/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/deb8766c-7779-48ee-afed-0b0b90c3a7cf/AP_FOR_WEB_tax.jpg)
ডিজিটেল ডেস্ক: ‘চাৰ্ক টেক ইণ্ডিয়া’ৰ জৰিয়তে সমগ্ৰ বিশ্বতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় ব্যৱসায়ী অছনীৰ গ্ৰ’ভাৰ তেওঁৰ অনবদ্য জীৱনশৈলীৰ বাবে প্ৰতিদিনে শিৰোনামত থাকে।কেৱল অছনীৰ গ্ৰ’ভাৰেই নহয়, তেওঁৰ পত্নী মাধুৰী জৈন গ্ৰ’ভাৰো সম্প্ৰতি চৰ্চাত আছে।হয়, অছনীৰ গ্ৰ’ভাৰৰ পত্নী মাধুৰী ভাৰতৰ সৰ্বাধিক কৰ পৰিশোধ কৰা মহিলা।ব্যৱসায়ীগৰাকীয়ে নিজেই টুইট কৰি এই বিষয়ে ৰাজহুৱা কৰাৰ পাছতে মাধুৰী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
‘ভাৰত পে’ৰ প্ৰাক্তন পৰিচালনা সঞ্চালক অছনীৰ গ্ৰ’ভাৰে তেওঁৰ টুইটত উল্লেখ কৰি কয়, ‘মাধুৰী জৈন গ্ৰ’ভাৰ হৈছে দেশৰ সৰ্বাধিক কৰ পৰিশোধ কৰা মহিলাসকলৰ অন্যতম এগৰাকী মহিলা। এই বিত্তীয় বৰ্ষত তেওঁ ২.৮৪ কোটি টকাৰ আগতীয়া কৰ পৰিশোধ কৰিছে। মাধুৰীয়ে তেওঁৰ ষ্টাৰ্টআপত বিনিয়োগৰ জৰিয়তে এই আশ্চৰ্যকৰ কাম কৰি আছে। তেওঁৰ সততাক মই অভিবাদন জনাইছো।’
কোন এই মাধুৰী ?
মাধুৰী এগৰাকী অতি সফল মহিলা ব্যৱসায়ী।অছনীৰ গ্ৰ’ভাৰক লগ পোৱাৰ আগৰ পৰাই তেওঁ তেওঁৰ ব্যৱসায় চলাই আহিছে। তেওঁ দিল্লীৰ এনআইএফটিৰ পৰা ফেশ্বন ডিজাইনিঙত স্নাতক ডিগ্ৰী লাভ কৰিছে। মাধুৰীয়ে ইতিমধ্যে সত্য পলৰ লগতে আন বহু নামী-দামী ফেশ্বন ডিজাইনাৰৰ সৈতে কাম কৰাৰ সুবিধা লাভ কৰিছে।ফেশ্বন উদ্যোগত ১৩বছৰ কাম কৰা মাধুৰীক জ্যেষ্ঠ ফেশ্বন ডিজাইনাৰসকলৰ মাজৰ অন্যতম বুলি গণ্য কৰা হয়। অছনীৰ সৈতে প্ৰেম বিবাহৰ পাছত ফেশ্বন ডিজাইনিং এৰি অছনীৰ ব্যৱসায়ৰ দায়িত্ব লয় মাধুৰীয়ে।
মাধুৰীয়ে তেওঁৰ স্বামীক সহায় কৰিবলৈ ‘ভাৰত পে’ত যোগদান কৰিছিল।য’ত মাধুৰীৰ বিত্ত, বেংকিং, এইচ আৰ, ক্ৰয়, বিক্ৰেতাক পৰিশোধৰ দায়িত্ব আছিল। কিন্তু ‘ভাৰত পে’ত তেওঁৰ যাত্ৰা ভাল নাছিল। যাৰ বাবে কোম্পানীটোৱে সহ-প্ৰতিষ্ঠাপক আৰু পৰিচালনা সঞ্চালক অছনীৰ গ্ৰ’ভাৰৰ লগতে মাধুৰীকো বৰ্খাস্ত কৰিছিল।
‘ভাৰত পে’ৰ সহ-প্ৰতিষ্ঠাপক অছনীৰ গ্ৰোভাৰৰ বিৰুদ্ধে কোম্পানীটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি তেওঁ কোম্পানীৰ একাউণ্টৰ টকাৰে তেওঁৰ ব্যক্তিগত ব্যয়ো কৰিছিল। ভুৱা বিল, ভুৱা বিক্ৰেতাৰ সহায়ত তেওঁলোকে কোম্পানীটোৰ ৮৮ কোটি টকা লোকচান কৰিছে।এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত এটা গোচৰ বৰ্তমান আদালতত চলি আছে।
উল্লেখ্য, ২০২২ চনত অছনীৰে ২০২২-২৩ বৰ্ষৰ বাবে আগতীয়াকৈ ৭.১ কোটি টকা পৰিশোধ কৰাৰ বিপৰীতে তেওঁৰ পত্নী মাধুৰীয়ে আগতীয়াকৈ ১.১ কোটি টকা পৰিশোধ কৰিছিল।
Also Read: বেছি চিন্তা নকৰি ভ্ৰমণ কৰক এইকেইখন ঠাই