বৰদিন উদযাপন কৰিবলৈ এইকেইখন ঠাইলৈ যাওঁক

বৰদিন উদযাপন কৰিবলৈ এইকেইখন ঠাইলৈ
যাওঁক

ডিজিটেল ডেস্ক: বৰদিনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।বৰদিনৰ বন্ধত বহুলোকে পৰিয়ালৰ সৈতে অলপ ব্যতিক্ৰমী ঠাই ভ্ৰমণ কৰিবলৈ বিচাৰে, য'ত তেওঁলোকে এই উৎসৱৰ আনন্দ উপভোগ কৰিব পাৰে। ডিচেম্বৰ মাহত ভ্ৰমণ কৰিবলৈ বতৰো যথেষ্ট ভাল হৈ থাকে। এনে পৰিস্থিতিত যদি আপুনি বৰদিনৰ বন্ধ উদযাপন কৰিবলৈ দেশৰ সৰ্বশ্ৰেষ্ঠ ঠাইৰ সন্ধানত আছে, তেন্তে আজি এই ঠাইকেইখনৰ বিষয়ে জানি লওঁক-

শ্ৰীনগৰ 

কাশ্মীৰৰ শ্ৰীনগৰলৈ গৈ আপুনি আপোনাৰ বৰদিনটো বিশেষ কৰি তুলিব পাৰে। এই ঠাইক পৃথিৱীৰ  স্বৰ্গ বুলি আখ্যা দিয়া হয়। শীতকালত তুষাৰপাতৰ সময়ত এই ঠাই চাৰিওফালে এখন বগা চাদৰৰ দৰে হৈ থাকে। আপুনি শ্ৰীনগৰৰ ওচৰৰ গুলমাৰ্গো ভ্ৰমণ কৰিব পাৰে। গুলমাৰ্গক স্কিয়িং কাৰ্যকলাপৰ বাবে উপযুক্ত স্থান বুলি গণ্য কৰা হয়।

বাৰ’গ 

বৰদিন তথা নৱবৰ্ষত আপুনি হিমাচল প্ৰদেশৰ বাৰ’গলৈও যাব পাৰে। ইয়াত বৰদিনৰ সময়ত যথেষ্ট তুষাৰপাত হয়, যাৰ বাবে পৰ্যটকৰো ভিৰ হয়। বাৰ’গৰ ৰে’ল ষ্টেচনটোও খুবেই বিখ্যাত। এই ষ্টেচনটোক ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰতো অন্তৰ্ভুক্ত কৰা হৈছে।  

মুন্নাৰ 

আপুনি এই সময়ছোৱাৰ কেৰালাৰ মুন্নাৰো ভ্ৰমণ কৰিব পাৰে। ইয়াত সামান্য ঠাণ্ডা থাকে।যদি আপুনি ভ্ৰমণ কৰাৰ তালিকাত মুন্নাৰক অন্তৰ্ভূক্ত কৰিছে, তেন্তে আপুনি ইয়াৰ বিখ্যাত চাহ বাগিচাবোৰ ফুৰিব পাৰে। কেৰালাত বৰদিন বিশেষভাৱে উদযাপন কৰা হয়।

 শ্বিলং 

মেঘালয়ৰ শ্বিলঙো বৰদিন উদযাপনৰ বাবে অতি বিখ্যাত। ইয়াত অধিকাংশই খ্ৰীষ্টান ধৰ্মালম্বী লোকে বাস কৰে। সেয়েহে এই লোকসকলে যীচুখ্ৰীষ্টৰ জন্মজয়ন্তী বৰদিন অতি আড়ম্বৰেৰে উদযাপন কৰে। খ্ৰীষ্টমাছত শ্বিলঙৰ ৰাস্তা, গীৰ্জা তথা মানুহৰ ঘৰবোৰ চাবলৈ বহু পৰ্যটকৰ ভিৰ লাগে।

অউলী

উত্তৰাখণ্ডৰ আউলীক এটা জনপ্ৰিয় পৰ্যটন স্থল। ইয়াক ভাৰতৰ মিনি চুইজাৰলেণ্ড বুলিও কোৱা হয়। শীতকালত ইয়াত যথেষ্ট তুষাৰপাত হয়। চাৰিওফালে বিয়পি থকা বৰফৰ চাদৰখনে ইয়াত সৌন্দৰ্য দহগুণ বৃদ্ধি কৰে। এনে পৰিস্থিতিত, যদি আপুনি বৰফৰ সুন্দৰ দৃশ্য উপভোগ কৰিব বিচাৰে, তেন্তে আপুনি আউলী ভ্ৰমণ কৰিব পাৰে। 

বৰদিন উদযাপন কৰিবলৈ এইকেইখন ঠাইলৈ
যাওঁক
15 Tourist Places in North-East: নতুন বছৰত ভ্ৰমণৰ পৰিকল্পনা? ফুৰক উত্তৰ-পূৱৰ এইসমূহ ঠাই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in