আপুনি আপোনাৰ সংগীৰ এই আচৰণ সমূহত মন দিব

সম্পৰ্ক লাগিলে যিয়েই নহওঁক, সকলো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। যদি সম্পৰ্কত কোনো বিশ্বাস নাথাকে, দীঘলীয়া সময়ৰ বাবে স্থায়ী হোৱাটো কঠিন হৈ পৰে। বিশ্বাস গঢ়িবলৈ জীৱনজোৰা সময় লাগে, কিন্তু ভাঙিবলৈ এক মিনিটো সময় নালাগে। প্ৰেমৰ সম্পৰ্কতো একেই। কেতিয়াবা আমি ব্যক্তিজনক ইমান বিশ্বাস কৰো যে সেই ব্যক্তিজনে কেতিয়া প্ৰতাৰণা কৰে আমি গম নাপাওঁ।

author-image
Asomiya Pratidin
New Update
আপুনি আপোনাৰ সংগীৰ এই আচৰণ সমূহত মন দিব

ডিজিটেল ডেস্ক: সম্পৰ্ক লাগিলে যিয়েই নহওঁক, সকলো বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। যদি সম্পৰ্কত কোনো বিশ্বাস নাথাকে, দীঘলীয়া সময়ৰ বাবে স্থায়ী হোৱাটো কঠিন হৈ পৰে। বিশ্বাস গঢ়িবলৈ জীৱনজোৰা সময় লাগে, কিন্তু ভাঙিবলৈ এক মিনিটো সময় নালাগে। প্ৰেমৰ সম্পৰ্কতো একেই। কেতিয়াবা আমি ব্যক্তিজনক ইমান বিশ্বাস কৰো যে সেই ব্যক্তিজনে কেতিয়া প্ৰতাৰণা কৰে আমি গম নাপাওঁ। কিন্তু সংগীয়ে প্ৰতাৰণা কৰাৰ সময়ত তেওঁৰ আচৰণত কিছু পৰিৱৰ্তন হয়। সেই আচৰণসমূহ হৈছে-

Advertisment

কথা কোৱাৰ ধৰণ সলনি হোৱা 

যদি আপোনাৰ সংগীয়ে যোৱা কেইদিনমানৰ পৰা আপোনাৰ কথাৰ সঠিক উত্তৰ নিদিয়ে আৰু যদি আপুনি কিবা সুধিছে, তেন্তে তেওঁ বিষয়টো উপেক্ষা কৰে, তেনেহ'লে সাৱধান হ'ব। কিয়নো ইয়াৰ অৰ্থ হৈছে যে তেওঁ আপোনাৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে। এনে সংগীয়ে আপোনাক প্ৰতাৰণা কৰিব পাৰে। 

মিছা কথা কোৱা 

যেতিয়া আমি কাৰোবাক ভাল পাওঁ, আমি তেওঁক আমাৰ সময় দিব বিচাৰো। কিন্তু যদি সংগীয়ে আপোনাক সময় নিদিয়ে আৰু বিষয়টোত আপোনাক মিছা কৈ অজুহাত দেখুৱাই আছে, তেনেহ'লে ই প্ৰতাৰণা কৰাৰ লক্ষণ। 

ম'বাইল ফোন 

প্ৰৱঞ্চনাৰ এটা আটাইতকৈ ডাঙৰ লক্ষণ হ'ল সংগীজনে আপোনাৰ সৈতে একো ভাগ বতৰা কৰিব নিবিচাৰে। এনে পৰিস্থিতিত, তেওঁ সকলো সময়তে তেওঁৰ ফোনটো লক ৰাখিব। আনহাতে, যদি আপুনি তেওঁৰ ফোন স্পৰ্শ কৰোতে তেওঁ অত্যাধিক সুৰক্ষা প্ৰদান কৰিবলৈ বিচাৰে, ইয়াৰ অৰ্থ হৈছে যে তেওঁ আপোনাক প্ৰতাৰণা কৰিছে। 

নিজৰ ওপৰত গুৰুত্ব দিয়া

যদি সংগীয়ে হঠাতে তেওঁৰ চেহেৰাৰ প্ৰতি অধিক মনোযোগ দিয়ে, তেনেহ'লে তেওঁ আপোনাক প্ৰতাৰণা কৰি আন কাৰোবাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰাৰ সেয়া লক্ষণ।

সৰু-সৰু কাজিয়া কৰা 

যেতিয়া আমি কাৰোবাক ভাল পাওঁ, আমি তেওঁৰ সৰু সৰু বস্তুবোৰ উপেক্ষা কৰো।কিন্তু যদি আপোনাৰ সংগী আপোনাৰ প্ৰতিটো সৰু কথাত বিৰক্ত হয়, তেনেহ'লে ইয়াৰ অৰ্থ হৈছে যে তেওঁ আপোনাৰ সৈতে জীৱনটো উপভোগ কৰা নাই। যদিও তেওঁ আপোনাৰ সৈতে আছে, তেওঁ আপোনাৰ পৰা আঁতৰি আহিছে আৰু আপোনাক বিশ্বাসঘাতকতা কৰিব। 

Also Read: সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক সুস্থ নে ? যদি নহয়, এই উপায়সমূহ অৱলম্বন কৰক