কলং, ১৩৫ কোটি আৰু ৰাজনীতি …

কলং, ১৩৫ কোটি আৰু ৰাজনীতি …

ডিজিটেল সংবাদ,নগাঁও: কলং সূঁতি অসমৰ সমাজ জীৱনৰ এক সভ্যতা ৷ ব্ৰহ্মপুত্ৰৰ পিছতে স্থান কলং সূঁতিৰ ৷ কলঙৰ পাৰৰ পৰাই সৃষ্টি হৈছে সাহিত্য-সংস্কৃতি-অৰ্থনীতিৰ বুনিয়াদ ৷ চহা জীৱনৰ ৰঙীন জীৱন গাঁঠা ৷

কলঙৰ পাৰত কি নাছিল ? আৰু আজি কি আছে ? নতুন পুৰুষৰ বাবে সাধু সাধু লগা কলঙৰ পাৰ আজি উকা ৷ কলঙৰ আবেগে আজি সাহিত্য সৃষ্টি কৰিব নোৱাৰে ৷ কলঙৰ বাকৰিত আজি সাংস্কৃতিক পৰিবেশ ম্লান ৷ কলং সূঁতিৰৰ পাৰত অৰ্থনীতিৰ বুনিয়াদ গঢ়িব পৰা পৰিবেশ নাই ৷ কলঙক লৈ চহা লোকে সপোন নেদেখে ৷

৬০ বৰ্ষৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰে বিচিন্ন কৰি দিয়া হৈছিল কলং সূঁতিক ৷ মানৱে প্ৰকৃতিৰ ওপৰত চলোৱা নিষ্ঠুৰতা এক ক্ষণ হৈছে – ১৯৬২ চনত কলঙক ব্ৰহ্মপুত্ৰৰে চেদ্দ কৰি দিয়াটো ৷ তেতিয়াৰ পৰা প্ৰান চঞ্চলা কলঙ বন্ধ্যা হৈ পৰিল ৷ ব্ৰহ্মপুত্ৰৰ ওচৰৰ ঘোৰাকাটি বিল আৰু উত্তৰে থকা কুকুৰাকাটা পাহাৰৰ ওচৰত কলঙৰ মূখ বন্ধ কৰি দিয়াৰ লগে লগে এক সভ্যতাৰ ইতি পৰিল ৷

দাবী উঠিল বন্ধ কৰি ৰখা কলঙৰ মুখ বিজ্ঞানসন্মত ভাবে খুলি দিয়াৰ ৷ এই দাবী বিধানসভাৰ মজিয়া পালেগৈ ৷ ২০১৩ চনৰ ১৭ ডিচেম্বৰত বিধান সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয় ৷ কলঙক পুনৰ বোৱাই নিয়াৰ বাবে বিধানসভাত লোৱা প্ৰস্তাৱে তেতিয়া পূৰ্ণতা নাপালে ৷

প্ৰায় দুশ কিলোমিটাৰ দৈৰ্ঘৰ কলঙক বিজ্ঞান সন্মত ভাবে পুনৰ বোৱাবলৈ ২০১৭ চনত চৰকাৰী ভাবে দহ কোটি টকা মোকলাই দিয়া হ'ল ৷ হাতত লোৱা হল " কলঙ পুনৰজ্জীৱিতকৰণ আচঁনি " ৷ ৮০ লাখৰো অধিক টকা ব্যয় কৰি চলোৱা হল জৰিপ ৷

২০২১ চনত ১৩৫ কোটি টকা ব্যয়ৰ এক আচঁনি হাতত লৈ আকৌ লোৱা হ'ল পদক্ষেপ ৷ কলঙৰ মুখ খান্দিবলৈ সেই বৰ্ষৰে ২৯ অক্টোবৰত আৰম্ভ হ'ল হোম যজ্ঞ ৷ ৩০ অক্টোবৰত ধৰ্মীয় নীতিৰে খনন কাৰ্য ৷ চৰকাৰী ভাবে ঘোষনা কৰা হ'ল তিনি মাহৰ সময় ৷ তিনি মাহত কলঙৰ মূখ খান্দি বিজ্ঞান সন্মত ভাবে কলঙক পুনৰ প্ৰাণ চঞ্চল্য কৰি তোলা হ'ব ৷

কিন্তু নহ'ল ৷ ৰাইজে ক'বলৈ ল'লে কলঙ খন্দাৰ নামত নিৰ্বাচন কেন্দ্ৰীক ৰাজনীতি চলা বুলি ৷ ১৩৫ কোটি টকাৰে কলঙৰ মূখত তিনিখন শ্লুইচ গেইট নিৰ্মান হ'ব ৷ প্ৰতিখন শ্লুইচ গেইটত থাকিব ডাবল চাটাৰ ৷ ঘোৰাকাটি বিলৰ আগৰ পৰা ২৫ কিলোমিটাৰ পৰ্যন্ত কলঙক পৰিস্কৰণ কৰি খান্দি নিয়ন্ত্ৰিত ভাবে বোৱাই নিয়া হ'ব ৷

২০২১ চনৰ ৩০ অক্টোৱৰৰ পৰা ২০২২ চনৰ ১০ মে ' ৷ কলঙৰ মূখৰ শ্লুইচ গেইটৰ কামৰ বিশেষ অগ্ৰগতি নাই ৷ ভূ ৰখা মহলৰ মতে ১৩৫ কোটিৰ চাৰি ভাগৰ এভাগ টকাৰ কামৰ বাবেহে ২০২১ চনত চৰকাৰী ভাবে অনুমোদন জনোৱা হৈছে ৷

অভিযোগ মতে মধ্য অসমৰ লোকৰ প্ৰানৰ স্পণ্ডন কলঙৰ বক্ষ বেদখল কৰা একাংশ লোকৰ হাতোৰাত বন্দী শাসক পক্ষ ৷ যাৰ বাবে কলঙ পুনৰুজ্জীবিতকণ আঁচনিয়ে পূৰ্ণতা লভাত হৈছে বিলম্বন ৷ ১২৫ খন ৰাজহ গাঁৱৰ গঞাৰ মূখৰ হাঁহি মূখতে ৰৈ গৈছে ৷ ২৬৩৩০ হেক্টৰ উব্বৰা কৃষি ভূমিৰ সেউজী হোৱাৰ অবকাশ নোহোৱাৰ পথত ৷

সভ্যতা – সংস্কৃতি ৰক্ষাৰ যুঁজত অবৰ্তীন্ন দিচপুৰৰ আজিৰ চৰকাৰ বেদখল কাৰীৰ পক্ষত থাকি কলঙৰ সভ্যতাক লৈ আবেগিক ৰাজনীতি কৰি থাকিব নেকি ? নে আঁচনি গ্ৰহণ কৰি কলঙ পুনৰুজ্জীৱিত কৰণৰ দৰে গুৰুত্বপূৰ্ণ বিষয়টো কাৰ্যকৰী কৰনৰ ক্ষেত্ৰত হেমাহি কৰি থাকিব – এই বিষয়ক লৈ মধ্য অসমৰ ৰাইজৰ মাজত চিন্তাৰ উকমুকনি ঘটিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in