আপোনাৰ নামটো বাৰু কি আখৰৰে আৰম্ভ হৈছে ?

জ্যোতিষশাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোৰ পৰাই ব্যক্তিজনৰ ব্যক্তিত্ব তথা প্ৰকৃতিৰ বিষয়ে জানিব পাৰি।নাম কেৱল ব্যক্তিৰ পৰিচয়েই নহয়, নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিৰ জীৱনৰ বহুতো বৈশিষ্ট্যপূৰ্ণ গুণাগুণ জানিব পাৰি। আজি ‘ই’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীৰ প্ৰকৃতিৰ বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
আপোনাৰ নামটো বাৰু কি আখৰৰে আৰম্ভ হৈছে ?

ডিজিটেল ডেস্ক: জ্যোতিষশাস্ত্ৰ অনুসৰি, এজন ব্যক্তিৰ নামৰ প্ৰথম আখৰটোৰ পৰাই ব্যক্তিজনৰ ব্যক্তিত্ব তথা প্ৰকৃতিৰ বিষয়ে জানিব পাৰি।নাম কেৱল ব্যক্তিৰ পৰিচয়েই নহয়, নামৰ প্ৰথম আখৰৰ পৰা ব্যক্তিৰ জীৱনৰ বহুতো বৈশিষ্ট্যপূৰ্ণ গুণাগুণ জানিব পাৰি। আজি ‘ই’  আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীৰ প্ৰকৃতিৰ বিষয়ে জানো আহক-

Advertisment

সৰু সৰু কথাতেই হয় আৱেগিক

যিসকল ছোৱালীৰ নাম ‘ই’ আখৰেৰে আৰম্ভ হয়, তেওঁলোক অতি সংবেদনশীল প্ৰকৃতিৰ হয়। সৰু সৰু কথাতেই তেওঁলোক খুব আৱেগিক হৈ পৰে।তেওঁলোকে সকলো কাম হৃদয়ৰ পৰা কৰে আৰু দৃঢ় উদ্দেশ্যৰে সেই কামটো সম্পূৰ্ণ কৰে।

 নিৰ্ভীক তথা সাহসী 

এই নামৰ ছোৱালীসকল খুব নিৰ্ভীক আৰু সাহসী হয়।কঠিনতকৈ কঠিন কাম কৰিবলৈও তেওঁলোকে ভয় নকৰে।নতুন কামৰ আৰম্ভণি কৰি সেইসমূহ ভালদৰে আগবঢ়াই নিয়াৰ ক্ষেত্ৰটো তেওঁলোক খুব উৎসাহী। যাৰ বাবে তেওঁলোকে সকলোতে সফলতা লাভ কৰে।ব্যতিক্ৰমী স্বভাৱৰ বাবেই তেওঁলোকে সমাজত এক পৃথক পৰিচয় লাভ কৰে।

এই ধৰণৰ হয় প্ৰেম জীৱন

‘ই’ আখৰৰে নাম আৰম্ভ হোৱা ছোৱালীবোৰ খুব মৰমিয়াল প্ৰকৃতিৰ হয়।তেওঁলোকে যি বা যাক ভাল পায়, অন্তৰৰে ভাল পায়।এই ছোৱালীসকলে তেওঁলোকৰ প্ৰেমিক তথা স্বামীক যথেষ্ট শ্ৰদ্ধা তথা  তেওঁলোকৰ সকলো ইচ্ছা পূৰণ কৰিবলৈ চেষ্টা কৰে।মুঠৰ ওপৰত তেওঁলোকৰ জীৱনত প্ৰেমে এক বিশেষ স্থান দখল কৰে।

আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু

এই নামৰ ছোৱালীসকল তেওঁলোকৰ প্ৰকৃতিৰ বাবেই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে। সৰু সৰু কথাবোৰো তেওঁলোকে গভীৰভাৱে চিন্তা কৰে।যাৰ বাবে তেওঁলোকে সকলোৰে লগত ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে।

Also Read: স্বামীৰ অকৃত্ৰিম মৰম লাভ কৰে এইসকল মহিলাই