বিধায়ক গণেশ লিম্বুক পৰাজিত কৰি কৃষ্ণ ভুজেল হ’ল অসম গোৰ্খা সন্মিলনৰ নতুন সভাপতি

বিধায়ক গণেশ লিম্বুক পৰাজিত কৰি কৃষ্ণ ভুজেল হ’ল অসম গোৰ্খা সন্মিলনৰ নতুন সভাপতি

ডিজিটেল ডেস্কঃ অসম গোৰ্খা সন্মিলনৰ নতুন সভাপতি নিৰ্বাচিত কৃষ্ণ ভুজেল। বাক্সাৰ নিকাছিত অনুষ্ঠিত যোৱা ১৫ মে'ৰ পৰা অনুষ্ঠিত হৈ থকা ২৭ সংখ্যক ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ মাজতে অনুষ্ঠিত হোৱা নতুন সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াই নতুন সভাপতি নিৰ্বাচিত হয় কৃষ্ণ ভুজেল। আনহাতে তেওঁৰ লগতে সভাপতি পদত প্ৰাৰ্থীত্ব আগবঢ়াইছিল বৰচলা সমষ্টিৰ বি জে পি বিধায়ক গণেশ লিম্বুৱে। ভোটগণনাৰ পিছত কৃষ্ণ ভুজেলে ১৪৬৯ টা ভোট লাভ কৰাৰ বিপৰীতে ৬৩২ টা ভোট লাভ কৰে।

উল্লেখ্যে যে অসম গোৰ্খা সন্মিলনৰ বৰ্তমানৰ সভাপতি আছিল তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মা। সন্মিলনৰ নতুন সমিতিখনত কৃষ্ণ ভুজেল সভাপতি, প্ৰেম শৰ্মা কাৰ্যকৰী সভাপতি, বিনোদ খনাল, কৰ্ণ ভুজেল, অজয় কুমাৰ চুব্বা, ছবিলাল শৰ্মা, মোহন চেত্ৰী, চন্দ্ৰ বাহাদুৰ চেত্ৰী, ৰোচনৰাজ চেত্ৰী, পদ্ম শৰ্মা উপ-সভাপতি নিৰ্বাচিত হয়।

মহিলা উপ-সভানেত্ৰীসকল হ'ল কল্পনা শৰ্মা, মিনু চেত্ৰী। মুখ্য সাধাৰণ সম্পাদক লক্ষ্মী চেড়াই। সাধাৰণ সম্পাদক জগদীশ খনাল, অমৰ চেত্ৰী, সঞ্জীৱ চেত্ৰী, কেশৱ শৰ্মা, জয় চুতাৰ। সম্পাদক হয় কৃষ্ণ চেত্ৰী, গিৰিন্দ্ৰ দাহাল, দীপক গজুৰেল, ৰাজেন চেত্ৰী, আৰু মণি কুমাৰ নেৱাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in