নিচাক পেছা কৰি আদৰ্শ হৈ পৰিছে অদিতি বলবীৰ

আমাৰ সমাজৰ অধিকাংশ লোকেৰেই চাকৰি প্ৰিয়। তেওঁলোকে বা তেওঁলোকৰ পৰিয়ালে কেনেবাকৈ চাকৰি এটা লাভ কৰিলেই জীৱনটো সফল বুলি মানি লয়। চাকৰিৰ লোভতেই বহু দক্ষ লোকে তেওঁলোকৰ সপোন বা কামৰ নিচাক চিৰ জীৱনলৈ ত্যাগ দিবলগীয়া হয়।

author-image
Asomiya Pratidin
New Update
নিচাক পেছা কৰি আদৰ্শ হৈ পৰিছে অদিতি বলবীৰ

নিচাক পেছা কৰি আদৰ্শ হৈ পৰিছে অদিতি বলবীৰ

ডিজিটেল ডেস্ক: আমাৰ সমাজৰ অধিকাংশ লোকেৰেই চাকৰি প্ৰিয়। তেওঁলোকে বা তেওঁলোকৰ পৰিয়ালে কেনেবাকৈ চাকৰি এটা লাভ কৰিলেই জীৱনটো সফল বুলি মানি লয়। চাকৰিৰ লোভতেই বহু দক্ষ লোকে তেওঁলোকৰ সপোন বা কামৰ নিচাক চিৰ জীৱনলৈ ত্যাগ দিবলগীয়া হয়।কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ পৃথক হাৰিয়ানাৰ অদিতি বলবীৰ।অদিতি ‘ভি ৰিজৰ্ট’ৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু প্ৰতিষ্ঠাপক। অদিতি বৰ্তমান সময়ৰ ভাৰতৰ আটাইতকৈ সফল ব্যৱসায়ী মহিলাসকলৰ ভিতৰত অন্যতম। 

Advertisment

সৰুৰে পৰা কৰি ভালপোৱা কামকে নিজৰ কেৰিয়াৰ হিচাপে লৈ অদিতি এতিয়া হৈ পৰিছে সকলোৰে আদৰ্শ। অদিতি হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অফ বিজনেছৰ প্ৰাক্তন ছাত্ৰী। অদিতিয়ে সৰুৰে পৰাই ভ্ৰমণ কৰিবলৈ খুব ভাল পাইছিল।এই নিচাক পেছালৈ পৰিবৰ্তন কৰি তেওঁ ‘ভি ৰিজৰ্ট’ আৰম্ভ কৰিছিল। অদিতি ২০১৪ চনত ‘ভি ৰিজৰ্ট’ৰ চিইঅ' হৈছিল। পাঁচ বছৰতকৈও কম সময়ৰ ভিতৰত অদিতিয়ে তেওঁৰ কোম্পানী সম্প্ৰসাৰণ কৰি ২১ খন ৰাজ্যত ১২০খনতকৈ অধিক ‘ভি ৰিজৰ্ট’ খুলিব পাৰিছে।

নিজে ভ্ৰমণ কৰি ভাল পাই বাবে হোটেল আৰু ৰিজৰ্টৰ বিষয়েও অদিতিয়ে যথেষ্টখিনি খবৰ ৰাখে।আপুনি জানি আচৰিত হ’ব যে, অদিতিৰ সকলো ব্যৱসায় তেওঁ অকলে পৰিচালনা কৰি আছে। তেওঁৰ ৰাছিয়াত ২০২০চনত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ২৩ সংখ্যক অধিৱেশনত ভাৰতত বহনক্ষম পৰ্যটনৰ বাবে ইউএনডব্লিউটিঅ' বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।প্ৰকৃততে অদিতি ভাৰতৰ উদ্যোগী মহিলাসকলৰ বাবে এক আদৰ্শ। তেওঁ মহিলাসকলক চাকৰিৰৰ পিছত দৌৰিৰ পৰিৱৰ্তে সমাজত ব্যৱসায়ৰ প্ৰসাৰ তথা প্ৰচাৰ কৰিবলৈহে সদায় অনুপ্ৰাণিত কৰে। অদিতিৰ মতে, ‘অতি শীঘ্ৰেই মহিলাসকলে দেশক নেতৃত্ব দিবলৈ সক্ষম হ’ব। মহিলাসকলে বিচাৰিলে যিকোনো কাম কৰিব পাৰে। যিকোনো কামত সফল হোৱাৰ আঁৰত বহুতো সমস্যা লুকাই থাকে।কিন্তু এই সমস্যাৰ মোকাবিলা কৰিলে সকলোয়েই জীৱনত সফল হ’ব পাৰে।’

Also Read: দামী ক্ৰীম লগোৱাতকৈ মুখত ফটা গাখীৰ লগাওঁক