/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/2038a331-d374-4993-a173-955bca2169f2/sani.jpg)
ডিজিটেল ডেস্ক: হিন্দু ধৰ্মত শনিবাৰৰ দিনটো শনি দেৱৰ নামত উৎসৰ্গা কৰা হয়।বিশ্বাস মতে, এই দিনটোত যিকোনো ব্যক্তিয়ে শনি দেৱক উপাসনা কৰি সকলো দুখ-কষ্টৰ পৰা পৰিত্ৰাণ পাব পাৰে।শাস্ত্ৰত শনিৰ বিশেষ গুৰুত্ব আছে।বহুতেই হয়তো এই সন্দৰ্ভত বহু কথাই অৱগত। কিন্তু শনি দেৱৰ মূৰ্তি আন দেৱ-দেৱীৰ দৰে ঘৰত যে ৰাখিব নালাগে, সেই বিষয়ে আপুনি অৱগত নে ? হয়, উপাসনাৰ বাবে শনি দেৱৰ মূৰ্তি অথবা ফটো কেতিয়াও ঘৰত ৰাখিব নালাগে।আজি সেই বিষয়ে জানো আহক-
শনি দেৱ অভিশপ্ত।তেওঁৰ দৰ্শন দৈনিক হৈ থাকিলে জীৱনটো নেতিবাচক আৰু বেয়া খবৰৰে উপচি পৰে বুলি বিশ্বাস কৰা হয়।ঘৰত শনি দেৱৰ মূৰ্তি থাকিলে সকলো ফালৰ পৰাই ঘৰখনৰ অৱনতি ঘটে। যাৰ বাবে ঘৰত কেতিয়াও শনি দেৱৰ মূৰ্তি ৰাখিব নালাগে।দ্বিতীয়তে, যদি আপুনি মন্দিৰলৈ নিয়মিতভাৱে শনি দেৱক উপাসনা কৰিবলৈ গৈ আছে, তেন্তে মনত ৰাখিব যে উপাসনাৰ সময়ত সদায় শনি দেৱৰ ভৰিলৈ চাইহে উপাসনা কৰিব। তেওঁৰ চকুলৈ চাই কেতিয়াও উপাসনা কৰিব নালাগে। সকলো গ্ৰহৰ ভিতৰত আটাইতকৈ মন্থৰভাৱে গতিশীল কৰা গ্ৰহ হৈছে শনি। যাৰ বাবে শনিৰ শুভ আৰু অশুভ দুয়োটা প্ৰভাৱেই দীৰ্ঘদিন ধৰি থাকে।
বিশ্বাস মতে, শনিৰ প্ৰভাৱৰ দ্বাৰা এজন ব্যক্তিৰ জীৱন একেবাৰে নষ্ট হৈ যাব পাৰে।শনিৰ প্ৰভাৱ পৰিলে কেতিয়াও বাধাৰ পৰা আপুনি মূৰ ডাঙি উঠিব নোৱাৰে।যদি আপোনাৰ জীৱনতো শনিৰ প্ৰভাৱ পৰিছে, তেন্তে আপুনি শনিবাৰে শনি দেৱৰ উপাসনা কৰিবই লাগিব। শনিবাৰৰ দিনটোত আপুনি শনি দেৱক নীলা ৰঙৰ ফুল আগবঢ়াই ‘ওম শ শনিশৰায় নমহ’ মন্ত্ৰটো উচ্চাৰণ কৰিব।নীলা ৰঙৰ অপৰাজিতাৰ ফুল শনি দেৱৰ অতি প্ৰিয়।সেয়েহে, শনি উপাসনাত সদায়েই অপৰাজিতা ফুল ব্যৱহাৰ কৰিব। শনিবাৰে ৫,৭ বা ১১ টা অপৰাজিতা ফুল শনি দেৱৰ চৰণত আগবঢ়াব।এনে কৰাৰ ফলত শনি দেৱ অতি সোনকালেই সুখী হ'ব আৰু আপোনাৰ সকলো ইচ্ছা পূৰণ হ'ব।
Also Read: শনিৰ প্ৰভাৱৰ পৰা বাচি থাকিবলৈ শনিবাৰে এই কামকেইটা কেতিয়াও নকৰিব
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us