লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযানঃ ড্ৰাগছ সৰবৰাহৰে জড়িত ১৩০ জনক আটক, ৭৫ টাকৈ গোচৰ পঞ্জীয়ন…

লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযানঃ ড্ৰাগছ সৰবৰাহৰে জড়িত ১৩০ জনক আটক, ৭৫ টাকৈ গোচৰ পঞ্জীয়ন…

ডিজিটেল সংবাদ, লখিমপুৰঃ লখিমপুৰৰ এজন আৰক্ষী বিষয়াই এবছৰৰ পূৰ্বে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰত বৃহৎ অভিযান চলাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ত আঘাত কৰিছিল৷ এচাম অসাধু আৰক্ষী বিষয়াৰ নেতৃত্বত লখিমপুৰৰ চোকে-কোণে গঢ়ি উঠা ড্ৰাগছৰ গোপন বজাৰখন উৎখাত কৰিবলৈ সক্ষম হৈছিল সেই গৰাকী আৰক্ষী বিষয়াই৷ ৰাজ্যৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ অপৰাধ শাখাৰ উদাহীনতাত ডীমাপুৰ, পশ্চিমবংগ ,মিজোৰাম ,মণিপুৰ আৰু বাংগালুৰু আদি ঠাইৰ পৰা লখিমপুৰৰ মাজেৰে অৰুণাচল প্ৰদেশৰ ইটানগৰ নাহৰ লগুণলৈ ড্ৰাগছ সৰবৰাহকাৰীয়ে নিষিদ্ধ ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায়ীক সাম্ৰাজ্য গঢ়ি তুলিছিল আৰক্ষীৰ সন্মুখতে ৷

কিন্তু শীৰ্ষ আৰক্ষী আৰু কেতবোৰ বিষয়াই সকলো দেখি শুনিও নৱ প্ৰজন্মক পংগুত্বৰ দিশে ধাৱমান কৰা ড্ৰাগছৰ বিৰুদ্ধে যথোচিত পদক্ষেপ লোৱা নাছিল ৷ উল্লেখযোগ্য যে, ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছিল অসম-অৰুণাচলৰ সীমান্তৰ লখিমপুৰ বান্দৰ দেৱা ৷ বান্দৰ দেৱাক অভিকেন্দ্ৰ হিচাবে লৈ অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তলৈ ড্ৰাগছ সৰবৰাহ হৈছিল ৷ পিছে এই ৰমৰমীয়া ব্যৱসায়ৰ পৃষ্ঠপোষক সকলক এজনৰ পিছত সিজনকৈ আটক কৰি ড্ৰাগছ ব্যৱসায়ৰ বৃহৎ নেটৱৰ্ক লোকচক্ষুৰ সন্মুখলৈ আনি বিহিত পদক্ষেপ লৈছিল সেই সময়ৰ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধিক্ষক প্ৰণৱ কুমাৰ পেগুৱে ৷

আৰক্ষী বিষয়া গৰাকীয়ে নিজা উদ্যোগত লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ আৰক্ষীৰ NDPS টীম গঠন কৰিছিল ৷ এই টীমে ২০১৯ চনৰ পাঁচ মে'ত হাৰমতীৰ পৰা জীতেন বিশ্বাস নামৰ এজন কুখ্যাত ড্ৰাগছ মাফিয়াক ড্ৰাগছৰ সৈতে প্ৰথমে আটক ড্ৰাগছ সৰবৰাহকাৰী নেটৱৰ্ক ধৰা পেলাইছিল ৷ সেই দিনটোৰ পৰা যোৱা ডিচেম্বৰ মাহলৈকে অভিযান চলাই মুঠ ১৩০ জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষী বিষয়া প্ৰণৱ পেগুৰ নেতৃত্বত যোৱা বছৰত ড্ৰাগছ সৰবৰাহৰ অপৰাধত ১৩০ জনক ৭৫ টা গোচৰ পঞ্জীয়ন কৰি জে'ললৈ নিক্ষেপ কৰা হয় ৷

আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত চলা ড্ৰাগছ বিৰোধী অভিযানত লখিমপুৰত চোকে কোণে কাঠফুলাৰ দৰে গঢ়ি উঠা ড্ৰাগছৰ ঘাটি সমূহ উচ্ছেদ হয় ৷ সেই সময়চোৱাত জিলাখনত ৯৬০.৮৭৫ গ্ৰাম হিৰ'ইন ,৩০৪.২৮ কিঃ গ্ৰাঃ কেনেবিচ, ২৩৫৭ টা বিভিন্ন ধৰণৰ নিচাযুক্ত টেবলেট ,৫৬১ টা নিচাযুক্ত ক'ফ চিৰাপ ,২৩খন বাহন ,৬২ টা মোবাইল ফোনৰ লগতে নগদ ১০ লাখ ৬০ হাজাৰ ১৫০ টকা জব্দ কৰিবলৈ সক্ষম হয় NDPS টীমে ৷ এক কথাত ক'বলৈ গ'লে ড্ৰাগছৰ বিৰুদ্ধে লখিমপুৰত আৰক্ষীয়ে যোৱা বছৰটোত ৰাজ্যৰ ভিতৰতে সৰ্ববৃহৎ অভিযান চলাই সফল হৈছিল ৷

বৰ্তমান তিনিচুকীয়া জিলাত কৰ্মৰত এ পি এছ বিষয়া প্ৰণৱ পেগুৰ এই প্ৰচেষ্টাক লখিমপুৰবাসীয়ে ভূয়সী প্ৰশংসা কৰিছিল ৷ কিয়নো এই অভিযানৰ পূৰ্বে ড্ৰাগছৰ কৱলত পৰি লখিমপুৰত কেইবাজনো মেধাৱী কিশোৰ, যুৱকে অকালতে প্ৰাণ হেৰুৱাইছিল ৷ যি সময়ত নগাঁৱৰ আৰক্ষী অধীক্ষক আই পি এছ আনন্দ মিশ্ৰই ড্ৰাগছ বিৰোধী অভিযান চলাই সকলোৱে আস্থা ভাজন হৈছে তাৰ এবছৰ পূৰ্বেই এপি এছ প্ৰণৱ পেগুৱে লখিমপুৰত ড্ৰাগছৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই সফলতা অৰ্জন কৰিছিল ৷ সেই অভিযান এতিয়াও লখিমপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in