নিৰ্জন অৰণ্যত পিতৃ-মাতৃৰ সৈতে নিশা কটোৱাৰ কৰুণ অভিজ্ঞতা...

শিশুৱে এই পৃথিৱীত আটাইতকৈ বেছি নিৰাপদ অনুভৱ কৰে নিজৰ মাক-দেউতাকৰ কাষত। কিন্তু এক কৰুণ ঘটনাই এই বিশ্বাসক স্তম্ভিত কৰি তুলিছে। এটা মাত্ৰ পাঁচ বছৰীয়া অসহায় শিশুৱে সমগ্ৰ নিশাটো কটাবলগীয়া হ’ল নিজৰ পিতৃ-মাতৃৰ মৃতদেহৰ কাষত, তাকো এখন নিৰ্জন অৰণ্যৰ মাজত।

author-image
সংগীতা দাস
New Update
শিশু

ডিজিটেল ডেস্ক: শিশুৱে এই পৃথিৱীত আটাইতকৈ বেছি নিৰাপদ অনুভৱ কৰে নিজৰ মাক-দেউতাকৰ কাষত। কিন্তু এক কৰুণ ঘটনাই এই বিশ্বাসক স্তম্ভিত কৰি তুলিছে। এটা মাত্ৰ পাঁচ বছৰীয়া অসহায় শিশুৱে সমগ্ৰ নিশাটো কটাবলগীয়া হ’ল নিজৰ পিতৃ-মাতৃৰ মৃতদেহৰ কাষত, তাকো এখন নিৰ্জন অৰণ্যৰ মাজত।

এই হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে ওড়িশাৰ দেওগড় জিলাত। আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, শনিবাৰে সন্ধিয়া এহাল দম্পতীয়ে নিজৰ কণমানি পুত্ৰক লৈ বাইকেৰে ঘৰৰ পৰা ফুৰিবলৈ ওলাই গৈছিল। আদবাটতে স্বামী-স্ত্ৰীৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্ক আৰম্ভ হয়। সেই তৰ্কৰ পৰিণতিত তেওঁলোকে জিলাখনৰ দলাক গাঁৱৰ ওচৰত বাইক ৰখাই এখন নিৰ্জন অৰণ্যৰ ভিতৰত প্ৰৱেশ কৰে আৰু বিষাক্ত কীটনাশক সেৱন কৰে।

বিষ সেৱনৰ কিছু সময়ৰ পাছতেই শিশুটোৰ পিতৃৰ মৃত্যু হয় আৰু মাতৃগৰাকী অচেতন হৈ পৰে। হঠাতে এই ভয়ংকৰ পৰিস্থিতিত পৰি শিশুটি সম্পূৰ্ণ অসহায় হৈ পৰে। চাৰিওফালে গভীৰ অৰণ্য, নিশাৰ অন্ধকাৰ আৰু কোনো সহায় নথকা অৱস্থাত ভয়ত আতংকিত শিশুটিয়ে গোটেই নিশাটো পিতৃ-মাতৃৰ কাষতেই কটাবলৈ বাধ্য হয়।

দেওবাৰে পুৱা কোনো মতে শিশুটিয়ে হাবিৰ পৰা ওলাই আহি পথত যোৱা লোকক ৰখাই ঘটনাৰ বিষয়ে জনায়। ঘটনাৰ কথা শুনি স্থানীয় লোকে তৎক্ষণাৎ আৰক্ষীক খবৰ দিয়ে আৰু পিতৃ-মাতৃক চিকিৎসালয়লৈ লৈ যায়। চিকিৎসকে পিতৃজনক মৃত বুলি ঘোষণা কৰে। মাতৃগৰাকীৰ অৱস্থা অতি সংকটজনক হোৱাৰ বাবে তেওঁক আন এখন উন্নত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুখজনকভাৱে পিছত তেওঁৰো মৃত্যু হয়।

শিশুটিকো কৰা হৈছে চিকিৎসা 

সাৱধানতা হিচাপে শিশুটিকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। কিয়নো, শিশুটোয়েও ভুলবশতঃ কিছু পৰিমাণে বিষ সেৱন কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। এই হৃদয়বিদাৰক ঘটনাই সমগ্ৰ দেশজুৰি শোকৰ ছাঁ পেলাইছে।