সম্পত্তিত বিনিয়োগ কৰি আগশাৰীৰ ব্যৱসায়ী হোৱাৰ মন অভিষেকৰ

বলীউডত টিকিব নোৱাৰি ব্যৱসায়তে ভালকৈ মনোনিৱেশ কৰিছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনে। হয়, সম্পত্তিত বিনিয়োগ কৰি প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ পৰিকল্পনাৰে শেহতীয়াকৈ অভিনেতাজনে এটা, দুটা নহয়, একেলগে ক্ৰয় কৰিছে ছয়টা বিলাসী এপাৰ্টমেণ্ট।

author-image
Asomiya Pratidin
New Update
সম্পত্তিত বিনিয়োগ কৰি আগশাৰীৰ ব্যৱসায়ী হোৱাৰ মন অভিষেকৰ

ডিজিটেল ডেস্ক: বলীউডত টিকিব নোৱাৰি ব্যৱসায়তে ভালকৈ মনোনিৱেশ কৰিছে মেগাষ্টাৰ অমিতাভ বচ্চনৰ পুত্ৰ অভিষেক বচ্চনে। হয়, সম্পত্তিত বিনিয়োগ কৰি প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰ পৰিকল্পনাৰে  শেহতীয়াকৈ অভিনেতাজনে এটা, দুটা নহয়, একেলগে ক্ৰয় কৰিছে ছয়টা বিলাসী এপাৰ্টমেণ্ট।

অভিষেক বচ্চনে মুম্বাইৰ বৰিভালি অঞ্চলৰ অবেৰয় ৰিয়েলটিৰ অবেৰয় স্কাই চিটি প্ৰকল্পত ছয়টা এপাৰ্টমেণ্ট ক্ৰয় কৰিছে, যাৰ মূল্য ১৫.৪২ কোটি টকা। বৰিভালি ইষ্টৰ ৱেষ্টাৰ্ণ এক্সপ্ৰেছ হাইৱেত অৱস্থিত ভৱনটোৰ ৫৭ মহলাত ১০ খন কাৰ পাৰ্কিং সুবিধাৰ সৈতে এই ছয়টা এপাৰ্টমেণ্ট আছে।অভিনেতাজনে প্ৰতি বৰ্গফুটত ৩১,৪৯৮ টকা মূল্যত মুঠ ৪,৮৯৪ বৰ্গফুট কাৰ্পেট এৰিয়া ক্ৰয় কৰিছে।১,১০১ বৰ্গফুটত নিৰ্মিত প্ৰথম এপাৰ্টমেণ্টটোৰ মূল্য ৩.৪২কোটি টকা, দ্বিতীয় আৰু তৃতীয়টোৰ মূল্য ৭৯ লাখ টকা, চতুৰ্থটোৰ হৈছে ৩.৫২ কোটি টকা আৰু পঞ্চমটোৰ হৈছে ৩.৩৯ কোটি টকা। ষষ্ঠ এপাৰ্টমেণ্টটোৰ মূল্যও ৩.৩৯ কোটি টকা।

অভিষেকৰ এই ছয়টা এপাৰ্টমেণ্ট মে' মাহৰ শেষৰ ফালে পঞ্জীয়ন কৰা হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ২০২১ত অবেৰয় ৰিয়েলটি এপাৰ্টমেণ্ট ৪৫.৭৫ কোটি টকাত বিক্ৰী কৰিছিল। অভিষেক ক্ৰীড়াৰ প্ৰতিও আগ্ৰহী। তেওঁ প্ৰ' কাবাডী লীগত জয়পুৰ পিংক পেন্থাৰছ দলৰ গৰাকী।উল্লেখ্য যে, অভিষেক বচ্চনে তেওঁৰ পিতৃ অমিতাভ বচ্চনৰ কোম্পানী এবি কৰ্প লিমিটেডো পৰিচালনা কৰি আছে।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত