চিকিৎসালয়ত জন্ম হোৱা সবোতোকৈ অধিক ওজনৰ শিশু হিচাপে গঢ়িলে অভিলেখ

জন্ম হৈয়ে অভিলেখ গঢ়িলে এটি নৱজাতকে। এই নৱজাতকটো সাধাৰণ নৱজাতকৰ তুলনাত দুগুণ ডাঙৰ।হয়, ঠিকেই। এই শিশুটোৰ ওজন জন্মৰ সময়ত ১৪ পাউণ্ড, ৮ আউন্স অৰ্থাৎ ৬.৫ কিলোগ্ৰামতকৈও অধিক।এই ল'ৰা শিশুটোয়ে চিকিৎসালয়ত জন্ম হোৱা আটাইতকৈ ডাঙৰ শিশু হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ত জন্ম হোৱা সবোতোকৈ অধিক ওজনৰ শিশু হিচাপে গঢ়িলে অভিলেখ

ডিজিটেল ডেস্ক: জন্ম হৈয়ে অভিলেখ গঢ়িলে এটি নৱজাতকে। এই নৱজাতকটো সাধাৰণ নৱজাতকৰ তুলনাত দুগুণ ডাঙৰ।হয়, ঠিকেই। এই শিশুটোৰ ওজন জন্মৰ সময়ত ১৪ পাউণ্ড, ৮ আউন্স অৰ্থাৎ ৬.৫ কিলোগ্ৰামতকৈও অধিক।এই ল'ৰা শিশুটোয়ে চিকিৎসালয়ত জন্ম হোৱা আটাইতকৈ ডাঙৰ শিশু হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

Advertisment

এই বিশেষ শিশুটো কানাডাৰ অন্টাৰিঅ’ত জন্ম হৈছে।শিশুটোৰ নাম ছ’নী আইৰেছ।শিশুটোৰ মাতৃৰ নাম ব্ৰিটেনি আৰু পিতৃৰ নাম চান্স।ছ’নী ব্ৰিটেনি আৰু চান্সৰ পঞ্চম সন্তান। ব্ৰিটেনি আৰু চান্সে প্ৰথমে আইৰেছৰ আকাৰ দেখি আচৰিত হৈছিল।ছ’নী  আইৰেছৰ জন্ম ২৩ অক্টোবৰত কেমব্ৰিজ মেম'ৰিয়েল হাস্পতালত চিজাৰিয়ান চেক্সনৰ জৰিয়তে হৈছিল। জন্মৰ সময়ত ছ’নী ৫৫ ছেণ্টিমিটাৰ দীঘল। 

হাস্পতালখনৰ চিকিৎসক আৰু নাৰ্চসকলে স্বাভাৱিকভাৱে ছ’নী জন্ম হোৱাৰ পাছত খুব আনন্দ-উল্লাস কৰিছিল। ছ’নী ডাক্তৰে নিৰ্ধাৰণ কৰা তাৰিখতকৈ এসপ্তাহৰ আগতে জন্ম গ্ৰহণ কৰিছিল।এই বিষয়টোৰ সন্দৰ্ভত কেমব্ৰিজ মেম'ৰিয়েল হাস্পতালৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ আছা আহিম্বিচিবৱে প্ৰকাশ কৰা মতে ছ’নীয়েই হৈছে তেওঁৰ কেৰিয়াৰত প্ৰসৱ কৰোৱা আটাইতকৈ ডাঙৰ শিশু। আনহাতে, ছ’নী ২০১০চনৰ পিছত চিকিৎসালয়ত জন্ম হোৱা আটাইতকৈ ডাঙৰ শিশু।

Also Read: পৃথিৱীৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত আছে জানেনে ?