এটা বছৰো নিটিকিল শ্ৰদ্ধা-ৰাহুলৰ সম্পৰ্ক

বলীউডী তাৰকাৰ প্ৰেম-বিবাহ, বিচ্ছেদ আদি খবৰে প্ৰায়ে শিৰোনাম দখল কৰে।শেহতীয়াকৈও বলীউডৰ পৰা আহিছে এক বিচ্ছেদৰ খবৰ। হয়, মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ পাছত এইবাৰ সম্পৰ্কত ফাট মেলিলে শ্ৰদ্ধা কাপুৰৰ।

author-image
Asomiya Pratidin
New Update
এটা বছৰো নিটিকিল শ্ৰদ্ধা-ৰাহুলৰ সম্পৰ্ক

shraddha kapoor's break up

ডিজিটেল ডেস্ক: বলীউডী তাৰকাৰ প্ৰেম-বিবাহ, বিচ্ছেদ আদি খবৰে প্ৰায়ে শিৰোনাম দখল কৰে।শেহতীয়াকৈও বলীউডৰ পৰা আহিছে এক বিচ্ছেদৰ খবৰ। হয়, মলাইকা অৰোৰা আৰু অৰ্জুন কাপুৰৰ পাছত এইবাৰ সম্পৰ্কত ফাট মেলিলে শ্ৰদ্ধা কাপুৰৰ।

Advertisment

বহু চৰ্চিত ছবি 'স্ত্ৰী ২'ৰ প্ৰচাৰত ব্যস্ত হৈ থকাৰ সময়তে শ্ৰদ্ধাৰ ব্যক্তিগত জীৱনলৈ ধুমুহা আহিছে।হয়, প্ৰেমিক ৰাহুল মোডীৰ সৈতে সম্পৰ্ক ছেদ হৈছে শ্ৰদ্ধা কাপুৰৰ। প্ৰায়ে ছ’চিয়েল মেডিয়াত ফটো প’ষ্ট কৰি জীৱনৰ খবৰ ভাগ-বতৰা কৰা শ্ৰদ্ধাই অৱশ্যে এই বিষয়ে মুকলিকৈ একো প্ৰকাশ কৰা নাই। 

অভিনেত্ৰীগৰাকীয়ে কেৱল ইনষ্টাগ্ৰামৰ পৰা ৰাহুল মোডীক ‘আনফ’ল’ কৰিছে। শ্ৰদ্ধাই কেৱল ৰাহুলকে নহয়, ৰাহুলৰ ভগ্নী, প্ৰডাকচন হাউচ আৰু তেওঁৰ কুকুৰৰ নামত থকা একাউণ্টটোকো ‘আনফ’ল’ কৰিছে। ইফালে, শ্ৰদ্ধা কাপুৰৰ সম্পৰ্কীয় ভগ্নী তথা আশা ভোছলেৰ নাতিনী জনাই ভোচলে, শ্ৰদ্ধাৰ সম্পৰ্কীয় ভাতৃয়েও ৰাহুল মোডীক ‘আনফ’ল’ কৰিছে। যাৰ ফলত এই খবৰটো সত্য বুলি অনুৰাগীসকলে বিশ্বাস কৰিছে।

Also Read: বিবাহ বিচ্ছেদৰ উৰাবাতৰিক গাপ দিয়াৰ চেষ্টা !