আমিৰ খান- ৰীনা দত্তক মুকলিকৈ দোষাৰোপ কৰিলে কন্যা ইৰাই

প্ৰতিটো শিশুৱেই তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে একেলগে থাকিবলৈয়ে বিচাৰে। যিসকল শিশুৰ পিতৃ-মাতৃ তেওঁলোকৰ পৰা পৃথক হৈ আছে তেওঁলোকৰ বাবে জীৱনটো একেবাৰে সহজ নহয়। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদে শিশুসকলৰ মনত গভীৰ প্ৰভাৱ পেলায়।

author-image
Asomiya Pratidin
New Update
আমিৰ খান- ৰীনা দত্তক মুকলিকৈ দোষাৰোপ কৰিলে কন্যা ইৰাই

ডিজিটেল ডেস্ক: প্ৰতিটো শিশুৱেই তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে একেলগে থাকিবলৈয়ে বিচাৰে। যিসকল শিশুৰ পিতৃ-মাতৃ তেওঁলোকৰ পৰা পৃথক হৈ আছে তেওঁলোকৰ বাবে জীৱনটো একেবাৰে সহজ নহয়। পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদে শিশুসকলৰ মনত গভীৰ প্ৰভাৱ পেলায়। আমিৰ খানৰ জীয়ৰী ইৰা খানৰ সৈতেও একেধৰণৰ ঘটনাই ঘটিছে।এই বিষয়ত ইৰাই শেহতীয়াকৈ মুখ খুলিছে।

Advertisment

ইৰাই অতি সোনকালে বিবাহপাশত আবদ্ধ হ’ব। যদিও তেওঁ এই নতুন সম্পৰ্কক লৈ অত্যন্ত সুখী, তথাপিও পুৰণি সম্পৰ্কৰ বেদনাই তেওঁক আজিও শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ নিদিয়ে। শেহতীয়াকৈ ইৰাই তেওঁৰ মানসিক স্বাস্থ্যৰ বিষয়ে মুকলিকৈ কৈছে আৰু এই সকলোবোৰৰ বাবে কোন দায়ী সেয়াও কৈছে।

এক সাক্ষাৎকাৰত ইৰাই কয় যে, তেওঁ কিছু সময়ৰ পৰা হতাশাৰ বিৰুদ্ধে যুঁজি আছে। ইয়াৰ মূখ্য কাৰণ হৈছে পিতৃ আমিৰ খান আৰু মাতৃ ৰীনা দত্তৰ বিবাহ বিচ্ছেদ।অৱশ্যে, তেওঁ লগতে কয় যে হতাশাৰ বিষয়ে তেওঁৰ পিতৃ-মাতৃৰ ওচৰত কোনো অভিযোগ নাই। ইৰাৰ মতে,’ হতাশা মুখ্যতঃ আনুবংশিক, কিছু পৰিমাণে মানসিক আৰু সামাজিক। মোৰ পৰিয়ালত, মোৰ মা আৰু দেউতা দুয়োৰে মানসিক স্বাস্থ্যৰ সমস্যা আছে।যদি আপুনি সুখী হ'ব বিচাৰে, তেন্তে আপুনি সকলো বোৰৰ বিষয়ে প্ৰণালীবদ্ধ হ'ব লাগিব।মই ৮-১০ বছৰ বয়সত মোৰ অনুভূতি লুকুৱাবলৈ মিছাকৈ হাঁহিছিলোঁ।সৰু কালত পিতৃ-মাতৃৰ বিচ্ছেদে মোক বেয়াকৈয়ে প্ৰভাৱ পেলাইছিল।কিন্তু মই নিজকে শক্তিশালী কৰি ইয়াৰ পৰা নিজকে বাহিৰ কৰিবলৈ সক্ষম হৈছিলো। নিজকে নিজে শক্তিশালী কৰিলেহে হতাশাৰ পৰা নিজক উদ্ধাৰ কৰিব পাৰি।মই ভাৱো যদি কোনো ব্যক্তি হতাশাত ভোগে, তেন্তে তেওঁ নিজকে প্ৰস্তুত কৰাৰ লগতে বিশেষজ্ঞৰো পৰামৰ্শ ল'ব লাগে।’ 

উল্লেখ্য যে, আমিৰ খান আৰু ৰীনা দত্ত ১৯৮৬ চনত বিবাহ পাশত আবদ্ধ হৈছিল যদিও ২০০২ চনত তেওঁলোকৰ বিচ্ছেদ হয়। ইৰা খান আৰু জুনেইড খান তেওঁলোকৰে সন্তান। আনহাতে, ইয়াৰ পিছত আমিৰ খানে ২০০৫ চনত কিৰন ৰাওৰ সৈতে বিবাহ পাশত আবদ্ধ হয়। কিন্তু অভিনেতাজনৰ এইখন সংসাৰো নিটিকিল। তেওঁলোকৰো ২০২১ চনত বিচ্ছেদ হয়।

Also Read: বিয়াৰ ১৮ বছৰৰ পিছত ভাঙিব এখন সুখৰ সংসাৰ !