ৰাজ্যিক সন্মানেৰে চিৰবিদায় দিয়া হ’ল ৮ বছৰীয়া শুভজিতক

মাত্ৰ আঠ বছৰ বয়সতে ল’ৰাটো অজান দেশলৈ গ’লগৈ। কিন্তু বহুজনক দি গ’ল নতুন জীৱন। এই ঘটনা উৰিষ্যাৰ ভূৱনেশ্বৰৰ।হয়, অকালতে মৃত্যুক আকোৱালি লোৱা শুভজিত চাহু নামৰ এটি কিশোৰে তেওঁৰ অংগ বহুজনক দান কৰি দি গ'ল নতুন জীৱন।

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক সন্মানেৰে চিৰবিদায় দিয়া হ’ল ৮ বছৰীয়া শুভজিতক

ডিজিটেল ডেস্ক: মাত্ৰ আঠ বছৰ বয়সতে ল’ৰাটো অজান দেশলৈ গ’লগৈ। কিন্তু বহুজনক দি গ’ল নতুন জীৱন। এই ঘটনা উৰিষ্যাৰ ভূৱনেশ্বৰৰ।হয়, অকালতে মৃত্যুক আকোৱালি লোৱা শুভজিত চাহু নামৰ এটি কিশোৰে তেওঁৰ অংগ বহুজনক দান কৰি দি গ'ল নতুন জীৱন। ভূৱনেশ্বৰৰ আৰক্ষী আয়ুক্ত সঞ্জীৱ পাণ্ডা আৰু আৰক্ষী উপায়ুক্ত (ডিচিপি) প্ৰতীক সিঙৰ উপস্থিতিত কেইদিনমান পূৰ্বে সত্য নগৰ শ্মশানত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে শুভজিতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। 

Advertisment

শুভজিতে স্নায়বিক ৰোগত আক্ৰান্ত হৈ অকাল মৃত্যুক সাৱটিবলগীয়া হ’ল। বিদ্যালয়ৰ চলিত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ শুভজিত চিজাৰত আক্ৰান্ত হয়।ছাত্ৰজনক প্ৰথমে কেপিটেল হস্পিটেল আৰু পাছত এখন ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছিল যদিও তেওঁৰ অকাল মৃত্যু হয়।

এই সমগ্ৰ ঘটনাটোৰ সনদৰ্ভত শুভজিতৰ পিতৃ বিশ্বজিৎ চাহুৱে কয়, ‘আমাৰ সকলো প্ৰচেষ্টাৰ  স্বত্বেও আমি তেওঁক বচাব নোৱাৰিলো। সেয়েহে, আমি তাৰ বৃক্ক, হাঁওফাঁও, যকৃত, চকু, হৃদযন্ত্ৰ আৰু অগ্ন্যাশয়কে ধৰি সকলো অংগ দান কৰাৰ সিদ্ধান্ত ল’লো। মই মোৰ সাহসী পুত্ৰৰ বাবে অত্যন্ত গৌৰৱান্বিত।সি তাৰ অংগৰ দ্বাৰা বহুতৰ জীৱন ৰক্ষা কৰিলে।এতিয়া আমি নিজকে সান্ত্বনা দিব পাৰো যে আমাৰ পুত্ৰই আনৰ জীৱন ৰক্ষা কৰিছে আৰু সি তেওঁলোকৰ মাজতেই জীয়াই আছে।’ আনহাতে, এই সন্দৰ্ভত আৰক্ষী আয়ুক্ত পাণ্ডাই কয় যে, অংগ দাতাসকলৰ বাবে ৰাজ্য চৰকাৰৰ নতুন নীতি অনুসৰি সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া কৰা হ'ব। যিয়ে আন লোকসকলকো অংগ দান কৰিবলৈ উৎসাহিত কৰিব।

Also Read: সাধাৰণ যেন লাগিলেও সন্তানৰ এই অভ্যাসক একেবাৰে উপেক্ষা নকৰিব