১০০ বছৰ বয়সত লৈছিল বিশ্ব অভিলেখ গঢ়াৰ পণ

সপোন বা ৰুচি পূৰণ কৰাৰ কোনো বয়স নাথাকে। ইয়াকে যেন পুনৰ এবাৰ প্ৰমাণ কৰিলে ১০৪ বছৰীয়া এগৰাকী মহিলাই। হয়, এইগৰাকী বৃদ্ধাই স্কাইডাইভিং কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
১০০ বছৰ বয়সত লৈছিল বিশ্ব অভিলেখ গঢ়াৰ পণ

ডিজিটেল ডেস্ক: সপোন বা ৰুচি পূৰণ কৰাৰ কোনো বয়স নাথাকে। ইয়াকে যেন পুনৰ এবাৰ প্ৰমাণ কৰিলে ১০৪ বছৰীয়া এগৰাকী মহিলাই। হয়, এইগৰাকী বৃদ্ধাই স্কাইডাইভিং কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এই বৃদ্ধাগৰাকীৰ নাম ডৰথী হফনাৰ। ডৰথী চিকাগোৰ বাসিন্দা। তেওঁ ১ অক্টোবৰত ১৩,৫০০ ফুট উচ্চতাৰ পৰা জঁপিয়াই সুৰক্ষিতভাৱে স্কাইডাইভিং কৰে। ডৰথী হফনাৰ স্কাইডাইভিং কৰা পৃথিৱীৰ আটাইতকৈ বয়সীয়াল ব্যক্তি।

ডৰথী হফনাৰে স্কাইডাইভিং কৰা ভিডিঅ'টো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত ডৰথী হফনাৰক ৱাকাৰৰ সৈতে দেখা গৈছে। তাৰ পিছত তেওঁ অটাৱাৰ স্কাইডাইভ চিকাগো বিমানবন্দৰত বিমানৰ পৰা উৰা মাৰি ১৩,৫০০ ফুট উচ্চতাৰ পৰা জঁপিয়াই অলপ সময়ৰ পিছত সুৰক্ষিতভাৱে অৱতৰণ কৰে।অৱতৰণৰ পিছত তেওঁক সকলোয়ে হাত তালিৰে আদৰণি জনায়। এই কৃতিত্বৰ পিছত মহিলাগৰাকীয়ে কয়, ‘স্কাইডাইভিং কৰি বিশ্ব অভিলেখ গঢ়াৰ মোৰ লক্ষ্য আছিল।মোৰ বয়স যেতিয়া ১০০ বছৰ আছিল, ১০০ ফুট উচ্চতাৰ পৰা  স্কাইডাইভিং কৰিছিলো।তাৰ পাছতেই মোৰ বিশ্ব অভিলেখ গঢ়িবলৈ মন গ’ল আৰু এতিয়া সেয়া বাস্তৱো হ’ল।’

Also Read: ৬৫ বছৰে ছুটি নোলোৱাকৈ একেটা প্ৰতিষ্ঠানতে কাম কৰি গঢ়িলে বিশ্ব অভিলেখ