰ দুৱাৰ
শুই থাকোঁতে ‘বাথৰুম’ৰ দুৱাৰ সদায় বন্ধ ৰাখিব। দুৱাৰ খন খোল খাই থকাৰ ফলত বিবাহিত জীৱনত বিবাদ বৃদ্ধি হ'ব পাৰে। বহু সময়ত এই বিবাদ বাঢ়ি গৈ স্বামী আৰু পত্নীৰ মাজত বিচ্ছেদ পৰ্যন্তও হ’ব পাৰে।
শৌচাগাৰৰ আসন
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/4da59def-b2a5-4c07-b627-2b06e4adf0ee/14_26_200627383closed_toilet_seat.jpg)
সদায়ে শৌচাগাৰৰ আসন বন্ধ ৰাখিব। বাস্তু বিশ্বাস অনুসৰি, এনে নকৰিলে ঘৰটোত নেতিবাচক শক্তিৰ আগমণ হয়। যাৰ ফলত আপোনাৰ ঘৰত আৰ্থিক ক্ষতিৰ সম্ভাৱনা প্ৰকট হৈ পৰে।
বাস্তু ত্ৰুটিবোৰ কেনেদৰে আঁতৰাব ?
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/b04a18d8-32ba-4fca-8ebf-ee939f364433/14_26_490317582under_washroom.jpg)
সংলগ্ন বাথৰুমৰ বাবে ঘৰত বাস্তু ত্ৰুটি থাকিব পাৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বাথৰুমত শিল আৰু নিমখৰে পৰিপূৰ্ণ এটা কাঁচৰ বাতি ৰাখিব। এই বাতিটো এসপ্তাহৰ বাবে বাথৰুমত থাকিবলৈ দিব আৰু সপ্তাহে সপ্তাহে বাতিটোৰ নিমখ সলনি কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
 Follow Us