১৩ বছৰীয়া স্কুবা ডাইভাৰৰ অভিনৱ দক্ষতাত স্তম্ভিত বিশ্ব

অভিনৱ দক্ষতা প্ৰদৰ্শন কৰি এইবাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তভূক্ত কৰিলে এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে।কিশোৰীগৰাকীৰ নাম এভেৰী এমাৰ্চন ফিছাৰ।তেওঁ আমেৰিকাৰ বাসিন্দা।

author-image
Asomiya Pratidin
New Update
১৩ বছৰীয়া স্কুবা ডাইভাৰৰ অভিনৱ দক্ষতাত স্তম্ভিত বিশ্ব

ডিজিটেল ডেস্ক: অভিনৱ দক্ষতা প্ৰদৰ্শন কৰি এইবাৰ গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম অন্তভূক্ত কৰিলে এগৰাকী ১৩ বছৰীয়া কিশোৰীয়ে।কিশোৰীগৰাকীৰ নাম এভেৰী এমাৰ্চন ফিছাৰ।তেওঁ আমেৰিকাৰ বাসিন্দা।

হয়, শেহতীয়াকৈ গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে (জিডব্লিউআৰ) তেওঁলোকৰ অফিচিয়েল ইনষ্টাগ্ৰাম পৃষ্ঠাত এটা বিশেষ ভিডিঅ' শ্বেয়াৰ কৰিছে। য'ত এভেৰীক পানীৰ তলত যাদু প্ৰদৰ্শন কৰা দেখা গৈছে।ভিডিঅ'টোত এভেৰীক স্কুবা ডাইভিং গিয়াৰ পিন্ধা তথা বিভিন্ন কৌশল প্ৰদৰ্শন কৰা দেখা গৈছে।খুব কম সময়তে ভাইৰেল হোৱা পৰা এই ভিডিঅ'টোয়ে স্বাভাৱিকভাৱেই সকলোকে স্তম্ভিত কৰিছে। 

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ইনষ্টাগ্ৰামত পৃষ্ঠাত লেখিছে, '১৩ বছৰীয়া স্কুবা ডাইভাৰ এভেৰী এমাৰ্চন ফিছাৰ (আমেৰিকা যুক্তৰাষ্ট্ৰ)ক অভিনন্দন জনাইছো, যিয়ে পানীৰ তলত অভিনৱ যাদু প্ৰদৰ্শন কৰিছে।বহু ছ'চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে এভেৰীক তেওঁৰ কৃতিত্বৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

উল্লেখ্য যে, জিডব্লিউআৰৰ এটা ব্লগৰ প্ৰতিবেদন অনুসৰি, কৰোনা মহামাৰীৰ সময়তে মাত্ৰ ১০ বছৰ বয়সত এভেৰীয়ে যাদুৰ অনুশীলন আৰম্ভ কৰিছিল। তাই স্কুবা ডাইভিঙৰো অনুৰাগী আছিল। স্কুবা ডাইভিংৰ প্ৰতি দুৰ্বলতা তথা যাদুৰ প্ৰতি তাইৰ নতুন প্ৰেমক একত্ৰিত কৰি তিনি মিনিটৰ ভিতৰত পানীৰ তলত সৰ্বাধিক সময় যাদু প্ৰদৰ্শন কৰি এই অভিলেখ ৰচনা কৰে।এভেৰীয়ে এই তিনি মিনিটত ৩৮ টা যাদু প্ৰদৰ্শন কৰিছিল।

Also Read: চিকিৎসালয়ত জন্ম হোৱা সবোতোকৈ অধিক ওজনৰ শিশু হিচাপে গঢ়িলে অভিলেখ