কপিলীৰ বানে ভংগ কৰিলে সৰ্বকালৰ ইতিহাস…

কপিলীৰ বানে ভংগ কৰিলে সৰ্বকালৰ ইতিহাস…

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ বানৰ ইতিহাস ভংগ কৰিছে কপিলীয়ে ৷ কপিলীৰ জলপৃষ্ঠই পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি ৬২.১৫ মিটাৰৰ ওপৰেৰে বৈ আছে ৷ ইতিহাসত কপিলীৰ পানী ইমান বৃদ্ধি পোৱাৰ তথ্য নগাঁও জিলা প্ৰশাসনৰ হাতত নাই ৷

২০০৪ চনত নগাঁৱত কপিলীয়ে প্ৰলয়ংকাৰী বানৰ সৃষ্টি কৰিছিল ৷ সেই বৰ্ষত নদীখনৰ জলপৃষ্ঠ ৬১.৭৮ মিটাৰ ওপৰেৰে বৈছিল ৷ এই বাৰ কপিলীয়ে ৰেকৰ্ড ভংগ কৰি ৬২.১৫ মিটাৰৰ ওপৰেদি বৈ আছে ৷

মঙ্গলবাৰৰ শেষ নিশা কপিলীৰ বানে প্লাবিত কৰে কামপুৰ-বৰকোলা-দক্ষিণপাতৰ লোকনিৰ্মাণ বিভাগৰ পথটো ৷ কামপুৰত এই পথৰে সাহাৰ্য অভিযান , উদ্ধাৰ অভিযান আদি চলাই থকা হৈছিল যদিও এই পথটো পানীত ডুবাত নগাঁও জিলা প্ৰশাসন চিন্তাত পৰিছে ৷ ভলভলীয়া গাঁৱত থকা কৃষি বান্ধটো মঙ্গলবাৰে নিশা বানে ডুবাই পেলোৱাৰ বাতৰি পোৱা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in