শিশুটিক মাৰ-পিট নকৰিব

শিশুটিক মাৰ-পিট নকৰিব

ডিজিটেল ডেস্ক: ব্যস্ত জীৱনশৈলীৰ বাবে কৰ্মৰত পিতৃ-মাতৃয়ে তেওঁলোকৰ সন্তানক একেবাৰে সময় দিব নোৱাৰে। যাৰ বাবে শিশুসকল খুৱ কম বয়সতে খিংখিঙীয়া স্বভাৱৰ হৈ পৰে।এই স্বভাৱৰ বাবে শিশুসকলে সৰু সৰু কথাতেই খং আৰু জেদ কৰিবলৈ ধৰে। এনে পৰিস্থিতিত মাক-দেউতাকে বহু সময়ত শিশুটিৰ ওপৰত খং কৰি তেওঁলোকক প্ৰহাৰ কৰিবলৈ ধৰে।কিন্তু প্ৰহাৰ কৰাৰ সলনি আন কিছুমান পদ্ধতি গ্ৰহণ কৰি আপুনি তেওঁলোকৰ বিৰক্ত আচৰণ সংশোধন কৰিব পাৰে।আজি এই বিষয়ে জানো আহক-

শিশুটিক শান্ত কৰিবলৈ চেষ্টা কৰক

বহুতো অভিভাৱকে খঙত শিশুক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে।কিন্তু ইয়াৰ ফলত শিশুবোৰ আৰু অধিক খিংখিঙীয়া হৈ পৰে। সেয়েহে, যদি আপুনি শিশুৰ খিংখিঙীয়া প্ৰকৃতি দেখা পায়, তেনেহ'লে  আৰম্ভণিতে আপুনি তেওঁলোকক শান্ত কৰিবলৈ চেষ্টা কৰিব লাগে।এনে কৰিলে তেওঁলোকৰ সমস্যাবোৰ সহজে সমাধান হ'ব।

খং উঠাৰ কাৰণ জানিবলৈ চেষ্টা কৰক 

শিশুটিয়ে কি কাৰণত বিৰক্ত হৈছে বা খং উঠিছে প্ৰথমে সেয়া জানিবলৈ চেষ্টা কৰক।যদি তেওঁলোক কোনো সমস্যাত আবদ্ধ হৈ আছে বা পৰিস্থিতি বুজি পোৱাত সমস্যা হৈছে, তেনেহ'লে আপুনি তেওঁলোকক সহায় কৰক।

শিশুটিৰ সৈতে সময় কটাব 

বহুসময়ত এটি শিশু খেলা তথা পঢ়া-শুনাৰ চাপ বা বন্ধুৰ সৈতে কাজিয়া হোৱাৰ ফলত খিংখিঙীয়া হ'বলৈ আৰম্ভ কৰে।এনে পৰিস্থিতিত শিশুটোৰ সৈতে যিমান সম্ভৱ সিমান সময় কটাওক।শিশুটিয়ে আমনি পোৱাৰ কাৰণ জানিবলৈ চেষ্টা কৰক। 

শাৰীৰিক কাৰ্যকলাপ কৰাওক

শিশুটোক শাৰীৰিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ দিব। আপুনি তেওঁক ঘৰত বিভিন্ন খেল-ধেমালি কৰিবলৈ সময় উলিয়াই দিব। আবেলি ঘৰৰ ওচৰৰ আন শিশুসকলৰ সৈতে খেলিবলৈ দিয়ক, যাতে তেওঁলোকৰ শক্তি ব্যয় হয়।

নিজকে শান্ত কৰিব

শিশুটোক বিৰক্ত হোৱাৰ পৰা বচাই ৰাখিবলৈ আপুনি নিজকো শান্ত কৰি ৰাখিব লাগিব।যদি আপুনি নিজে শান্ত থাকে, শিশুসকলেও আপোনাক দেখি শান্ত হবলৈ শিকিব।বহুসময়ত শিশুৱে নিজে বুজি নাপায় যে কেনেকৈ তেওঁলোকে নিজৰ খং নিয়ন্ত্ৰণ কৰিব, যাৰ বাবে তেওঁলোকে বিৰক্ত তথা আৰু অধিক খঙাল হৈ পৰে। 

শিশুটিক মাৰ-পিট নকৰিব
Child Diet: শিশুৰ সুস্থ বিকাশৰ বাবে খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিবলগীয়া ৪ টা ভাৰতীয় উপাদান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in