বাস্তুৰ মতে এল’ভেৰা কিদৰে ৰোপন কৰিব লাগে জানেনে ?

বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি প্ৰতিটো বস্তুৰ এক বিশেষ শক্তি আছে।আমাৰ চাৰিওফালে থকা গছ আৰু উদ্ভিদবোৰৰো নিজা শক্তি আছে।আমাৰ বহুতৰে ঘৰত থকা এল’ভেৰাৰো আছে এক বিশেষ শক্তি।এল’ভেৰা কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে অতি উপকাৰী নহয়, ই এনে ইতিবাচক শক্তি সম্পন্ন, যি জীৱনৰ প্ৰগতিৰ পথত অহা বাধাবোৰ আঁতৰ কৰিব পাৰে।

author-image
Asomiya Pratidin
New Update
বাস্তুৰ মতে এল’ভেৰা কিদৰে ৰোপন কৰিব লাগে জানেনে ?

ডিজিটেল ডেস্ক: বাস্তু শাস্ত্ৰৰ নিয়ম অনুসৰি প্ৰতিটো বস্তুৰ এক বিশেষ শক্তি আছে।আমাৰ চাৰিওফালে থকা গছ আৰু উদ্ভিদবোৰৰো নিজা শক্তি আছে।আমাৰ বহুতৰে ঘৰত থকা এল’ভেৰাৰো আছে এক বিশেষ শক্তি।এল’ভেৰা কেৱল স্বাস্থ্যৰ ক্ষেত্ৰতে অতি উপকাৰী নহয়, ই এনে ইতিবাচক শক্তি সম্পন্ন, যি জীৱনৰ প্ৰগতিৰ পথত অহা বাধাবোৰ আঁতৰ কৰিব পাৰে।এল’ভেৰা ৰোপন কৰাৰ ক্ষেত্ৰতো কেতবোৰ বাস্তু নিয়ম আছে। আজি এই বিষয়ে জানো আহক-

১) বাস্তুৰ মতে ঘৰত এল’ভেৰা গছ ৰোপণ কৰাটো অতি শুভ ।এল’ভেৰা থাকিলে ঘৰখনৰ সদস্যসকলৰ সৌভাগ্য বৃদ্ধি হোৱাৰ লগতে সফলতাৰ বাবে হেঙাৰ হোৱা সকলো বাধা আঁতৰ হয়।বাস্তু শাস্ত্ৰৰ মতে, এল’ভেৰা সদায় ঘৰৰ পশ্চিম দিশত ৰোপণ কৰিব লাগে। ইয়াৰ বাহিৰেও আপুনি ইয়াক ঘৰৰ দক্ষিণ-পূব কোণতো ৰাখিব পাৰে।

২) এল’ভেৰা ঘৰৰ পূব দিশত ৰোপণ কৰিলে মানসিক শান্তি হয় বুলিও বিশ্বাস কৰা হয়।কিন্তু  এইবিধ উদ্ভিদ ঘৰৰ উত্তৰ-পশ্চিম কোণত কেতিয়াও থাকিব নালাগে।

৩) বাস্তুৰ মতে ঘৰৰ বাৰান্দা বা বাগিচাত এল’ভেৰা ৰখাটো অতি শুভ।ঘৰত ভিতৰত এল’ভেৰা থাকিলে ঋণাত্মক শক্তি আঁতৰ হয়। এল’ভেৰাক সম্পদ আৰু সমৃদ্ধিৰ প্ৰতীক বুলিও গণ্য কৰা হয়।

বি.দ্ৰ- এল’ভেৰাৰ যত্নত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপুনি ইয়াক প্ৰয়োজনতকৈ বেছি পানী দিব নালাগে।এল’ভেৰাক সজীৱ হৈ থাকিবলৈ অতি কম পানীৰ প্ৰয়োজন। অধিক পানী পালে ইয়াৰ পাতবোৰ হালধীয়া আৰু কোমল হ'ব পাৰে।

Also Read: কোন দিশে ফ্ৰীজ থ'লে ঘৰখনৰ বাবে শুভ জানেনে ?