অুনৰাগীক ক্ষমা খুজি পুনৰ একেই ভুল কৰিলে ‘খিলাড়ী’য়ে, দিলে স্পষ্টীকৰণ

অুনৰাগীক ক্ষমা খুজি পুনৰ একেই ভুল কৰিলে ‘খিলাড়ী’য়ে, দিলে স্পষ্টীকৰণ

ডিজিটেল ডেস্ক: এটা বিজ্ঞাপনক কেন্দ্ৰ কৰি বলীউডৰ খিলাড়ী অক্ষম কুমাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে অনুৰাগীসকলে।হয়, গুটখাৰ বিজ্ঞাপনত অংশ লৈ অনুৰাগীক ক্ষমা খোজাৰ এবছৰৰ পাছতেই পুনৰ একেই বিজ্ঞাপনত দেখা গ’ল অভিনেতাজনক। যাৰ বাবে অনুৰাগীসকল আকৌ তেওঁৰ বিৰুদ্ধে গৰজি উঠিছে।

ফিটনেছ তথা স্বাস্থ্য সচেতক বুলি এক সুকীয়া পৰিচয় আছে অক্ষয় কুমাৰৰ।নিচাজাতীয় তথা গুটখাজাতীয় খাদ্যৰ স্বাস্থ্যৰ অপকাৰিতাৰ বিষয়ে তেওঁ সকলোকে সজাগ কৰাৰ লগতে নিজেও এনে সামগ্ৰী কোনোদিনে মুখত নাই দিয়া বুলিও অভিনেতাজনে সময়ে সময়ে দাবী কৰি থাকে।কিন্তু ইয়াৰ পাছতো নিজেই এনে বিজ্ঞাপনত অংশ লোৱাত অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে।ইয়াৰ পূৰ্বেও তেওঁ গুটখাৰ বিজ্ঞাপনত অংশ লোৱাত পৰিস্থিতি যথেষ্ট বেয়ালৈ গৈছিল আৰু অভিনেতাজনে অনুৰাগীসকলক মুকলিকৈ ক্ষমা বিচাৰিবলগীয়া পৰিস্থিতি আহি পৰিছিল।

উল্লেখ্য যে, গুটখাৰ এই নতুন বিজ্ঞাপনত অক্ষয় কুমাৰৰ লগতে দেখা গৈছে ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু অজয় দেৱগনক। এই আটাইকেইজন তাৰকা অভিনেতাৰ সৈতে বিজ্ঞাপনটোত ‘বিগ বছ ১৬’ ৰ জনপ্ৰিয় প্ৰতিযোগী সৌন্দৰ্য শৰ্মাকো দেখিবলৈ পোৱা গৈছে।শেহতীয়াকৈ এই বিজ্ঞাপনটো প্ৰচাৰ হোৱাৰ পাছতে ছ’চিয়েল মেডিয়াত অভিনেতাজনক সকলোয়ে মুকলিকৈ সমালোচনা কৰিছে।

ইফালে, অনুৰাগীৰ ৰোষত পৰি স্পষ্টীকৰণ দিবলৈ বাধ্য হ’ল অক্ষয় কুমাৰ।এই সন্দৰ্ভত ছ’চিয়েল মেডিয়াত এটা প’ষ্ট কৰি তেওঁ উল্লেখ কৰে যে, তেওঁ অনুৰাগীক কেতিয়াও নিৰাশ কৰা নাই। এই বিজ্ঞাপনৰ শ্বুটিং ২০২১ চনৰ ১৩ অক্টোবৰত কৰা হৈছিল।অনুৰাগীক ক্ষমা খোজাৰ পাছত তেওঁ নতুনকৈ গুটখাৰ বিজ্ঞাপনত অংশ লোৱা নাই।

অুনৰাগীক ক্ষমা খুজি পুনৰ একেই ভুল কৰিলে ‘খিলাড়ী’য়ে, দিলে স্পষ্টীকৰণ
অৱশেষত ফাদিল হ’ল কিয়াৰা আদৱানীৰ উজ্জ্বল ছালৰ ৰহস্য

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in